নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ যমুনা ৰোড চাৰিআলিত নিশা গেছ পৰিবাহী পাইপ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : কালিকা লগা অসম গেছ কোম্পানীৰ গেছ পৰিবাহী পাইপ আৰু অকৰ্মণ্য পৌৰসভাৰ জেচিবি চালকৰ ভুলৰ বাবে গেছ পৰিবাহী পাইপৰ বিস্ফোৰণ আৰু সংঘটিত বিধ্বংসী অগ্নিকাণ্ডই ভাগ্যশ্ৰী দাস নামৰ ডেৰ বছৰীয়া শিশুটিৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে মাতৃসহ কেইবাজনো লোকক দগ্ধ কৰা কৰুণ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই যোৱানিশা অভিশপ্ত শিৱসাগৰৰ যমুনা ৰোড চাৰিআলিত সংঘটিত হ’ল অনুৰূপ এক বিস্ফোৰণৰ ঘটনা ৷ চলিত বৰ্ষৰ তিনি মে’ৰ বিয়লি সংঘটিত বিধংসী অগ্নিকাণ্ডৰ ঘটনাৰ আতংকই আজিও স্থানীয় ৰাইজক আৱৰি ৰখাৰ সময়তেই যমুনা ৰোড চাৰিআলিৰ পূৰ্বৰ ঠাইতেই সংঘটিত হয় এই গেছ পৰিবাহী পাইপৰ বিস্ফোৰণ ৷ অৱশ্যে স্থানীয় ৰাইজৰ সতৰ্কতা-তৎপৰতাৰ বাবেই আন এক ভয়ংকৰ দুৰ্য্যোগৰ পৰা ৰক্ষা পৰে স্থানীয় বহুকেইটা পৰিয়ালৰ বাসগৃহৰ লগতে এক বৃহত ব্যৱসায়িক অঞ্চল ৷ প্ৰাপ্ত বাতৰি মতে, যমুনা ৰোড চাৰিআলিত শেহতীয়াকৈ পৌৰসভাৰ কালভাৰ্ট সংস্থাপনৰ কেইবা লাখটকীয়া এক ঠিকা কাম সম্পাদন কৰি আছিল এগৰাকী ঠিকাদাৰে ৷ যি স্থানৰ মূল পথ খান্দি কালভাৰ্ট বহুৱাবৰ বাবে কাম অব্যাহত ৰাখিছিল। সেই স্থানেদি পাৰ হৈ গৈছে অসম গেছ কোম্পানীৰ গেছ পৰিবাহী এডাল পাইপ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, উক্ত অংশইদি পাৰ হৈ যোৱা এয়াৰটেল কোম্পানীৰ এডাল ফাইবাৰ কেবল নিশাৰ ভাগত কোম্পানীটোৰ কৰ্মচাৰীয়ে মেৰামতি কৰিছিল ৷ সেই মেৰামতিৰ কেইমিনিট মানৰ পিছতেই প্ৰচণ্ড বেগত গেছ পৰিবাহী পাইপডালৰ পৰা গেছ নিৰ্গমন হোৱা দেখি হুৱাদুৱা লাগে স্থানীয় ৰাইজৰ মাজত ৷ পূৰ্বৰ কৰুণ ঘটনাই শিক্ষা দি যোৱা স্থানীয় ৰাইজে অতি তৎপৰতাৰে নিজৰ বাসগৃহসমূহৰ বিদ্যুত কৰ্তন, গেছৰ ঘৰুৱা সংযোগ বন্ধ কৰি জৰুৰীকালীন বিভাগৰ সৈতে যোগাযোগ কৰি পথটোৱেদি সকলো যাতায়াত বন্ধ কৰি দিয়ে ৷ ঘটনাৰ খবৰ পাই ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ দল, দুৰ্য্যোগ প্ৰশমন বিভাগ, আৰক্ষীৰ দল উপস্থিত হোৱাৰ পিছতেই অসম গেছ কোম্পানী কৰ্তৃপক্ষই মূল ভাল্ব বন্ধ কৰি দিয়াত নিৰ্গমন বন্ধ হৈ পৰে ৷ সতৰ্কতামূলক ব্যৱস্থা হিচাপে অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত অগ্নি প্ৰতিৰোধী ৰাসায়নিক পদাৰ্থ- পানী নিক্ষেপ কৰি পৰিৱেশ সুচল কৰি তোলে ৷ ঘটনাৰ পিছতেই জিলা প্ৰশাসনৰ এগৰাকী দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ সচেতন মহলে এই ক্ষেত্ৰত অসম গেছ কোম্পানীক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ দাবী জনোৱাৰ লগতে গেছ পৰিবাহী পাইপ পাৰ হৈ যোৱা স্থানৰ আশে-পাশে খনন-নতুন নিৰ্মাণৰ ক্ষেত্ৰত কঠোৰ নীতি-নিয়ম বলবৎৰ দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like