নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাৰ গুলীচালনাৰ ঘটনাত পত্নী জড়িতৰ অভিযোগ

🔹 সন্ধিয়াৰ মহানগৰীৰ হাই ছিকিউৰিটী জ’নত শিহৰণকাৰী ঘটনা

🔹 খানাপাৰাৰ ঘটনাস্থলীত ক্ৰাইম ব্ৰাঞ্চৰ দল

🔹 অঞ্জন নাথৰ হত্যাকাণ্ডত পত্নী জড়িতৰ বিস্ফোৰক অভিযোগ জ্যেষ্ঠ ভাতৃৰ

🔹 ঘটনা সন্দৰ্ভত নাথৰ পত্নীৰ বিৰুদ্ধে বশিষ্ঠ থানাত গোচৰ তৰে পৰিয়ালটোৱে

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ অক্টোবৰ : আৰক্ষী–নিৰাপত্তাৰক্ষী গিজ্গিজাই থকা সত্ত্বেও কালি নিশা দুচকীয়া বাহনত অহা দুর্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে এগৰাকী যুৱকক৷ মহানগৰীৰ অতিকে সুৰক্ষিত এলেকা হিচাপে বিবেচিত খানাপাৰাৰ কইনাধৰাৰ সমীপৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হৈছে দুর্ভাগ্যজনক শিহৰণকাৰী ঘটনাটো৷ মৃত যুৱকজন বশিষ্ঠৰ লতাকটাৰ পিলিংকাটাৰ অঞ্জন নাথ (২৭) ৷ উল্লেখ্য যে কালি নিশা প্রায় ৮.১০ বজাত সংঘটিত হয় ঘটনাটো৷ অঞ্চলটোৰ একাংশ প্রত্যক্ষদর্শীয়ে সদৰী কৰা মতে, কইনাধৰাৰ মেট্র’ হাস্পতালৰ সন্মুখত নিজৰ এ এছ-০১ বি এম-৬৬১৪ নম্বৰৰ পালছাৰ ২২০ বাইকত বহি আছিল যুৱকজন৷ বাইকত বহি ম’বাইল চাই আছিল যুৱকজনে৷ ঠিক তেনে সময়তে খানাপাৰাৰ দিশৰ পৰা এখন দুচকীয়া বাহনত অহা হেলমেট পৰিহিত এজন দুর্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলী কৰে যুৱকজনক৷ সোঁফালৰ বুকুত গুলীবিদ্ধ হোৱা যুৱকজন লগে লগে সংজ্ঞাহীন হৈ পৰে৷ ইপিনে, গুলীচালনা কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুর্বৃত্তজনে৷ আচম্বিতে সংঘটিত ঘটনাটোৰ পিছতেই অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি হয়৷ একাংশ লোকে লগে লগেই গুলীবিদ্ধ যুৱকজনক সমীপতে থকা মেট্র’ হাস্পতাললৈ চিকিৎসাৰ বাবে নিয়ে৷ কিন্তু নিশা ৯.১৭ বজাত চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ জানিব পৰা মতে, বশিষ্ঠ চাৰিআলিৰ ওঝা জেচিবি নামৰ প্রতিষ্ঠানটোত কর্মচাৰী হিচাপে নিয়োজিত আছিল অঞ্জন নাথ৷ ঘটনাটো সংঘটিত হোৱা মেট্র’ হাস্পতালৰ সমীপৰ উদয় নগৰত অঞ্জন নাথৰ পত্নীৰ ঘৰ৷ কালি নিশা পত্নীক ঘৰলৈ নিয়াৰ উদ্দেশ্যে যুৱকজনে আহি মেট্র’ হাস্পতালৰ সমীপত নিজৰ বাইকত বহি অপেক্ষা কৰি আছিল৷ এটা ব্যক্তিগত প্রতিষ্ঠানত কর্মৰত যুৱকজনক কোনে কি কাৰণত হত্যা কৰিলে, সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও জানিব পৰা মতে এসপ্তাহ পূর্বে বশিষ্ঠ চাৰিআলিত পত্নীসহ নতুনকৈ ভাৰা লোৱা এটা ঘৰত যুৱকজনে থাকিবলৈ আৰম্ভ কৰিছিল৷ অঞ্চলটোৰ একাংশ লোকে জানিবলৈ দিয়া মতে যুৱকজনৰ পত্নী পূর্বে বিবাহিত৷ কিন্তু প্রেমজনিত সম্পর্কৰ বাবে তেওঁক অঞ্জন নাথে বিয়া কৰাইছিল৷ অঞ্জন নাথ মহিলাগৰাকীৰ দ্বিতীয় স্বামী আছিল৷ হত্যাকাণ্ডটোৰ সৈতে পত্নীৰ পূর্বৰ বিবাহৰ সম্পর্ক থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে উদয় নগৰৰ একাংশ লোকে৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে সকলো কাৰণ পোহৰলৈ আহিব৷ মহানগৰ আৰক্ষী, অপৰাধ শাখা আৰু ফৰেনছিকৰ দলে ঘটনাস্থলীত উপস্থিত হৈ বিভিন্ন তথ্য–প্রমাণ যুগুত কৰিছে৷ ইপিনে, ঘটনাটো সংঘটিত হোৱাৰ পিছতেই কইনাধৰাৰ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী সঞ্চালকপ্রধান জ্ঞানেন্দ্র প্রতাপ সিং৷ অৱশ্যে ডিজিপি অহাৰ পূর্বেই গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ লগতে অপৰাধ শাখাৰ এটা দলে তদন্ত আৰম্ভ কৰে ৷ আজি খানাপাৰাৰ ঘটনাস্থলীত ক্ৰাইম ব্ৰাঞ্চৰ দল উপস্থিত হয়। ইপিনে, অঞ্জন নাথৰ হত্যাকাণ্ডত পত্নী গীতাশ্ৰী সিং জড়িত থকাৰ বিস্ফোৰক অভিযোগ কৰিছে অঞ্জনৰ জ্যেষ্ঠ ভাতৃয়ে। ঘটনা সন্দৰ্ভত বশিষ্ঠ থানাত গোচৰ ৰুজু কৰে পৰিয়ালটোৱে। অঞ্জন নাথৰ পত্নীৰ বিৰুদ্ধে গোচৰ তৰে। পত্নীয়ে ষড়যন্ত্ৰ কৰি হত্যা কৰাৰ সন্দেহ পৰিয়ালটোৰ। আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে ঘটনাটোক দুর্ভাগ্যজনক আখ্যা দিয়ে।

You might also like