অলিম্পিক– শব্দটোতে যেন লুকাই আছে আৱেগ, সন্মান, য’ত যৌৱন টলমল এচাম লোকৰ কঠোৰ সাধনা আৰু সপোনে মান্যতা লাভ কৰে৷ পৃথিৱীয়ে বাট চায় ক্রীড়াৰ সেই মহাৰণৰ বাবে৷ সেই অলিম্পিক স্বদেশৰ মাটিত হ’ব বুলি ভাবিলেই শিহৰিত হয় দেহ–মন৷ গোৱাত হৈ থকা নেচনেল গেমছৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক উৎফুল্লিত কৰি ঘোষণা কৰিছে যে ২০৩০ত যুৱ অলিম্পিক আৰু ২০৩৬ত ভাৰতে অলিম্পিক অনুষ্ঠিত কৰিবলৈ অনুমতিৰ বাবে আবেদন জনাব৷ চীনত শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা এছিয়ান গেমছত ভাৰতে ১০৭টা পদক লাভেৰে ক্রীড়া ক্ষেত্রত নিজৰ সফলতা সগৌৰৱে ঘোষণা কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও ক্রীড়াবিদসকলক প্রশংসাৰে ওপচাই পেলাইছে আৰু ভাৰতত ক্রীড়াৰ অযুত সম্ভাৱনাক উদাৰতাৰে স্বীকাৰ কৰিছে৷ মোদীৰ মতে, ভাৰতত অজস্র সম্ভাৱনাময় খেলুৱৈ আছে আৰু এছিয়ান গেমছত ভাৰতৰ সফলতাৰ কাহিনীয়ে নৱপ্রজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিব৷ কিন্তু ক্রীড়াপ্রেমীৰ মনত এই সফলতাই পর্যাপ্ত সন্তুষ্টি দিব পৰা নাই৷ কাৰণ ভাৰতৰ দৰে জনবহুল দেশখনত আৰু বহুত খেলুৱৈৰ সফলতাৰ বাতৰি আমাক লাগিছিল৷ এইক্ষেত্রত যে কেৰোণ আছে সেয়া অপ্রিয় হ’লেও সত্য৷ ভাৰতৰ খেলুৱৈৰ প্রধান সমস্যা হৈছে অধিকাংশ ক্রীড়া প্রকল্পৰ দুর্বল আন্তঃগাঁথনি৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভাৰতৰ খেলুৱৈসকলৰ আর্থিক উন্নতিৰ বাবে ক্রীড়া আঁচনিসমূহত পৰিৱর্তন অনাৰ কথাও কৈছে৷২০১৪ চনৰ পৰাই চৰকাৰে ক্রীড়া ক্ষেত্রত আন্তঃগাঁথনি উন্নত কৰা বাবেই আজি ভাৰতৰ খেলুৱৈয়ে সাফল্য লাভ কৰা বুলি মোদীয়ে কৈছে৷ তদুপৰি ২০২৩–২৪ বর্ষৰ বাজেটতো খেলৰ বাবে বৃহৎ পুঁজি নির্ধাৰণ কৰা হৈছে৷ কিন্তু বাস্তৱত ভাৰতৰ কিমান খেলুৱৈ চৰকাৰৰ আঁচনিসমূহৰ দ্বাৰা উপকৃত হৈছে বা আঁচনিসমূহৰ বিষয়ে অৱগত, সেয়াও চিন্তাৰ বিষয়৷
চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰা সত্ত্বেও দেশৰ ভিতৰুৱা অঞ্চলৰ বহু খেলুৱৈয়ে দৰিদ্রতাৰ বাবেই খেল জগতখনৰ পৰা নিজক আঁতৰাই আনিবলৈ বাধ্য হয়৷ বহুতেই পুষ্টিকৰ আহাৰৰ অভাৱত ভোগে৷অনুশীলনৰ পৰিৱর্তে বহুতে উপার্জনৰ বাবে অধিক সময় ব্যয় কৰিব লগা হয়৷ ফলত মানসিকভাৱেও ভাগি পৰে তেওঁলোক৷ বহুতে আনকি ৰাষ্ট্রীয় পর্যায়ৰ খেলত অংশগ্রহণেৰে দেশক গৌৰৱৰ সুযোগ দিয়াৰ পিছতো সুবিধাৰ অভাৱত এদিন ক’ৰবাত হেৰাই যায়৷ সঠিক দিকদর্শকৰ অভাৱতো বহুতে নিজৰ প্রতিভা আৰু সম্ভাৱনীয়তাক সঠিক মাত্রা প্রদানত ব্যর্থ হয়৷ গাঁও অঞ্চলত খেলকো কেৰিয়াৰ হিচাপে লৈ যে জীৱন গঢ়িব পাৰি সেই বিষয়ে সজাগতা কম৷ সামাজিকবাধা–নিষেধ, অন্ধবিশ্বাসৰ বাবেও ছোৱালী খেলুৱৈসকল নানা বাধা–নিষেধৰো সন্মুখীন হয়৷ এই সমস্যা সমাধানৰ বাবে প্রত্যন্ত অঞ্চলত আন সামাজিক সমস্যাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ দৰেই ক্রীড়াৰ বিষয়েও সজাগতা সৃষ্টিৰ প্রয়াস কৰিব লাগিব৷ অন্যথা নিজ দেশৰ মাটিত অলিম্পিক আয়োজন হ’লেও এইসকল খেলুৱৈৰ জীৱনলৈ কোনো পৰিৱর্তন নাহে৷ অলিম্পিকেই হওক বা আন কোনো বৃহৎ ক্রীড়া মহোৎসৱেই হওক, যিখন দেশত আয়োজন কৰা হয়, সেইখন দেশৰ ক্রীড়াংগণসমূহে এক নতুন ৰূপ লাভ কৰে৷ ঠাইখনৰ আর্থিক–সামাজিক দিশত যথেষ্ট উন্নতি হয়৷বহুতে জীৱিকা লাভ কৰে৷ পর্যটন উদ্যোগৰো উন্নতি হয়৷ প্রধানমন্ত্রীগৰাকীয়্ কৈছে যে ১৩ বছৰৰ ভিতৰত ভাৰত বিশ্বৰ প্রধান অর্থনৈতিক শক্তিসমূহৰ অন্যতম হৈ পৰিব৷ প্রতিগৰাকী ভাৰতীয়ৰ জনমূৰি আয়ো বৃদ্ধি হ’ব৷ অলিম্পিক আয়োজনে যদি সঁচাকৈয়ে দেশৰ অৱহেলিত অঞ্চলৰ প্রতিভাসমূহক প্রশিক্ষণ লাভৰ সুযোগ দিব পাৰে, হতাশাৰ গহ্বৰৰ পৰা উলিয়াই পোহৰৰ বাট দেখুৱাব পাৰে, তাতকৈ সুখৰ খবৰ কি হ’ব পাৰে? কিন্তু অলিম্পিক আয়োজনৰ বাবে যি উন্নত আন্তঃগাঁথনিৰ প্রয়োজন হ’ব, বৃহৎ অংকৰ ধনৰ প্রয়োজন হ’ব, সেইসমূহ ভাৰতে বহন কৰিব পাৰিবনে? অপ্রিয় হ’লেও এই প্রশ্ণই সদায়েই সচেতন নাগৰিকৰ মনত দোলা দি থাকিব৷