নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : আঞ্চলিকতাবাদৰ প্রাসংগিকতা

অসমৰ আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনীতিৰ বিগত চাৰি দশকে গুৰিব’ঠা ধৰা অসম গণ পৰিষদ (অগপ)ৰ গোলাঘাটত অনুষ্ঠিত ৩৯সংখ্যক প্রতিষ্ঠা দিৱসে গুৰুত্বপূর্ণ বার্তা বহন কৰিছে৷ প্রতিষ্ঠা দিৱসৰ কার্যসূচীত দলটোৰ ন–পুৰণি নেতা–কর্মীকে ধৰি কেইবাসহস্র লোকৰ সমাগম হৈছে৷ এই লোকসকলে নিশ্চিতভাৱে অসমত আঞ্চলিক তথা জাতীয়তাবাদৰ বোৱঁতী ধাৰা শক্তিশালী হোৱাটো ঐকান্তিকতাৰে কামনা কৰিছে৷ বিগত চাৰিটা দশকত অধিকাংশ সময় অগপ দলটোনেতৃত্বকেন্দ্রিক্ অন্তর্কলহত জর্জৰিত হৈছিল৷ দলটো কেইবাবাৰো বিভাজন হৈছে৷ একাংশ শীর্ষ নেতা ওলাই গৈ নতুন আঞ্চলিক দল খুলিছে৷ এই দলসমূহৰ এতিয়া কোনো অস্তিত্ব নাই৷ একাংশ নেতাই সর্বভাৰতীয় দলত যোগ দিছে৷ ‘কা’বিৰোধী আন্দোলনৰ সুযোগ লৈও নতুন আঞ্চলিক দল গঠন হৈছে৷ কিন্তু ৰাজ্যখনৰ আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনীতিত অগপৰ যে বিকল্প নাই সেয়া গোলাঘাটত অনুষ্ঠিত দলটোৰ প্রতিষ্ঠা দিৱসত প্রমাণ হৈছে৷ অগপৰ জন্মৰ অন্তৰালত আছে এক ঐতিহাসিক পটভূমি৷ ৰাজ্যখনৰ পৰা অবৈধ বিদেশী লোকসকলক বহিষ্কৰণৰ দাবীত ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ৰ ১৪ অক্টোবৰত গোলাঘাটত জন্মলাভ কৰিছিল অগপই৷ শেহতীয়াকৈ অবৈধ বিদেশীৰ বিৰুদ্ধে দেশজুৰি সর্বসাধাৰণ আৰু কেন্দ্রীয় চৰকাৰ জাগ্রত হৈছে৷ কিন্তু বিদেশী সমস্যাক লৈ দেশৰ আগশাৰীৰ ৰাজ্যসমূহ সজাগ নৌহওঁতেই অসমত বিদেশী বহিষ্কৰণৰ দাবীত ১৯৭৯ত আৰম্ভ হৈছিল গণ জাগৰণ৷ ১৯৮৫লৈ ছবছৰ ধৰি চলা এই গণ সংগ্রামত ৰাজ্যখনৰ ৮৫৫গৰাকী শ্বহীদ হোৱাৰ লগতে চিৰজীৱনৰ বাবে ঘুণীয়া হৈছিল সহস্রাধিক লোক৷ ছাত্র–ছাত্রীসকলে হেৰুৱাইছিল এটা মূল্যৱান শিক্ষাবর্ষ৷ বিদেশী বহিষ্কৰণৰ দাবীত অসমৰ দৰে দেশৰ কোনো ৰাজ্যই এইদৰে এতিয়াও সংগ্রাম কৰা নাই৷ চুবুৰীয়া বাংলাদেশৰ পৰা চলি থকা অবৈধ বিদেশীৰ আগ্রাসনে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ ভৱিষ্যৎ অনিশ্চিত কৰি তুলিছে৷ জীৱন–জীৱিকাকে ধৰি খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাও অনিশ্চিত হৈছে৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত আৰম্ভ হোৱা ভোটবেংক ৰাজনীতিৰ বাবেই অসমৰ অবৈধ বিদেশী সমস্যা দিনকদিনে জটিল হৈছে৷ ছবছৰীয়া অসম আন্দোলনে স্পর্শকাতৰ সমস্যাটোক লৈ জনজাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ ১৯৮৫ৰ ১৪ আগষ্টৰ নিশা স্বাক্ষৰিত অসম চুক্তিৰ পাছত ১৪ অক্টোবৰত গোলাঘাটত জন্ম হৈছিল অসম গণ পৰিষদৰ৷ ৰাজ্যখনত আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনীতিৰ উত্থানত নির্ণায়ক ভূমিকা গ্রহণ কৰা অগপৰ নেতৃত্বত দুবাৰকৈ চৰকাৰ গঠন হৈছিল৷ কেন্দ্রীয় চৰকাৰৰ অংশীদাৰ হোৱাৰ সুযোগো লাভ কৰিছিল দলটোৱে৷ অসম আন্দোলনৰ মূল সমস্যাটোৰ সমাধান নহ’লেও ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ মাজত জাতীয়তাবাদী চিন্তাধাৰা জাগ্রত কৰি ৰখাৰ ক্ষেত্রত অগপৰ বিশেষ ভূমিকা আছে৷ বিগত চাৰি দশকত অগপ গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে৷ ঘাইকৈ নেতৃত্বকেন্দ্রিক অন্তর্কলহৰ বাবে দলটো তিনিবাৰ বিভাজন হৈছিল৷ ১৯৮৫ত চৰকাৰৰ প্রথমটো কার্যকালৰ শেষত প্রয়াত ভৃগু কুমাৰ ফুকন, পুলকেশ বৰুৱা, দীনেশ গোস্বামী আদি নেতাৰ নেতৃত্বত প্রথমবাৰৰ বাবে দলটো বিভাজন হৈছিল৷ ইয়াৰ পৰিণামত ১৯৯১ৰ বিধানসভা নির্বাচনত কংগ্রেছ দল ক্ষমতালৈ অহাৰ সুযোগ লাভ কৰিছিল৷
১৯৯৬ত প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বতগপ পুনৰ ক্ষমতাত অধিষ্ঠিত হৈছিল যদিও গুপ্তহত্যা, অবাধ দুর্নীতি, স্বৈৰাচাৰী নীতিৰ বাবে সর্বাধিক ক্ষতিৰ সন্মুখীন হৈছিল অগপ দলটো৷ নেতৃত্বৰ এনে হঠকাৰী কাম–কাজত ৰাজ্যখনৰ সর্বসাধাৰণ ৰাইজৰ লগতে জাতীয়তাবাদী শিবিৰৰ লোকসকলো ক্ষুণ্ণ হৈছিল৷ ফলত ২০০১ৰ বিধানসভা নির্বাচনত অগপ দল ক্ষমতাচ্যুত হোৱাৰ লগতে ক্ষমতাত অধিষ্ঠিত হৈছিল কংগ্রেছ দল৷ প্রায় আঢ়ৈ দশকৰ মূৰত ২০০১ত কংগ্রেছে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সমর্থনত চৰকাৰ গঠনৰ মূলতেই আছিল অগপ নেতৃত্বাধীন দ্বিতীয় চৰকাৰখনৰ ব্যর্থতা৷ এনে ব্যর্থতাৰ প্রভাৱ আঞ্চলিক দলটোৰ ভিতৰচ’ৰাত প্রতিফলিত হৈছিল৷ ফলত দীর্ঘকাল ধৰি দলটোৰ সভাপতি পদত কার্যনির্বাহ কৰা প্রফুল্ল কুমাৰ মহন্তও পদচ্যুত হৈছিল৷ ২০০৬ৰ বিধানসভা নির্বাচনৰ পূর্বে দলটোৰ প্রতিষ্ঠাপক সভাপতি মহন্তৰ নেতৃত্বত অসম গণ পৰিষদ (প্রগতিশীল) দল গঠন হৈছিল৷ নির্বাচনত মহন্তৰ নেতৃত্বৰ দলটোৱে শোচনীয়ভাৱে পৰাজিত হোৱাৰ লগতে অগপৰো বিস্তৰ ক্ষতি কৰিছিল৷ ইয়াৰ পূর্বে ২০০০ চনত সেইসময়ৰ অগপৰ জ্যেষ্ঠ নেতা পুলকেশ বৰুৱা আৰু অতুল বৰাৰ নেতৃত্বত অগপত বিভাজন ঘটি তৃণমূল গণ পৰিষদ দল গঠন কৰা হৈছিল৷ বিগত চাৰিটা দশকত অগপৰ ভেটি দুর্বল কৰাৰ ক্ষেত্রত দলটোৰ একাংশ ক্ষমতালিপ্সু নেতাই বিশেষ ভূমিকা লৈছিল৷ কিন্তু এনে ঘাত–প্রতিঘাতৰ মাজতো অগপই অসমৰ আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনীতিৰ ধাৰা শক্তিশালী কৰিবলৈ অহৰহ পদক্ষেপ অব্যাহত ৰাখিছে৷ অসম আন্দোলনৰ বুকুত জন্ম হোৱা জাতীয়তাবাদী ধাৰা এতিয়াও ৰাজ্যখনৰ বহুসংখ্যক লোকে বুকুত কঢ়িয়াই ফুৰিছে৷ এইসকল লোকে কোনো কাৰণতে অসম আন্দোলনক মষিমূৰ কৰিবলৈ বিচৰা কংগ্রেছ তথা সর্বভাৰতীয় দলকেইটাক সমর্থন নকৰে৷ আনকি বিজেপিৰ দৰে দলৰ সৈতেও প্রত্যক্ষভাৱে জড়িত হ’বলৈ নিবিচাৰে৷ অসমৰ আঞ্চলিকতাবাদী তথা জাতীয়তাবাদী ধাৰাত বিশ্বাসী লোকসকলে এতিয়াও অগপ শক্তিশালী হোৱাটো বিচাৰে৷ কিন্তু বিভিন্ন সময়ত দলটোৰ একাংশ ক্ষমতালিপ্সু নেতাই গ্রহণ কৰা ভূমিকাই এনে লোকসকলক হতাশ কৰিছে৷ এনে পৰিস্থিতিত অগপৰ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তৰ দায়িত্ব বৃদ্ধি পাইছে৷ ৰাজ্যখনৰ আঞ্চলিকতাবাদী ৰাজনীতিত বিশ্বাসী লোকসকলৰ বাবে আশাৰ বার্তা এয়ে যে ২০১৫ চনত দলৰ নেতৃত্ব বৰা আৰু মহন্তই গ্রহণ কৰাৰ পাছত দলটোত চলি থকা দীর্ঘকালীন নেতৃত্বকেন্দ্রিক বিবাদৰ অৱসান হৈছে৷ আঞ্চলিক দলটোলৈ নতুন নতুন নেতা–কর্মীৰ আগমন হৈছে৷ এয়া নিশ্চিতভাৱে অগপৰ বাবে শুভ লক্ষণ৷ বিজেপিৰ সৈতে নির্বাচনী মিত্রতাক লৈ বিভিন্ন প্রশ্ণৰ উদয় হৈছে৷ এনে প্রশ্ণ উত্থাপন কৰা একাংশ লোকে প্রত্যক্ষ অথবা পৰোক্ষভাৱে কংগ্রেছক সমর্থন কৰে৷ নির্বাচনী মিত্রতাক সময়ৰ আহ্বান ৰূপে মানি ল’ব লাগিব৷ ৰাজ্যিক অথবা দেশীয় ৰাজনীতিত এতিয়া নির্বাচনী মিত্রতা অপৰিহার্য হৈ উঠিছে৷ কেইবাখনো ৰাজ্যত আঞ্চলিক ৰাজনৈতিক দল তীব্র দুর্যোগৰ সন্মুখীন হৈছে৷ এনে সময়তে অসমৰ দৰে ৰাজ্যত আঞ্চলিক দলটোৱে মিত্রতাৰ ৰাজনীতিৰে জাতীয়তাবাদী ৰাজনীতিৰ ধাৰা বর্তাই ৰাখিবলৈ সক্ষম হৈছে৷ কংগ্রেছৰ শাসনকালত ছবছৰীয়া অসম আন্দোলনত শ্বহীদ হৈছিল ৮৫৫গৰাকী৷ অসম আন্দোলনৰ পৰিসমাপ্তিত গঠন হোৱা অগপই নীতিগত কাৰণতে কংগ্রেছৰ সৈতে নির্বাচনী মিত্রতা কৰিব নোৱাৰে৷ আঞ্চলিকতাবাদী দলৰ নাম লৈ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে কৰা কংগ্রেছৰ সৈতে মিতিৰালিক মান্যতা দিয়া নাই ৰাজ্যখনৰ জাতীয়তাবাদী ভাবাপন্ন ৰাইজে৷ বিজেপিৰ সৈতে ৰাজনৈতিক মিত্রতা কৰিলেও অগপৰ নেতৃত্বই নিজৰ শিপাডাল মজবুত কৰি ৰাখিব লাগিব৷ বিশেষকৈ অবৈধ বিদেশী সমস্যা সমাধানৰ ক্ষেত্রত দলটোৰ নেতৃত্বই আৰু অধিক সক্রিয় ভূমিকা গ্রহণ কৰাৰ প্রয়োজন আছে৷ ইয়াৰ লগে লগে ৰাজ্যখনত নতুন প্রজন্মৰ মাজত আঞ্চলিক ৰাজনীতিৰ প্রাসংগিকতা বৃদ্ধি হ’ব৷

You might also like