🔴১০ নৱেম্বৰৰ পৰা অৰুণোদয়ৰ হিতাধিকাৰীৰ একাউণ্টত সোমাব ১২৫০ টকা
🔴২৭ লাখ মহিলাক সামৰি লৈছে অৰুণোদয়ে
🔴অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়াৰ পণ
বিশেষ বাৰ্তা, ১২ অক্টোবৰঃ ৰাজ্যত আৰম্ভ অৰুণোদয়ৰ এক অনিৰ্বাণ যাত্ৰা। কালিৰে পৰা পুনৰ আৰম্ভ হোৱা এই যাত্ৰাত ৰাজ্যৰ দুৰ্বল শ্ৰেণীৰ মহিলাক অৰুণোদয়ৰ জৰিয়তে জীৱনৰ পৰিবৰ্তন অনাৰ প্ৰয়াস চলোৱা হৈছে। এই অৰুণোদয় আঁচনি সদায় দুখীয়া মহিলাৰ বাবে চিৰ বিৰাজমান হৈ থাকিব। -এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত মহিলা সবলীকৰণৰে পৰিয়াল তথা অসম সবলীকৰণৰ অন্যতম সফল আঁচনি অৰুণোদয় ২.0 মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা ১০ নৱেম্বৰৰ পৰা অৰুণোদয় হিতাধিকৰীৰ একাউণ্ট ত ১২৫০ টকাকৈ জমা হব। যেতিয়ালৈকে হিতাধীকৰীয়ে এই আঁচনি বিচাৰি থাকিব তেতিয়ালৈকে এই টকা লাভ কৰি থাকিব বুলি ভাষণত উল্লেখ কৰি ড০ শৰ্মা ই কয় যে জীৱনত আৰ্থিক পৰিবৰ্তন অহাৰ পাছত প্ৰায় এক লাখ মহিলাই এই আঁচনি চৰকাৰক পুনৰ ওভোটাই দিছে। দুখীয়া মহিলাই লাভ কৰা এই ১২৫০ টকাৰে মহিলাগৰাকীয়ে ২৫০ টকা বিদ্যুৎ মাচুল, স্বাস্থ্যৰ বাবে ৪০০ টকা, কবিভ সুস্থ পৰিস্থিতিত লগা ধাৰ পৰিশোধ কৰি সকাহ পাবৰ বাবে ১৭০ টকা, ফলমূলত ১৫০ টকা, ৰাজসাহায্য চাৰি কেজি চেনীৰ বাবে ৮০ টকা, মাহ জাতীয় খাদ্যৰ বাবে ২০০ টকা ব্যয় কৰিব পৰিব বুলি কয়। এই আঁচনিৰ মালিক মহিলা বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই স্বামীৰ কষ্টক সকাহ দিয়াৰ বাবে এই প্ৰচেষ্টা লোৱা বুলি কৈ তেওঁ এই আঁচনিত স্বামীক জৰিত নকৰিবলৈ মহিলা হিতাধিকাৰীক আহবান জনায়। আই মাতৃ আৰু দৰিদ্য পৰিয়ালক সকাহ দি এমুঠি হাঁহি বিৰিঙাবলৈ কৰা এই প্রয়াসক একাংশই সমালোচনা কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ বিপৰীতে কোনো কৰ কাটল লগোৱা নাই। এই আঁচনিত প্ৰথমে ১০ লাখ পৰবৰ্তী সময়ত ১৭ লাখ আৰু নতুনকৈ ১০ লাখ মুঠ ২৭ লাখ মহিলাক সামৰি লোৱা হৈছে। অহা বৰ্ষত আৰু ৫ লাখ মহিলাক সংযুক্ত কৰি মুঠ ৩২ লাখ মহিলাৰ আৰ্থিক দিশ সুনিশ্চিত কৰাৰ লক্ষ্য স্থিৰ কৰা বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰত্যেক বছৰে জুন মাহত হিতাধীকাৰীৰ ঘৰলৈ লৈ জীৱিত আছে নে মৃত তাৰ পৰ্যবেক্ষণ কৰা হব বুলি উল্লেখ কৰি ড০ শৰ্মাই অহা ডিচেম্বৰ মাহৰ পৰা যিসমূহ আত্মসহায়ক গোট আছে সেই সমূহক হাঁহ কুকুৰা আদি পুহি স্বাৱলম্বী হবলৈ ১০ হেজাৰ কৈ টকা দিয়া হব বুলি কয়। যিসমূহ আত্মসহায়ক গোটে টকাৰ সদব্যবহাৰ কৰে তেওঁলোকক পুনৰ ১৫ হাজাৰকৈ টকা চৰকাৰে প্ৰদান কৰিব বুলি মন্তব্য কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সম্প্রতি অসমত বিকাশৰ গংগা বোৱাই অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলা হব বুলি কয়।
প্ৰেৰক ৰঞ্জিত ভূঞা