এটা ষ্ট্ৰেইট ছিক্সাৰ মাৰিব নোৱাৰা বাবৰ কোন?
বিশেষ বাৰ্তা, ২৫ অক্টোবৰঃ চলিত বিশ্বকাপত পাকিস্তানৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত দলৰ অধিনায়ক বাবৰ আজমক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰা হৈছে। আফগানিস্তানৰ হাতত পাকিস্তানৰ পৰাজয়ৰ পিছত পাকিস্তানৰ ক্ৰিকেট বিশেষজ্ঞ আৰু প্ৰাক্তন ক্ৰিকেটাৰে অধিনায়ক বাবৰ আজমক সমালোচনা কৰিছে। ইফালে দলটোৰ প্ৰাক্তন অলৰাউণ্ডাৰ আব্দুল ৰাজ্জাকে এটা শ্ব’ৰ জৰিয়তে বাবৰ আজমক তীব্ৰ সমালোচনা কৰে। আব্দুল ৰাজ্জাকে বাবৰ আজমক সমালোচনা কৰা ভিডিঅ’টো ছ’চিয়েল মিডিয়াত অতি দ্ৰুতগতিত ভাইৰেল হৈ আছে। ভিডিঅ’টোত তেওঁ কৈছে, এই ১ নম্বৰ কোন, যিয়ে ষ্ট্ৰেইট ছয় মাৰিব নাজানে? এই ভিডিঅ’টো চলিত বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ পৰাজয়ৰ পিছত। এই সময়ছোৱাত আব্দুল ৰাজ্জাকৰ লগতে প্ৰাক্তন পাকিস্তানী বেগী বলাৰ মহম্মদ আমিৰ আৰু অলৰাউণ্ডাৰ ইমাদ ৱাছিমকো দেখা যায়। পাকিস্তানী টিভি শ্ব’ ‘হান্সনা মানা হায়’ত আব্দুল ৰাজ্জাকে বাবৰ আজমৰ বিষয়ে কয়, “মই আগতেও কৈছিলোঁ যে এই ১ নম্বৰ কোন, যিয়ে ষ্ট্ৰেইট ছয় মাৰিব নাজানে। আপুনি দেখিছে বাবাৰ যি আউট হৈছে, তেওঁৰ বডি বল আৰু শ্বট চেক কৰক আৰু ইয়াৰ পিছত কোন বলাৰ? অভিষেক ঘটোৱা নুৰ। ইমান বল আছিল…এটা আউট বল একেবাৰেই নাছিল। প্ৰতিটো বলৰ গুৰুত্ব অতি বেছি। আপুনি ৯২টা বলত ৭৪ ৰান কৰিছিল।” চিলত বিশ্বকাপত বাবৰে এতিয়ালৈকে কোনো উল্লেখনীয় বৰঙণি দিব পৰা নাই। লগতে আফগানিস্তানৰ দৰে তুলনামূলকভাবে সৰু দলৰ বিৰুদ্ধেও পৰাস্ত হৈছে। বাবৰে এতিয়ালৈকে আফগানিস্তানৰ বিৰুদ্ধে ৭৪, নেদাৰলেণ্ডৰ বিৰুদ্ধে ৫, শ্ৰীলংকাৰ বিৰুদ্ধে ১০, ভাৰতৰ বিৰুদ্ধে ৫০ ৰান, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৮ ৰানহে কৰিছে।
#নিয়মীয়া বাৰ্তা ডিজিটেল ডেস্ক