নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংস্কৃতিক মহাৰণৰ এছঅ’পি

🔹 প্রতিযোগীয়ে নিজেই নির্বাচন কৰিব লাগিব গীত

🔹 পৰম্পৰাগত নৃত্যত ৰেহাই দিয়া হ’ব বয়স

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ অক্টোবৰ : গাঁৱে–ভূঞে লুকাই থকা প্রতিভাসমূহক মঞ্চ প্রদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আয়োজন কৰা অসম সাংস্কৃতিক মহাসংগ্রামৰ এখন অতিৰিক্ত এছঅ’পি জাৰি কৰা হৈছে৷ সাংস্কৃতিক সঞ্চালকে জাৰি কৰা এই নতুন এছঅ’পিত কেইবাটাও নীতি–নিয়ম প্রতিযোগীসকলৰ বাবে নির্ধাৰণ কৰি দিয়া হৈছে৷ সেই অনুসৰি পৰম্পৰাগত নৃত্য প্রতিযোগিতাৰ বাবে প্রতিযোগীসকলৰ বয়স ৰেহাই দিয়া হৈছে৷ ১২–১৮ বছৰ বয়সৰ নৃত্যদলসমূহৰ ক্ষেত্রত তিনিগৰাকী বাদ্যযন্ত্রীয়ে বয়সৰ কোনো সীমা নথকাকৈ বাদ্যযন্ত্র বজাবৰ বাবে অংশগ্রহণ কৰিব পাৰিব৷ ১৫জনীয়া দলৰ ভিতৰত তিনিজনীয়া বাদ্যযন্ত্রীক অনুমতি প্রদান কৰা হৈছে৷ আনহাতে, ১৯–২৪ বছৰ বয়সৰ দলৰ ক্ষেত্রত বয়সৰ সীমা অবিহনে দুজন বাদ্যযন্ত্রীয়ে অংশগ্রহণ কৰিব পাৰিব৷ তদুপৰি ২৫–৩৫ বছৰীয়া দলৰ ক্ষেত্রত কোনো বয়সৰ বাধা নথকাকৈ দুজন বাদ্যযন্ত্রীয়ে অংশগ্রহণ কৰিব পাৰিব৷ নৃত্যদলসমূহত অংশগ্রহণ কৰা বয়সৰ সীমা নথকা বাদ্যযন্ত্রীয়ে বিচাৰকৰ সুবিধাৰ বাবে ‘ব্রুছ পিন’ লগাব লাগিব৷ আনহাতে, সংগীত প্রতিযোগিতাৰ বাবে চাৰিওটা শাখাত প্রতিযোগীৰ বাবে কোনোধৰণৰ গীত নির্বাচন কৰি দিয়া নহ’ব৷ জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্রসাদ ৰাভা, ড০ ভূপেন হাজৰিকা আৰু কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে ৰচনা কৰা যিকোনো গীত প্রতিযোগীসকলে বাছি ল’ব পাৰিব৷ কেৱল গাঁও পঞ্চায়ত পর্যায়তহে এগৰাকী প্রতিযোগীৰ পৰিৱেশনৰ সময়ত গীতৰ লিখিত কথা চাব পাৰিব৷ সমষ্টি পর্যায়ত অথবা তাতোকৈ উচ্চ পর্যায়ত প্রতিযোগীসকলে পৰিৱেশনৰ বাবে গীতৰ লিখিত প্রতিলিপি ব্যৱহাৰ কৰিব নোৱাৰিব৷ বিজয়ী প্রতিযোগীসকলে প্রতিটো পর্যায়তে পৃথক পৃথক গীত পৰিৱেশন কৰিব লাগিব৷ আনহাতে, নৃত্য প্রতিযোগিতাৰ ক্ষেত্রত প্রতিযোগীসকলে কোনো পর্যায়তে ৰেকর্ডেড সংগীত অথবা ফিউজন সংগীত অথবা নৃত্য প্রদর্শন কৰিব নোৱাৰিব৷ বিচাৰকৰ মাননিৰ ক্ষেত্রত প্রতিযোগিতাৰ বিচাৰক হিচাপে অংশগ্রহণৰ ভিত্তিতহে প্রদান কৰা হ’ব৷ যদিহে গাঁও পঞ্চায়ত পর্যায়ত কোনো প্রতিযোগী নাথাকে, তেনেহ’লে বিচাৰকে কোনো মাননি লাভ নকৰিব৷ অৱশ্যে নির্বাচিত প্রতিগৰাকী বিচাৰকক জিলা প্রশাসনে বিচাৰকৰ উপহাৰৰ টোপোলাৰ দ্বাৰা সম্বর্ধনা জ্ঞাপন কৰিব৷ প্রতিযোগীসকলৰ বাবে প্রতিটো পর্যায়ত চৰকাৰে পুৰস্কাৰো নির্ধাৰণ কৰিছে৷ গাঁও পঞ্চায়ত পর্যায়ত সকলো শ্রেণীত শীর্ষ তিনি প্রতিযোগীক প্রমাণ–পত্র প্রদান কৰা হ’ব৷ গাঁও পঞ্চায়ত পর্যায়ত অংশগ্রহণ কৰা প্রতিগৰাকী প্রতিযোগীকে সম্বর্ধনা জ্ঞাপন কৰাৰ লগতে অংশগ্রহণৰ প্রমাণ–পত্র প্রদান কৰা হ’ব৷ সমষ্টিভিত্তিক পর্যায়ত প্রতিটো শাখাত শীর্ষ তিনি প্রতিযোগীক বিজয়ীৰ প্রমাণ–পত্র, স্মাৰক আৰু ধনৰাশি প্রদান কৰা হ’ব৷ চৰকাৰে প্রমাণ–পত্র আৰু স্মাৰকসমূহ প্রতিযোগীক দিয়াৰ বাবে প্রদান কৰিব৷ সমষ্টিভিত্তিক পর্যায়ৰ প্রতিযোগীক তিনিওটা শাখাৰ প্রতিযোগীৰ বাবে পুৰস্কাৰৰ ধন চৰকাৰে নতুন এছঅ’পিৰ জৰিয়তে ঘোষণা কৰিছে৷ সংগীত শাখাত প্রথম পুৰস্কাৰ ৫,০০০, দ্বিতীয় পুৰস্কাৰ ৩,০০০ আৰু তৃতীয় পুৰস্কাৰ হিচাপে ২,০০০ টকা প্রদান কৰা হ’ব৷ নৃত্য শাখাত প্রথম পুৰস্কাৰ ৭,৫০০, দ্বিতীয় পুৰস্কাৰ ৬,০০০ আৰু তৃতীয় পুৰস্কাৰ ৪,৫০০ টকা প্রদান কৰা হ’ব৷ সেইদৰে জিলা পর্যায়তো শীর্ষ তিনি প্রতিযোগীক বিজয়ীৰ প্রমাণ–পত্র, স্মাৰক আৰু ধনৰাশি প্রদান কৰা হ’ব৷ জিলা পর্যায়ৰ সংগীত প্রতিযোগিতাত প্রথম পুৰস্কাৰত ২০,০০০, দ্বিতীয় পুৰস্কাৰত ১৫,০০০ আৰু তৃতীয় পুৰস্কাৰত ১০,০০০ টকা প্রদান কৰা হ’ব৷ আনহাতে, নৃত্য শাখাত প্রথম পুৰস্কাৰৰ সৈতে প্রতিযোগীক ২২,৫০০ টকা প্রদান কৰা হ’ব৷ দ্বিতীয় আৰু তৃতীয় প্রতিযোগীক ক্রমে ১৮,০০০ আৰু ১৫,০০০ টকা প্রদান কৰা হ’ব বুলি এছঅ’পিত উল্লেখ কৰা হৈছে৷ ছয়টা শাখাত বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাপে বিবেচনা কৰা হ’ব৷

You might also like