বিশেষ বাৰ্তা, ২০ অক্টোবৰঃ মৰিয়নিৰ অসম নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ এক মাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান জংঘলব্লক উচ্চ মাধ্যমিক বিদ্যালয়ত সদ্যঘোষিত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৩ চনৰ যোৰহাট জিলাৰ পৰা ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হোৱা দুগৰাকী শিশু বিজ্ঞানীক আজি ৰাজহুৱা অভিনন্দন জনোৱা হয়। যোৱা ১৫ অক্টোবৰত যোৰহাটৰ শংকৰদেৱ চেমিনাৰীত যোৰহাট জিলা ভিত্তিত অনুষ্ঠিত বিজ্ঞান সমাৰোহত জংঘলব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ৰিয়া গগৈ আৰু অৰ্ণৱ গগৈক স্বীকৃতি দিয়াৰ পাছত ৰিয়া গগৈ হাফলঙত অহা ৮-১০ নবেম্বৰত অনুষ্ঠিতব্য ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে। দুই শিশু বিজ্ঞানী ৰিয়া গগৈ আৰু অৰ্ণৱ গগৈক অভিনন্দন জনোৱাৰ উদ্দেশ্যে আজি বিদ্যালয়খনৰ সভাকক্ষত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানৰ আঁত ধৰে ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক নগেন গগৈয়ে। শতাধিক অভিভাৱক, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী আদি উপস্থিত থকা এই অনুষ্ঠানত প্ৰধান শিক্ষক ধৰ্মেশ্বৰ বৰুৱাই দুয়ো শিশু বিজ্ঞানীক অভিনন্দন জনোৱাৰ লগতে তত্বাৱধায়ক শিক্ষয়িত্ৰী চিমি বৰগোহাঁই আৰু সহযোগী পংকজ শইকীয়াক কৃতজ্ঞতা জ্ঞাপন কৰে। সভাত তত্বাৱধায়ক শিক্ষয়িত্ৰী চিমি বৰগোহাঁইয়ে ভাষণ প্ৰসঙ্গত দুয়োগৰাকী ছাত্ৰ ছাত্ৰীৰ একাগ্ৰতাৰ বাবেই এই সফলতা লাভ কৰা বুলি উল্লেখ কৰাৰ লগতে বাকীসকল ছাত্ৰ-ছাত্ৰীসকলকো ইয়াৰ পৰা উৎসাহিত হ’বলৈ আহ্বান জনায়। তদুপৰি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে দায়বদ্ধতাৰে কামবোৰ সম্পন্ন কৰাত সকলোকে শিক্ষয়িত্ৰীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী শিশু বিজ্ঞানীৰ এনে সফলতাই সমগ্ৰ সীমান্তৱৰ্তী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে সহকাৰী শিক্ষক থানেশ্বৰ বৰাই আঁত ধৰা আন এক সভাত অসম চৰকাৰে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়োৱা ৮১ খন চাইকেল বিতৰণ কৰা হয়। অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দুৰ্গেশ্বৰ দাস, শিক্ষক ভূৱন গগৈ, কাটনি গাঁও পঞ্চায়তৰ সভাপতি অপূৰ্বজ্যোতি শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবীন দলে আদিয়ে বক্তব্য ৰখাৰ লগতে একাংশ অভিভাৱকে বক্তব্য প্ৰদান কৰি দুই শিশু বিজ্ঞানীক অভিনন্দন জনোৱাৰ লগতে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া চাইকেল দিয়াৰ বাবে অসম চৰকাৰৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া