বিশেষ বাৰ্তা, ১৩ অক্টোবৰঃ মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত কাকজান চাহ বাগিচাত আজি এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয়। কাকজান চাহ বাগিচাৰ পকা লাইনৰ সমীপত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত নাহৰফুটুকীটো আৱদ্ধ হয়। বিগত বহুদিন ধৰি নাহৰফুটুকীটোৱে বাগিচাখনত মুক্ত বিচৰণ কৰি সন্ত্ৰাস চলাই আহিছিল। বাগিচাখনৰ বাসিন্দাসকলৰ পশুধন বধ কৰি ভক্ষণ কৰাৰ লগতে নাহৰফুটুকীটোৱে দিনদুপৰতে গৰু ছাগলী আদি বধ কৰিছিল। ফলত অঞ্চলটোৰ লোকসকলৰ মাজত আতংকৰ ভাৱ বিয়পি পৰিছিল। বাগিচাখনত কাম কৰিবলৈ যোৱা শ্ৰমিক কেবাদিনো নাহৰফুটুকীটোৰ মুখামুখি হৈছিল। এই সন্দৰ্ভত বন বিভাগক অৱগত কৰাৰ পিছত বিগত বুধবাৰে উক্ত অঞ্চলত পিঞ্জৰা স্থাপন কৰে। যোৱানিশা পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকীটো চাবলৈ আজি সহস্ৰাধিক লোকৰ আগমন হয়। মানুহৰ সমাগমৰ বাবে পিঞ্জৰাত খুন্দিয়াই নাহৰফুটুকীটোৱে মুৰত আঘাতো পায়। পিছত বন বিভাগে পিঞ্জৰাত আৱদ্ধ নাহৰফুটুকীটোৰ প্ৰাথমিক চিকিৎসা প্ৰদান কৰি কাজিৰঙালৈ প্ৰেৰণ কৰে। স্থানীয় ৰাইজৰ মতে, সেই অঞ্চলত অধিক নাহৰফুটুকী থকাৰ সম্ভাৱনা আছে। এইক্ষেত্ৰত ব্যৱস্থা ল’বলৈ বন বিভাগৰ প্ৰতি অঞ্চলটোৰ ৰাইজে আহ্বান জনাইছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া