🔹 কইনাধৰাৰ হত্যাকাণ্ডৰ পিষ্টল বিচাৰি আৰক্ষীৰ অভিযান সফল
🔹 ভৰলুৰ বোকাৰ মাজৰ পৰা উদ্ধাৰ পিষ্টল
ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ অক্টোবৰ : পত্নীৰূপী নিষ্ঠুৰ প্রেমিকাৰ চৰম প্রতাৰণা আৰু পৰকীয়া প্রীতিৰ বলি হৈ প্রাণ হেৰুৱাবলগীয়া হৈছিল লতাকটাৰ যুৱক তথা বশিষ্ঠৰ ওজা জেচিবি প্রতিষ্ঠানৰ মেকানিক অঞ্জন নাথে৷ ঘটনাটো সংঘটিত হোৱাৰ ৭২ ঘণ্টা পাছত পৰহি নিশা মূল অভিযুক্তসহ মুঠ সাতজন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছতে এই ভয়ংকৰ সত্য পোহৰলৈ আহিছে৷ নৈতিক চৰিত্র স্খলনৰ লগতে পৰকীয়া প্রেমৰ ভয়ংকৰ পৰিণাম শেহতীয়াকৈ ঘটা এই ঘটনাটোত দেখা গ’ল৷ চৰিত্রহীন গীতাশ্রী সিন্হাৰ প্রেমিক ভৰলুমুখৰ সৌৰভ গোৱেংকাই (২৫) শূন্য দূৰত্বৰ পৰা ১২ অক্টোবৰৰ নিশা ৮.১০ বজাত কইনাধৰা ট্রেফিক পইণ্টত গুলীয়াই হত্যা কৰিছিল অঞ্জন নাথক৷ হত্যাকাণ্ডৰ দুদিন পূর্বে অঞ্জন নাথৰ সকলো গতিবিধি তন্নতন্নকৈ পর্যবেক্ষণ কৰিছিল সৌৰভ গোৱেংকাই৷ সমগ্র কাণ্ডটোত হত্যাকাৰী সৌৰভ গোৱেংকাক ছাঁটোৰ দৰে থাকি সকলো সহায় আগবঢ়াইছিল গীতাশ্রী সিন্হাই৷ বিগত তিনি দিন ধৰি আৰক্ষীয়ে মাৰাথন জেৰা চলোৱাৰ পাছতেই সকলো স্বীকাৰ কৰে গীতাশ্রী সিন্হাই৷ গীতাশ্রীৰ স্বীকাৰোক্তিৰ ভিত্তিতে পৰহি নিশা মহানগৰ আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে ভৰলুমুখৰ পৰা সৌৰভ গোৱেংকাক গ্রেপ্তাৰ কৰাৰ লগতে গীতাশ্রী সিন্হা (২৯), অজিত সিন্হা (৫৭), ঝার্ণা সিন্হা (৫০), নেহা সিন্হা (২২), অৰবিন্দ ৰায় (৪৮) আৰু গোবিন্দ কুমাৰক (২৩) গ্রেপ্তাৰ কৰে ৷ ইফালে, এই হত্যাকাণ্ডত ব্যৱহৃত পিষ্টল বিচাৰি আৰক্ষীয়ে চলোৱা অভিযানত সফলতা লাভ কৰিছে। আৰক্ষীয়ে ভৰলুৰ বোকাৰ মাজৰ পৰা উদ্ধাৰ কৰে পিষ্টলটো।
হত্যাকাণ্ডৰ আঁৰৰ কাহিনী
পূর্বে দুবাৰকৈ দুজন লোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈ এটা পুত্রৰ মাতৃ হোৱাৰ সৌভাগ্য হোৱা গীতাশ্রী সিন্হাৰ দুয়োবাৰেই বিবাহ বিচ্ছেদ হৈছিল৷ বিবাহ বিচ্ছেদৰ কাৰণ কোনোৱে নাজানে যদিও দুজনকৈ পুৰুষৰ সৈতে সম্পর্ক গঢ়িও মানসিক অথবা শাৰীৰিকভাৱেও হয়তো পৰিতৃপ্ত হোৱা নাছিল চৰিত্রহীনা গীতাশ্রী সিন্হা৷ যাৰ ফলত দ্বিতীয় স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছৰ পৰাই শৈশৱৰ বন্ধু অঞ্জন নাথৰ সৈতে পুনৰ প্রেমত পৰে গীতাশ্রী সিন্হা৷ নিজৰ দৈহিক ক্ষুধা পূৰণত মত্ত গীতাশ্রী সিন্হাৰ বাবে সেই সময়ত কণমানি সন্তানৰ মায়াও হৈ পৰিছিল গৌণ৷ ৪ বছৰ পূর্বে অঞ্জন নাথৰ সৈতে সম্পর্ক গঢ়িলেও দুয়োৰে সম্পর্কক সহজভাৱে ল’ব পৰা নাছিল গীতাশ্রী–অঞ্জনৰ দুয়োটা পৰিয়ালে৷ কিয়নো দুয়োৱে সামাজিকভাৱে বিবাহপাশত আবদ্ধ হোৱাৰ সলনি লীভ–ইন সম্পর্কতহে স্বামী–স্ত্রীৰ দৰে আছিল৷ যিটো কথা বিশেষকৈ অঞ্জন নাথৰ পৰিয়ালে মানি ল’ব পৰা নাছিল৷ দুয়ো প্রথমতে অঞ্জন নাথৰ ঘৰতেই আছিল যদিও ঘৰুৱা অশান্তিৰ বাবে দুয়ো হেঙেৰাবাৰীৰ লিচুবাগানত ভাৰাতীয়া হিচাপে থাকিবলৈ লয়৷ এমাহ পূর্বে অঞ্জন নাথৰ পিতৃ কালিচৰণ নাথৰ দেহাৱসান ঘটাত দুয়ো পুনৰ লতাকটাৰ নিজ ঘৰলৈ উভতি যায়৷ অঞ্জন নাথে বশিষ্ঠৰ ওজা জেচিবিত মেকানিক ৰূপে কাম কৰাৰ বিপৰীতে এবিচিৰ জে মায়া নামৰ এখন মাছাজ পার্লাৰত কাম কৰিছিল গীতাশ্রী সিন্হাই৷ পৰিয়ালৰ সৈতে বর্ধিত মতানৈক্যই দিন যোৱাৰ লগে লগে হতাশ কৰি তুলিছিল অঞ্জন নাথক আৰু হতাশাৰ পৰা মুক্তি বিচাৰি সুৰা সেৱনত ব্যস্ত হৈছিল তেওঁ৷ দিন যোৱাৰ লগে লগেই অঞ্জন নাথৰ এলকহল আসক্তি বৃদ্ধি পায় আৰু এই সুযোগতে গীতাশ্রী সিন্হাই ঘনিষ্ঠতা বঢ়াই নিছিল পার্লাৰত চিনাকি হোৱা সৌৰভ গোৱেংকাৰ সৈতে৷ অঞ্জন নাথে গম নোপোৱাকৈ আন এটা ম’বাইল ফোনেৰে মনে মনে গীতাশ্রীয়ে সম্পর্ক অটুট ৰাখিছিল চতুর্থ প্রেমিক সৌৰভ গোৱেংকাৰ সৈতে৷ সম্পর্কৰ আৰম্ভণিৰে পৰা অঞ্জন নাথক চকুৰে দেখিব নোৱাৰা গীতাশ্রী সিন্হাৰ মাতৃ ঝর্ণা সিন্হায়ো ৰঙা দলিচা পাৰি একপ্রকাৰ স্বাগতম জনালে জীয়াৰীৰ নতুন প্রেমিক সৌৰভ গোৱেংকাক৷ ইতিমধ্যে লাহে লাহে পত্নীৰূপী প্রেমিকাৰ সকলো অভিসন্ধিৰ বিষয়ে অৱগত হোৱা অঞ্জন নাথক আঁতৰাবলৈ একপ্রকাৰ তৎপৰ হৈ পৰে গীতাশ্রী সিন্হাৰ পৰিয়ালবর্গ৷ সৌৰভ গোৱেংকাৰ চিনাকি তথা বিহাৰৰ প্রকৃত বাসিন্দা বর্তমানে কুমাৰপাৰাত ক্ষুদ্র দুগ্ধ ব্যৱসায়ী ৰূপে কর্মৰত অৰবিন্দ ৰায়ৰ সহযোগত মায়ঙৰ তান্ত্রিকৰ শৰণাপন্ন হৈছিল গীতাশ্রী সিন্হাৰ পৰিয়াল৷ কিন্তু বেজৰ বেজালিয়ে কাম নিদিয়াত ঝর্ণা সিন্হাই চিৰদিনৰ বাবে অঞ্জন নাথক নিশ্চিহ্ণ কৰি দিবলৈ সৌৰভ গোৱেংকাক কয়৷ সেইমতেই তেতিয়াৰ পৰা অঞ্জন নাথক হত্যাৰ বাবে চেলু বিচাৰিবলৈ ধৰে সৌৰভ গোৱেংকাই৷
কিদৰে সংঘটিত হ’ল হত্যাকাণ্ডটো ?
বিগত কেইবাদিনো ধৰি অঞ্জন নাথক হত্যাৰ বাবে চেষ্টা চলাই থকা সৌৰভ গোৱেংকাই প্রথমতেই হত্যাৰ বাবে মাৰণাস্ত্রৰ সন্ধানত নামে৷ ফাঁচীবজাৰৰ নিজৰ কর্মস্থলীত গোবিন্দ ৰায় নামৰ আন এজন অটোচালকক এই সময়তে লগ পাই নিজৰ মনৰ কথা প্রকাশ কৰে সৌৰভ গোৱেংকাই৷ সেইমর্মে সকলো ব্যৱস্থা কৰি দিয়াৰ প্রতিশ্রুতি দিয়া গোবিন্দ ৰায়ে এদিনাখন সৌৰভক লৈ বিমানেৰে বিহাৰলৈ যায়৷ বিহাৰৰ সমষ্টিপুৰৰ নিজা ঘৰৰ একাংশ বন্ধুৰ সহযোগত ৫৫ হাজাৰ টকাত এটা পইণ্ট ৩২ পিষ্টল ক্রয় কৰে সৌৰভে৷ কিন্তু পিষ্টলটো তিনিটা কার্টিজসহ নিজে নানি বাছত বিহাৰৰ পৰা চাটুগুৰিৰ পেকেটত ভৰাই আইএছবিটিলৈ আনে সৌৰভে৷ তাৰ পাছতো পিষ্টলটো নিজৰ লগত নাৰাখি অৰবিন্দ ৰায়ক ৰখাৰ দায়িত্ব দিয়ে সৌৰভে৷ পিষ্টল চলাব নজনা সৌৰভক অস্ত্রচালনাৰ প্রশিক্ষণ দিয়ে গোবিন্দ ৰায়ে৷ সকলো পৰিকল্পিতভাৱে হোৱাৰ পাছত ১২ অক্টোবৰত পুৱাৰে পৰা গতিবিধি লক্ষ্য কৰি আছিল সৌৰভ গোৱেংকাই৷ নিজৰ সুবিধাৰ বাবে স্কুটীৰ সলনি আন এগৰাকী বন্ধু মনীষ শর্মাৰ এএছ–০১ ইবি–৩৬৮৪ নম্বৰৰ য়ামাহা বাইকখন আনে সৌৰভ গোৱেংকাই৷ ঘটনাটোৰ দিনা পুৱা মাতৃগৃহত গীতাশ্রী সিন্হাক থৈ কার্যালয়ৰ কামত ছয়গাঁৱলৈ গৈছিল অঞ্জন নাথ৷ তেতিয়াৰ পৰাই অঞ্জনৰ সকলো গতিবিধিৰ খবৰ সৌৰভক ম’বাইল ফোনত দি আছিল গীতাশ্রীয়ে৷ ইতিমধ্যে অঞ্জন নাথৰ সকলো গতিবিধি বুজি উঠা সৌৰভে সেইমতেই সন্ধিয়া অঞ্জন নাথক অনুসৰণ কৰি গৈ কইনাধৰা ট্রেফিক পইণ্টত শূন্য দূৰত্বৰ পৰা গুলীয়াই লগে লগে কাৰাগাৰ গেট–ভঙাগড় হৈ উলুবাৰী মণিপুৰ ভৱন পায়৷ যোৱাৰ সময়ত পিষ্টলটো উলুবাৰীৰ মাজাৰ পথৰ ভৰলু নৈত দলিয়াই পেলাই যোৱা বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে৷ আৰক্ষীয়ে। গীতাশ্রীৰ গোপন ম’বাইলটো ধ্বংস কৰাৰ অপৰাধত তেওঁৰ ভগ্ণী নেহা সিন্হাকো গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ ঘটনাটোক লৈ আৰক্ষীয়ে বর্তমানেও তদন্ত অব্যাহত ৰাখিছে৷ যি কি নহওক, ভয়ানক এটা কাণ্ডই সমাজৰ নৈতিক স্খলনক বাৰুকৈয়ে উদঙাই দিলে৷