নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত উদ্ধাৰ বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা গো-ধন

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : দুৰ্গা পূজাৰ প্ৰাকমূহুৰ্তত ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী এক চৰাঞ্চলত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ অভিযানত বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ কৰিবলৈ অনা বৃহৎ পৰিমাণৰ গোধন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত আজি ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী তথা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বংশীৰচৰ অঞ্চলত অভিযান চলাই বিএছএফৰ এটি দলে ২১টাকৈ গোধন উদ্ধাৰ কৰে। বিএছএফৰ আজিৰ এই অভিযানৰ ঘটনাই ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী অঞ্চলসমূহেদি গৰুৰ চেৰাং সৰবৰাহ চলি থকাটো স্পষ্ট কৰি দিয়া বুলি উচ্চাৰিত হোৱাৰ সমান্তৰালকৈ আৰক্ষীৰ ভূমিকাক লৈও উচ্চাৰিত হৈছে প্ৰশ্ন চিহ্ন।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like