বিশেষ বাৰ্তা, ১২ অক্টোবৰঃ গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত অৰূপ ডেকাৰ জামিন আজি মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। নুনমাটিত মাতৃ-পুত্রৰ চাঞ্চল্যকৰ হত্যাকাণ্ডত অভিযুক্ত আছিল অৰূপ। ৫০ হাজাৰ টকাৰ আমানত ধন আৰু দুজন জামিনদাৰৰ বিনিময়ত জামিন মঞ্জুৰ কৰাৰ লগে লগে চাঞ্চল্যকৰ ডাবল মার্ডাৰৰ অভিযুক্ত অৰূপ ডেকা মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্রশস্ত হ’ল৷ অৱশ্যে জামিন মঞ্জুৰ কৰিলেও অভিযুক্তজনক উচ্চ ন্যায়ালয়ে কেইবাটাও চর্ত বান্ধি দিছে৷ সেই অনুসৰি গোচৰটোৰ বিচাৰপ্রক্রিয়া চলি থকা কামৰূপ মহানগৰ জিলাৰ সত্র ন্যায়াধীশৰ আদালতত নিয়মীয়াভাৱে হাজিৰ হ’ব লাগিব অৰূপ ডেকা৷ তদুপৰি জামিনত মুক্তি লাভ কৰাৰ দিনাই তেওঁ গোচৰটো ভাৰপ্রাপ্ত বিষয়াৰ ওচৰত হাজিৰ হ’ব লাগিব৷ পৰৱর্তী সময়ত প্রতি সপ্তাহতে দুদিনকৈ তেওঁ নুনমাটি আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াৰ ওচৰত হাজিৰ হ’ব লাগিব বুলিও উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে৷ এইক্ষেত্রত নুনমাটি আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াই অভিযুক্তজনৰ উপস্থিতি পঞ্জীয়ন কৰিব লাগিব৷ একে সময়তে নুনমাটি আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াৰ ওচৰত নিজৰ বায়’মেট্রিক সবিশেষ দাখিল করিব লাগিব৷ জামিনত থকাৰ সময়ছোৱাত তেওঁৰ ঠিকনা, যোগাযোগ ব্যৱস্থা আদি ভাৰপ্রাপ্ত বিষয়াজনক অৰূপ ডেকাই সদৰী কৰিব লাগিব৷ তদুপৰি জামিনত থকাৰ সময়ছোৱাত কোনো সাক্ষীক অভিযুক্তজনে প্রভাৱান্বিত কৰিব নোৱাৰিব৷ জামিনত থকাৰ সময়ছোৱাত এই চর্তসমূহ ভংগ কৰিলে তেওঁৰ জামিন মঞ্জুৰিৰ নির্দেশনা বাতিল কৰা হ’ব বুলিও উচ্চ ন্যায়ালয়ে সদৰী কৰে৷