নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰগাঙত ফ’ৰলেন নিৰ্মাণকাৰী কোম্পানীৰ মইমতালি

🔹 নলা নিৰ্মাণৰ কাম আধৰুৱাকৈ এৰি ৰাইজৰ জীৱনক লৈ হেতালি
বিশেষ বার্তা, ১৭ অক্টোবৰ : বৰগাং কেন্দ্ৰত অতি নিম্নমানেৰে নলাৰ কাম আগবঢ়াই নিয়া ফ’ৰলেন নিৰ্মাণকাৰী কোম্পানীটোৱে শেহতীয়াভাৱে বৰগাং দৈনিক বজাৰৰ সন্মুখত নলা নিৰ্মাণ কৰাৰ নামত ভয়াৱহভাৱে প্ৰকাণ্ড গাঁত এটাৰ কাম আধৰুৱাকৈ এৰি ৰাইজৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে। আজি প্ৰায় ১৫/২০ দিন হ’ল বৰগাং কেন্দ্ৰৰ অতি ব্যস্ত দৈনিক বজাৰৰ প্ৰৱেশ পথত প্ৰকাণ্ড গাঁত খান্দি কামটো সম্পূৰ্ণ নকৰি তেনেকৈয়ে এৰি থৈছে। গাঁতটোত ইতিমধ্যে দুজন ব্যক্তি পতিত হৈ গুৰুতৰভাৱে আহত হৈছে বুলি ৰাইজে জানিবলৈ দিছে। আনহাতে, দৈনিক বজাৰৰ গাতে লগাকৈ তিনি দিনৰ পিছতে দুৰ্গাপূজা অনুষ্ঠিত হ’ব, য’ত অগণন লোকৰ সমাগম হ’ব। গতিকে সন্ধিয়া বা নিশা সেই প্ৰকাণ্ড গাঁতটোৱে ৰাইজৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ সম্ভৱনা প্ৰকট হৈ উঠিছে। গাইড লাইন মতে সুন্দৰভাৱে কাম কৰি থকা হৈছে বুলি ফ’ৰলেন নিৰ্মাণ কাৰ্যত জড়িত অভিযন্তা, ঠিকাদাৰসকলে দাবী কৰি আহিছে যদিও দৈনিক বজাৰৰ সেই প্ৰকাণ্ড গাঁতটোৱেই ফোঁপোলা স্বৰূপ দাঙি ধৰিছে। ৰাইজে পূজাৰ আগে আগে নলাৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে। কাৰণ ৰাইজৰ কৰ-কাটলেৰেহে পথ নিৰ্মাণকার্য সম্পন্ন হৈ আহিছে। গতিকে ৰাইজৰ জীৱনক লৈ হেতালি খেলাৰ অধিকাৰ ফ’ৰলেন নিৰ্মাণকাৰী কোম্পানীটোৰ নাই বুলি ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
প্ৰেৰক অমিতাভ বৰুৱা
You might also like