🔹 ভূৰাগাঁও সমবায় সমিতিৰ সভাপতি-সম্পাদকসহ আটক ৪
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ : মৰিগাঁও জিলাৰ ভূৰাগাঁৱত দৰিদ্ৰ হিতাধীকাৰীৰ বাবে আবণ্টিত চাউলৰ চোৰাং ব্যৱসায় অব্যাহত আছে। যোৱানিশা ভূৰাগাঁও সমবায় সমিতিৰ ১৭০ বেগ চৰকাৰী চাউল বিক্ৰী কৰাৰ সময়তেই চোৰাং ব্যৱসায়ীৰ ঘৰৰ পৰা জব্দ কৰে। যোৱানিশা প্ৰায় ১২ বজাত ভূৰাগাঁও চাৰিআলিৰ পাইকাৰী গেলামাল দোকানী চঞ্চল দে’ৰ ঘৰত এ এছ-২৫-০২৪৫ নম্বৰৰ ট্ৰাকৰ পৰা চাউল নমাই থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ভূৰাগাঁও আৰক্ষীক খবৰ দিয়ে। লগে লগে ভূৰাগাঁও আৰক্ষী উপস্থিত হৈ ট্ৰাকসহ ১৭০ বেগ চাউল জব্দ কৰে। পিছত এই চাউলখিনি ভূৰাগাঁও সমবায় সমিতিৰ বুলি নিশ্চিত হয়। আৰক্ষীয়ে ভূৰাগাঁও সমবায় সমিতিৰ সভাপতি ছাইফুল ইছলাম, সম্পাদক হাছেন আলী, চোৰাং ব্যৱসায়ী চঞ্চল দে’ আৰু ট্ৰাকৰ চালক ৰামা চন্দ্ৰ চৌহানক আটক কৰে। এই সন্দৰ্ভত ভূৰাগাঁও আৰক্ষীয়ে আটকাধীন চাৰিওকে জেৰা অব্যাহত ৰাখিছে। ভূৰাগাঁও সমবায় সমিতিত কেইবাশ কুইন্টল চৰকাৰী চাউল চোৰাংকৈ বিক্ৰী কৰাৰ অভিযোগ উঠিছে। আৰক্ষী আৰু মৰিগাঁও জিলা যোগান বিভাগৰ তদন্তত চাউল কেলেংকাৰিৰ প্ৰকৃত তথ্য উদঘাটন হব। চৰকাৰী চাউল জব্দ আৰু ভূৰাগাঁও সমবায় সমিতিৰ সভাপতি আৰু সম্পাদক আটক হোৱা ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰেৰক আবুল কালাম