নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ : মাৰ্ঘেৰিটা ডিৰক চাহ বাগিচাৰ ১৫ নং লাইনত বন্যহস্তীৰ সন্ত্ৰাস। দেওবাৰে পুৱতি নিশা খাদ্যৰ সন্ধানত অহা এটা বন্যহস্তীয়ে অঞ্চলটোৰ ৪টাকৈ বাসগৃহ লণ্ডভণ্ড কৰে। অঞ্চলটোৰ ৪টাকৈ দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ বন্যহস্তীয়ে লণ্ডভণ্ড কৰাত পৰিয়ালকেইটাই মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। ভুক্তভোগী পৰিয়ালকেইটা ক্ৰমে শোমাই কান্দিৰ, ৰিমিশ আলক্ষীশ, সংগীতা ভৌমিজ, বুটি গড় । ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱা বন বিভাগৰ লোকে ভুক্তভোগী পৰিয়ালকেইটাক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত ল’ব লগা ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। এইক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয়ে ৰাইজে অনুৰোধ জনাইছে। এইক্ষেত্ৰত বিধায়ক ভাস্কৰ শৰ্মা আৰু ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী ৰঞ্জিত ৰামক বিহিত ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোত বন্যহস্তীয়ে জীৱন- সম্পত্তি নষ্ট কৰা ৰাইজক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে।
প্ৰেৰক মানস প্ৰতিম গগৈ