নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ কঢ়া নৈৰ পাৰত ‘কঢ়া পাৰৰ মালিতা’

🔹 ড০ কেশৱ হাজৰিকাৰ “সাহিত্য আৰু চিন্তা” উন্মোচন

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ : “কবিতাৰ ভাষা কেৱল প্ৰেম-ভালপোৱাতে সীমাবদ্ধ থাকিলে নহ’ব; কবিতাৰ ভাষাত থাকিব লাগিব খাটি খোৱা জনাতাৰ তেজ-ঘামৰ কথা; সমাজ, দেশৰ পৰিৱেশ-পৰিস্থিতিৰ কথা। তদুপৰি নিজৰ সচেতন সামাজিক চিন্তা-চেতনাও প্ৰতিফলিত হ’ব লাগিব কবিতাত । তেতিয়াহে কবিতা মানৱ সমাজৰ ভাষা হৈ ৰ’ব চিৰদিন- চিৰকাল।”- এই মন্তব্য ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা কবি, লেখক ড০ জিতু কুমাৰ চমুৱাৰ। ঢকুৱাখনা আৰু ঘিলামৰাৰ একাংশ সাহিত্যানুৰাগী লোকৰ উদ্যোগত আজি কঢ়া নৈৰ পাৰত শুকুলা কঁহুৱাই হালি-জালি থকা অৰণ্যৰ মাজত আয়োজন কৰা “কঢ়া পাৰৰ মালিতা” শীৰ্ষক কাব্য অনুষ্ঠানৰ উদ্বোধক ৰূপে উপস্থিত থাকি  বিশিষ্ট লেখক, গৱেষক ড০ কেশৱ হাজৰিকাৰ নৱতম গ্ৰন্থ “সাহিত্য আৰু চিন্তা” উন্মোচন কৰি কবি, লেখক ড০ চমুৱাই আৰু কয় যে ড০ কেশৱ হাজৰিকাৰ প্ৰতিটো লেখাই চিন্তাকৰ্ষক আৰু গৱেষণাৰ সমল থকা লেখা। সাহিত্য আৰু চিন্তা- এই গ্ৰন্থৰ লেখাবোৰতো তেওঁৰ গভীৰ অধ্যয়ন আৰু চিন্তাপুষ্ট দৃষ্টিভংগীৰ আভাস পোৱা গৈছে। উল্লেখ্য যে ঘিলামৰাৰ কবি, লেখক দুলাল দিহিঙীয়াই আঁত ধৰা আৰু ড০ কেশৱ হাজৰিকাই সঞ্চালনা কৰা
এই “কঢ়া পাৰৰ মালিতা” শীৰ্ষক শাৰদীয় কবি সন্মিলনত অংশগ্ৰহণ কৰি নৱনীতা গগৈ, ৰঞ্জিতা চেতিয়া, গায়ত্ৰী চুতীয়া, ৰাজীৱ বৰুৱা, প্ৰতিমা বুঢ়াগোহাঁই, অমৰজ্যোতি ঘোষ, দীপাংকৰ চেতিয়া, ৰাতুল বৰুৱা, দুলাল দিহিঙীয়া আদি কেইবাজনো নবীন-প্ৰবীণ কবিয়ে কবিতা পাঠ কৰে।

 

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like