নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিৰেণ ৰিজিজুক মিজোৰামৰ নিৰ্বাচনী প্ৰভাৰীৰ দায়িত্ব বিজেপিৰ

বিশেষ বাৰ্তা, ১৩ অক্টোবৰঃ মিজোৰাম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক ৰাজ্যখনৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়ে বিজেপিয়ে। নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী য়ান্থুংগো পেটন আৰু অনিল এণ্টনীক সহ-ভাৰপ্ৰাপ্ত দায়িত্ব প্ৰদান কৰা হৈছে। বিজেপিয়ে যতীন্দৰ পাল মালহোত্ৰাক চণ্ডীগড় বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিছে। বিজেপিয়ে কয় যে এই নিযুক্তি তৎকালীনভাৱে কাৰ্যকৰী হ’ব। আচলতে ৭ নৱেম্বৰত মিজোৰামৰ ৪০খন বিধানসভাৰ আটাইকেইখন আসনৰ বাবে ভোটদান কৰা হ’ব। বৰ্তমান জোৰামথাংগাৰ নেতৃত্বত ৰাজ্যখনত ক্ষমতাত আছে মিজো নেচনেল ফ্ৰন্ট। বিগত বিধানসভা নিৰ্বাচনত এম এন এফে ২৬খন আসন লাভ কৰিছিল। জোৰাম পিপলছ মুভমেণ্টে ৮খন আৰু কংগ্ৰেছে ৫খন আসন লাভ কৰিছিল।

You might also like