নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ সৈতে দিলে চিমেণ্ট

বিশেষ বাৰ্তা, ১৩ অক্টোবৰ : ৰাজ্য চৰকাৰে যোগান ধৰি অহা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ চাউলত এইবাৰ চিমেণ্ট ওলোৱা কাৰ্যই লখিমপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ ব্যক্তিৰ বাবে  আবণ্টিত এনে চাউলত প্ৰায়ে কয়লা, ঘেঁহু, চিমেণ্ট, ধান আদি ওলোৱা কাৰ্যই লখিমপুৰত প্ৰতিক্ৰিয়া সৃষ্টি কৰি অহাৰ সময়তে কালি ভাৰতীয় খাদ্য নিগমে যোগান ধৰা পি ডি এছৰ চাউলত চিমেণ্ট ওলোৱা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, লখিমপুৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অন্তৰ্গত তেলাহী সমবায় সমিতিলৈ ভাৰতীয় খাদ্য নিগমে প্ৰেৰণ কৰা ১২শ কুইণ্টল চাউলৰ মাজত প্ৰায় ৬টা বস্তা চাউলত চিমেণ্ট মিহলি চাউল ওলোৱা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে৷ যোৱা ২৮ ছেপ্টেম্বৰত লখিমপুৰৰ জাপিসজীয়াস্থ ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা তেলাহী সমবায় সমিতিলৈ প্ৰেৰণ কৰা অক্টোবৰ মাহৰ এই ১২শ কুইণ্টল চাউলৰ ভিতৰত প্ৰায় ৩ কুইণ্টল চাউলত এনেদৰে চিমেণ্ট মিহলি চাউল প্ৰত্যক্ষ কৰি সমবায়ৰ বিষয়া-কৰ্মচাৰী, এজেন্টসকল হতভম্ব হৈ পৰে ৷ ইয়াৰ পূৰ্বেও জিলাখনৰ বগীনদী, তেলাহী, পানীগাঁও, নাওবৈচা, শিঙৰা, ৰঙানদী আদি সমবায় সমিতিসমূহলৈ মাজে সময়ে প্ৰেৰণ কৰা  চাউলত এনেদৰে কয়লা, ঘেঁহু, ধান, চিমেণ্ট আদি মিহল হোৱা চাউলৰ বস্তা প্ৰায়ে ওলায় বুলি সমবায়ৰ এক সূত্ৰই সদৰী কৰিছে ৷ লক্ষণীয় কথা যে ভাৰতীয় খাদ্য নিগমে যোগান ধৰা এই চাউলসমূহ ৰে’লযোগে জাপিসজীয়াস্থিত ভাৰতীয় খাদ্য নিগমৰ গুদামলৈ অনা হয়৷ ৰে’লৰ দবাৰ ভিতৰত এনেদৰে চাউলসমূহ মিহলি হয় বুলি অভিযোগ উঠিছে৷

 

প্ৰেৰক নিতুল বৰা

You might also like