নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিত নৱম শ্ৰেণীৰ ছাত্ৰীক চাইকেল বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশেষ বাৰ্তা, ১২ অক্টোবৰ : মন্ত্ৰী পীযুষ হাজৰীকাই আজি  আবেলি হাইলাকান্দিত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ আগবঢ়োৱা চাইকেল বিতৰণৰ আৰম্ভণি কৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত প্ৰায় ৩.৬৯ লাখ শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰাৰ আঁচনিৰ অধীনত ৰাজ্যযুৰি কাৰ্যসূচী গ্ৰহণ কৰিছে। মন্ত্ৰী হাজৰীকাই আজি অংশ লোৱা হাইলাকান্দি জিলাত মুঠ ৭৭৪৯গৰাকীয়ে চৰকাৰৰ পৰা চাইকেল লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি আনুষ্ঠানিকভাৱে জিলাখনত চাইকেল বিতৰণ কাৰ্যসূচী আৰম্ভ কৰি উপস্থিত প্ৰায় তিনি হাজাৰৰোধিক শিক্ষাৰ্থীক উদ্দেশ্যি কয় যে তেওঁলোকে জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰমেৰে পঢ়া-শুনা কৰিবই লাগিব। কঠোৰ অধ্যৱসায়েৰে ভাৰতীয় নাগৰিকে ভাৰততে আনুষ্ঠানিক শিক্ষা লাভ কৰি গুগল, মাইক্ৰ’চফ্ট আদি বৃহৎ কোম্পানীৰ শীৰ্ষ পদবী লাভ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই শিক্ষাৰ্থীসকলক ভালদৰে অধ্যয়ন কৰিবলৈ আহ্বান জনায়। প্ৰশাসনিক বিষয়া, আৰক্ষী বিষয়া, চিকিৎসক, বিজ্ঞানী আদিৰ লগতে আজিকালি ৰাজনীতিৰ ক্ষেত্ৰখনত সফল হ’বলৈও আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষা অবিহনে জীৱনত কোনো ক্ষেত্ৰতে প্ৰতিষ্ঠা লাভ কৰিব পৰা নাযায়। আনহাতে শিক্ষা আৰু প্ৰতিষ্ঠা লাভ কৰাৰ সমান্তৰালভাৱে আমি সকলোৱে সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰিব লাগে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই শিক্ষাৰ্থীসকলক দেশ আৰু সমাজৰ প্ৰতি দায়বদ্ধ হৈ জীৱনত আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায়। কাৰ্যসূচীত মন্ত্ৰীগৰাকীক বিধায়কত্ৰয় কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু বিজয় মালাকাৰে সংগ দিয়ে ।

You might also like