নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ৩৮৬খন পূজা কমিটীলৈ ১০ হাজাৰ টকাৰ চেক

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ : আজি মহাসপ্তমীৰ দিনটোত এক বিশেষ সুখবৰ আহিল ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাৰ আয়োজকসকললৈ। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অসমৰ তিনি বছৰ পুৰণি দুৰ্গাপূজা কমিটীলৈ আগবঢ়োৱা ১০ হাজাৰ টকাৰ আৰ্থিক অনুদান লাভ কৰিলে জিলাখনৰ বিভিন্ন দুৰ্গাপূজা কমিটীয়ে। আজি ধুবুৰী চহৰৰ লায়ন্স ক্লাব প্ৰেক্ষাগৃহত আয়োজিত চেক বিতৰণ অনুষ্ঠানত ধুবুৰী বিধানসভা সমষ্টিৰ ১০২খন পূজা কমিটীকে ধৰি জিলাখনৰ সৰ্বমুঠ ৩৮৬খন দুৰ্গাপূজা কমিটীৰ কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ১০ হাজাৰ টকাৰ চেক। আজিৰ চেক বিতৰণ কাৰ্য্যসূচীত বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত, সাধাৰণ সম্পাদকদ্বয় ভগীৰথ ওজা আৰু নিৰ্মাল্য পাল, বিজেপিৰ অ’বিচি মৰ্চাৰ ধুবুৰী জিলাৰ সভাপতি উত্তম কুমাৰ প্ৰসাদ, দলটোৰ ধুবুৰী লোকসভা সমষ্টিৰ বিস্তাৰক বিমল ওচৱাল, ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, ভাৰতীয় জনতা যুব মৰ্চাৰ ধুবুৰী জিলা সভাপতি বিশ্বজিৎ দাস প্ৰমুখ্যে বিভিন্ন পূজা কমিটীৰ কাৰ্যকৰ্তা আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like