নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ : বিজয়া দশমীৰ আনন্দ উল্লাসৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় বিহপুৰীয়াৰ মাজমজিয়াত৷ দুখনকৈ ব্যৱসায় প্ৰতিষ্ঠানত সংঘটিত এই অগ্নিকাণ্ডটোৰ ফলত প্ৰায় ১৫ লাখ টকাৰো অধিক সামগ্ৰী জাহ যোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে৷ বিহপুৰীয়া নগৰবাসী দুৰ্গা পুজাত ব্যস্ত থকাৰ সময়তে আজি প্ৰায় ১১মান বজাত সংঘটিত এই অগ্নিকাণ্ডটো সুত্ৰপাত হয় দোকানৰ ভিতৰত জলাই ৰখা এগচ বন্তিৰ পৰা। কনক সৰকাৰ আৰু বাবন সৰকাৰৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত এই অগ্নিকাণ্ডটো নিৰ্বাপিত কৰিবৰ বাবে বিহপুৰীয়াস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ এটি দল উপস্থিত হৈ জুই নিৰ্বাপিত কৰে যদিও ইতিমধ্যে জুই নিৰ্বাপন কৰাৰ আগতেই প্ৰতিষ্ঠানটোৰ ভিতৰত থকা সকলো সামগ্ৰী জুইত জাহ যায়। ব্যৱসায় প্ৰতিষ্ঠানটোৰ স্বতাধিকাৰীয়ে জানিবলৈ দিয়া মতে পুৰ্বৰ দৰে আজিও পুৱা ভাগতে ব্যৱসায় প্ৰতিষ্ঠানটোত ধূপ ধূনা আৰু বন্তি প্ৰজ্বলন কৰা হৈছিল ৷ দুৰ্ভাগ্যবশত সেই বন্তিগছিৰ পৰা ব্যৱসায় প্ৰতিষ্ঠানটোৰ বেৰত জুই লাগে ৷ সেই জুই সমগ্ৰ ব্যৱসায় প্ৰতিষ্ঠান দুটালৈ বিয়পি পৰে। আৰু তাৰ পিছতেই ভয়ঙ্কৰ ৰূপ ধাৰণ কৰে ৷ স্থানীয় লোকৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় ৷ একাংশ সচেতন লোকৰ তৎপৰতাত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে।
প্ৰেৰক সঞ্জীৱ দত্ত