নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী আঁচনিত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ বাৰেকুৰি গাঁও পঞ্চায়তত

🔹 আৱাস যোজনাৰ গৃহৰ নামত ২,০০০কৈ উৎকোচ লোৱাৰ অভিযোগ
বিশেষ বাৰ্তা, ২৪ অক্টোবৰ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ শ্ল’গান দিয়াৰ সময়তে স্বয়ং বিজেপিৰ নেতৃত্বত থকা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতি-অনিয়ম কৰাৰ গুৰুতৰ অভিযোগ। তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাৰেকুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী নিকুঞ্জ মহন্ত চেতিয়াই পঞ্চায়তটোৰ ৱাৰ্ড সদস্যসহ প্ৰধানমন্ত্ৰী আৱাস যোজনা বাসগৃহ প্ৰদান কৰিব বুলি প্ৰায় ৭১৭গৰাকী হিতাধিকাৰীৰ পৰা ২,০০০ টকাকৈ উৎকোচ লোৱাৰ উপৰি অৰুণোদয়, পি এম কিষাণ সন্মান নিধি, জব কাৰ্ডকে আদি কৰি অন্যান্য চৰকাৰী আঁচনি প্রদান কৰিব বুলি একাংশ লোকৰ পৰা উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত ৰাইজে বাৰংবাৰ ওজৰ-আপত্তি কৰাৰ পাছতো সভানেত্ৰীগৰাকীয়ে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে আৰু চৰকাৰী আঁচনিৰ পোৱাৰ আশাত সহজ-সৰল ৰাইজে কষ্টৰে ঘটা ধন দিও কোনোধৰণৰ চৰকাৰী আঁচনি লাভ নকৰাত দিশহাৰা হৈ কৃষক মুক্তি সংগ্ৰাম আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাষ চপাত সোমবাৰে বাৰেকুৰিৰ দীঘলসাঁকো ৰাজহুৱা খেলপথাৰত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰে । ৰাজহুৱা সভাৰ পৰাই স্থানীয় ৰাইজ, কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত দিনত সভানেত্ৰী নিকুঞ্জ মহন্ত চেতিয়াৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ আয়ুক্তক তথ্য সহকাৰে অভিযোগনামা দাখিল কৰিব বুলি সিদ্ধান্ত লয় আৰু তাৰ পাছতো যদি সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে তিনিচুকীয়া জিলা প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ৰাজপথৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে। উক্ত সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি পাপু দত্ত, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক ৰাহুল ছেত্ৰী, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক উমানন্দ মুদৈ মৰাণ, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ সভানেত্ৰী অনিতা সোণোৱালসহ সম্পাদিকা গুণমালা মৰাণ প্ৰমুখ্যে স্থানীয় ডেৰ শতাধিক লোক উপস্থিত থাকে।
প্ৰেৰক বিবেক বড়া
You might also like