নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ : বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বেজেৰাত সংঘটিত হোৱা এক শোকাৱহ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলায়। সপ্তমী পূজাৰ উলাহৰ মাজতে আজি বেজেৰাৰ সমীপৰ ভোমোলাহাটীত সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা। প্ৰাপ্ত খবৰ অনুযায়ী নিজ ঘৰৰ নিকটৱৰ্তী পথাৰত জেচিবিৰে খন্দা পাৰ নথকা দ পুখুৰীত পৰি দুই শিশুৰ কৰুণ মৃত্যু ঘটে ৷ দুয়োটা শিশুৰ বয়স ক্ৰমে ৫ আৰু ৪ বছৰ । পানীত পৰাৰ পিছত স্থানীয় লোকৰ দ্বাৰা লগে লগে শিশু দুটিক বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও দুই শিশুক চিকিৎসকে মৃত ঘোষণা কৰে। বাইহাটা চাৰিআলি আৰক্ষীৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃত শিশু দুটিক জি এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে ৷ সলিল সমাধি ঘটা দুই শিশুৰ নাম ক্ৰমে পংকজ বেজৰ পুত্ৰ সুদীপ্ত বেজবৰুৱা আৰু সঞ্জয় শীলৰ পুত্ৰ মাধুৰ্য্য শীল। মৃত শিশু দুটিৰ পিতৃ সম্পৰ্কত ককাই-ভাই।
প্ৰেৰক লক্ষী ডেকা