🔹 ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠানত ১৫০খন পতাকা উত্তোলন
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : ডেৰশ বছৰীয়া বৰ্ণাঢ্য এক অবিৰত যাত্ৰা। শিক্ষাৰ বাটকটীয়া উত্তৰ অসমৰ অন্যতম এখন পুৰণি শিক্ষানুষ্ঠান ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়। ইংৰাজৰ আমোলত ১৮৭২ চনত স্থাপিত ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ে শিক্ষাৰ পোহৰ বিলাই ঐতিহ্যত পৰিণত হোৱা বিদ্যালয়খনে অতিক্ৰম কৰিলে গৌৰৱোজ্জ্বল ডেৰশ বছৰ। উৎসৱমুখৰ পৰিৱেশৰ মাজত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনত আজিৰে পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান। মঙলবাৰে পুৱা বিদ্যালয় চৌহদ পৰিষ্কৰণ, গছপুলি ৰোপণ, স্বৰ্ণলতা কলিতা সোঁৱৰণীত নৱনিৰ্মিত মুখ্য তোৰণ উদঘাটনৰ পাছতে বিদ্যালয়খনৰ প্ৰয়াত শিক্ষাগুৰু দেৱ কুমাৰ গগৈৰ পবিত্ৰ স্মৃতিত পৰিয়ালবৰ্গৰ অৰ্থ সাহায্যৰে নিৰ্মিত পতাকা উত্তোলন বেদী উদঘাটন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গিৰিন গগৈয়ে। ইয়াৰ পিছতে এক ঐতিহাসিক ক্ষণত আৱেগ আৰু আনন্দৰ পৰিৱেশৰ মাজত বিদ্যালয়ৰ পৰিয়াল, প্ৰাক্তন ছাত্ৰ, শুভাকাংক্ষী ৰাইজ আৰু শিক্ষাব্রতী সমাজৰ উপস্থিতিত ১৫০ বছৰীয়া জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সেৱক চন্দ চুতীয়াই। সৃষ্টি, সংগ্ৰাম, নেতৃত্ব আৰু জীৱনৰ সপোন দেখা শত সহস্ৰ বৰ্তমানৰ ছাত্ৰ আৰু পুৰণি ছাত্ৰৰ সহযোগেৰে মুখৰিত বৰ্ণিল পৰিৱেশত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পদ্মাৱতী কোচে বিদ্যালয়ৰ পতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ পতাকা উত্তোলন কৰে সন্মিলনীৰ সভাপতি চিত্ৰ ৰঞ্জন দাসে। দুপৰীয়া স্থায়ী মঞ্চ আৰু প্ৰেক্ষাগৃহ উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ভোলা গগৈ আৰু শিক্ষাবিদ টংকেশ্বৰ ৰাজখোৱাই। এই অনুষ্ঠানৰ পিছতেই ১০গৰাকীৰো অধিক বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু আৰু কৰ্মচাৰীক লৈ অনুষ্ঠিত কৰা হয় ব্যতিক্ৰমী অনুষ্ঠান গুৰু বন্দনা। পৰৱৰ্তী সময়ত অনুষ্ঠিত হয় “ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু মাধ্যমিক শিক্ষা : সংশয় আৰু সম্ভাৱনা” শীৰ্ষক এক মনোজ্ঞ আলোচনা সত্র। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়, যোৰহাটৰ জ্যেষ্ঠ সঞ্চালক ড° অনিল বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা সত্ৰত মুখ্য আলোচক হিচাপে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগানন্দ সূত আৰু সমল ব্যক্তি হিচাপে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিত ভূঞা, খুমটাইৰ জয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমিয় কুমাৰ দাসে বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগ, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈ আৰু ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল চুতীয়া বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে। বিয়লিলৈ বিদ্যাৰ্থীসকলক লৈ অনুষ্ঠিত হয় বিচিত্ৰানুষ্ঠান। কাৰ্যসূচী অনুসৰি কাইলৈ পুৱা প্ৰাক্তন সতীৰ্থৰ পঞ্জীয়ন আৰু বিদ্যাৰ্থীসকলৰ মাজত সাহিত্য বক্তৃতা প্ৰতিযোগিতা। ইয়াৰ পাছতে প্ৰাক্তন প্ৰশাসনিক বিষয়া যোগেশ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হ’ব “ঢকুৱাখনাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত” শীৰ্ষক আলোচনা সত্ৰ। অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰাধ্যাপক ড° পৰমানন্দ ফুকন মুখ্য আলোচক হিচাপে উপস্থিত থাকিবলগীয়া আলোচনা সত্ৰখনিত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ প্ৰাক্তন সঞ্চালক ড° সোমেন্দ্ৰ নাথ বুঢ়াগোহাঞি, বেম্ব’ কুইন অৱ ইণ্ডিয়া নিৰা শৰ্মা আৰু গৰুখুঁটি প্ৰকল্পৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজীৱ নাৰায়ণ কলিতা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। দিনৰ ১ বজাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে ডেৰশ বছৰীয়া জয়ন্তীৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব প্ৰাক্তন সতীৰ্থৰ অন্তৰংগ আলাপ আৰু বাৰেৰহণীয়া অনুষ্ঠান।
প্ৰেৰক পুলকজ্যোতি বৰা