নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজা উপলক্ষে নগাঁৱত উখল-মাখল পৰিৱেশ

🔹 ১১ লাখ টকাৰ মুদ্ৰাৰ মণ্ডপেৰে চমক
বিশেষ বাৰ্তা, ২১ অক্টোবৰ : সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাতো আজি সপ্তমী বিহিত পূজা উপলক্ষে উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। পুৱাৰে পৰাই ভক্তিপ্ৰাণ ৰাইজে  দেৱীৰ আশীৰ্বাদ গ্ৰহণৰ বাবে পূজা মণ্ডপত ভিৰ কৰা পৰিলক্ষিত হয়। সকলোৱে দুৰ্গা দেৱীৰ শ্ৰীচৰণত পূজা-অৰ্চনা কৰি আশিস গ্ৰহণ কৰে। এইবাৰ নগাঁও জিলাৰ বিভিন্ন স্থানত চাৰি শতাধিক পূজা অনুষ্ঠিত হৈছে। অকল নগাঁও চহৰত ১২০খন পূজা অনুষ্ঠিত হৈছে। নগাঁও চহৰৰ এখন পূজাৰ ব্যতিক্ৰমী মণ্ডপ এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। খুচুৰা মুদ্ৰাৰে নিৰ্মাণ কৰা পূজা মণ্ডপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। নগাঁও চহৰৰ শনিমন্দিৰ দুৰ্গা পূজা সংঘই স্থানীয়  কাৰিকৰৰ সহায়ত হয়বৰগাঁও শনিমন্দিৰ পথত নিৰ্মাণ কৰিছে এই  ব্যতিক্ৰমী পূজা মণ্ডপ। এটকীয়া, দুটকীয়া, পাঁচটকীয়া আৰু দহটকীয়া খুচুৰা মুদ্ৰা ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে এই আটকধুনীয়া মণ্ডপ । ইয়াত ব্যৱহাৰ কৰা হৈছে ১১ লাখ টকাৰ খুচুৰা মুদ্ৰা। সম্ভৱতঃ শনিমন্দিৰ দুৰ্গা পূজা সংঘই দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰিছে খুচুৰা মুদ্ৰাৰ দুৰ্গা পূজাৰ মণ্ডপ। মন্দিৰৰ দানপাত্ৰত বিগত বৰ্ষত ৰাইজে দিয়া দান-বৰঙণিৰ খুচুৰা মুদ্ৰাৰ লগতে সংঘৰ বিষয়ববীয়াসকলৰ নিজা খুচুৰা মুদ্ৰা ব্যৱহাৰ কৰাৰ উপৰি ভাৰতীয় ষ্টেট বেংকৰ সহায়ত ১১ লাখ টকা খুচুৰা মুদ্ৰা সংগ্ৰহ কৰি মণ্ডপ নিৰ্মাণত ব্যৱহাৰ কৰিছে। প্ৰথমে প্লাই বৰ্ড ব্যৱহাৰ কৰি তাৰ ওপৰত লগাই দিয়া হৈছে ১১  লাখ টকাৰ খুচুৰা মুদ্ৰা। ওপৰ ভাগত সোণালী ৰঙৰ দহটকীয়া খুচুৰা মুদ্ৰা  ব্যৱহাৰ কৰাৰ লগতে তলৰ অংশত ৰূপালী এটকীয়া, দুটকীয়া, পাঁচটকীয়া খুচুৰা মুদ্ৰা ব্যৱহাৰ কৰা হৈছে। উল্লেখ্য যে শনিমন্দিৰৰ এই দুৰ্গা পূজাত প্ৰতিবছৰে ব্যতিক্ৰমী ৰূপত মণ্ডপ নিৰ্মাণ কৰি আহিছে। নগাঁও চহৰৰ হিন্দু মিলন মন্দিৰ পূজা উদযাপন সমিতিয়ে সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত দুৰ্গা পূজা উদযাপন কৰিছে। সমিতিৰ সভাপতি প্ৰহ্লাদ বণিক আৰু সম্পাদক সুজিৎ দাসে জনোৱা মতে, নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অপকাৰিতা, সুৰা সেৱন কৰি বাহন চলালে হব পৰা বিপদ, হেলমেট নিপিন্ধাকৈ বাহন চলালে হ’ব পৰা বিপদ আদিৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। এই প্ৰদৰ্শনীয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। আনহাতে, জিলাখনৰ শিলঘাট সাৰ্বজনীন দুৰ্গা পূজা উৎসৱ সমিতিয়ে এইবাৰ ১২৩ সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত কৰিছে। ব্ৰিটিছৰ আমোলত আৰম্ভ হোৱা এই দুৰ্গা পূজাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। দেৱী দশভুজাৰ বন্দনাৰে আজি সপ্তমীৰ দিনা নগাঁৱৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like