নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ ঢকুৱাখনাবাসীৰ বিদ্যানুৰাগ, জাতীয়তাবোধ আৰু ত্যাগৰ ফলশ্ৰুতিত ১৮৭২ চনতে সু-প্ৰতিষ্ঠিত হোৱা ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ সংকল্পিত অভিযাত্ৰাৰ গৌৰৱোজ্বল ডেৰশ বছৰীয়া জয়ন্তী মহোৎসৱৰ সামৰণী অনুস্থান আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হয় ৷ ২০২৩ বৰ্ষৰ ৩০ ডিচেম্বৰৰ পৰা বৰ্ষজোৰা কাৰ্যসূচীৰে উদযাপন কৰি অহা বৰ্ষজোৰা জয়ন্তী মহোৎসৱৰ সামৰণী অনুস্থানৰ (প্ৰথম দিনা) আজি পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ আদিৰে আৰম্ভ কৰি মুখ্য প্ৰৱেশদ্বাৰ উদঘাটনেৰে শুভাৰম্ভ কৰে ঢকুৱাখনাৰ পৌৰপতি ৰাজীৱ দাসে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পদ্মাৱতী কোচে বিদ্যালয়ৰ পতাকা উত্তোলন, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সেৱক চুতীয়াই ডেৰশ বছৰীয়া পতাকা উত্তোলন আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যকৰী সভাপতি চিত্তৰঞ্জন দাসে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ পতাকা উত্তোলন কৰাৰ লগে লগেই ১৫০খন পতাকা উত্তোলন কৰে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ ১৫০গৰাকী জ্যেষ্ঠ তথা বিশিষ্ট নাগৰিকে ৷ ইয়াৰ পিছতেই স্মৃতি তৰ্পণৰ অন্তত স্থায়ী মঞ্চ উদ্বোধন কৰি গুৰু বন্দনাৰে শিক্ষাগুৰুসকলক সেৱা নিবেদন কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত সাহিত্য প্ৰতিযোগিতা আদিৰ অন্তত “ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু মাধ্যমিক শিক্ষা : সংশয় আৰু সম্ভাৱনা “ শীৰ্ষক আলোচনা সত্ৰও অনুস্থিত কৰে ৷ বিয়লি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিচিত্ৰানুস্থান, বন্তি প্ৰজ্বলন, টেলি কন্ফাৰেঞ্চ, তথ্যচিত্ৰ উন্মোচন আৰু সাংস্কৃতিক সন্ধিয়া অনুস্থানেৰে প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি মাৰিব ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি