নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৈনিক ৮ কেজি পঠাৰ মাংসই কাল বাবৰহঁতৰ

বিশেষ বাৰ্তা, ২৪ অক্টোবৰঃ আফগানিস্তানৰ বিৰুদ্ধে পৰাজয় সহজভাৱে ল’ব পৰা নাই ৱাছিম আক্রামে৷ পাকিস্তানৰ গোটেই দলটোক লৈ বিৰক্ত প্রাক্তন অধিনায়কগৰাকী৷ তেওঁ বাবৰ আজমহঁতৰ ফিটনেচক লৈ প্রশ্ন উত্থাপন কৰিছে৷ তেওঁলোকে পুনৰ পাকিস্তানৰ জার্ছিত খেলাৰ যোগ্য নেকি বুলিও প্রশ্ণ উত্থাপন কৰিছে প্রাক্তন বাওঁহতীয়া পেচাৰগৰাকীয়ে৷ সোমবাৰে চেন্নাইত আফগানিস্তানৰ হাতত ৮ উইকেটত পৰাজিত হয় পাকিস্তান৷ ইয়াৰ লগে লগে দলটোৰ ছেমিফাইনেলত প্রৱেশৰ পথো কঠিন হৈ পৰিল৷ দলৰ খেলুৱৈসকলৰ ফিটনেচ দেখি আক্রামে কয়– বাবৰ আজমহঁতৰ ফিটনেচ প্রত্যক্ষ কৰি ধাৰণা হৈছে তেওঁলোকে প্রতিদিনে ৮ কেজিকৈ মাটন খায়৷ পাকিস্তানৰ স্প’টছ চেনেল এ স্প’টছৰ অনুষ্ঠান দ্য পেভিলিয়নত ক্রিকেটাৰসকলক ফিটনেচক লৈ এই প্রশ্ণ তুলিছে আক্রামে৷ তেওঁ লগতে কয়– ক্রিকেটাৰসকলৰ ফিল্ডিং আৰু ফিটনেচ দেখি চূড়ান্তভাৱে হতাশ হৈছোঁ৷ বিগত দুবছৰৰ ভিতৰত তেওঁলোকে কোনো ফিটনেচ পৰীক্ষা দিয়া নাই৷ ক্রিকেটাৰসকলক দেখি ধাৰণা হয় প্রতিদিনে তেওঁলোকে ৮ কেজিকৈ মাটন খায়৷ পাক ক্রিকেটাৰসকলৰ দায়ৱদ্ধতা সম্পর্কত আক্রামে কয়– দেশৰ হৈ খেলাৰ বাবে ক্রিকেটাৰসকলে টকা পায়৷ মিছবহউল হক প্রশিক্ষক থকা সময়ত নিয়ম–কানুন আছিল৷ ক্রিকেটাৰসকলে তেওঁক পছন্দ কৰা নাছিল৷ ফিল্ডিং নির্ভৰ কৰে ফিটনেচৰ ওপৰত৷ কিন্তু এইক্ষেত্রত যথেষ্ট পিছ পৰি আছে পাকিস্তান৷ উল্লেখ্য যে দলটোৱে এই পর্যন্ত ৫খন মেচ খেলিছে যদিও দুখনতহে জয়লাভ কৰিছে৷
#নিয়মীয়া বাৰ্তা ডিজিটেল ডেস্ক

You might also like