নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত সাঙীৰে ৰোগীক চিকিৎসালয়লৈ

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ : বাট-পথৰ দুৰাৱস্থা, বিধ্বস্ত পথৰ বাবেই নচলে এম্বুলেন্স। নগৰবেৰাত উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই এম্বুলেন্সৰ অভাৱত সাঙীৰে চিকিৎসালয়লৈ নিবলগীয়া হৈছে এগৰাকী মুমূৰ্ষুু ৰোগীক | ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ১০০ কিঃমিঃ নিলগত খোদ কামৰূপৰ নগৰবেৰাত পোহৰলৈ আহিছে এই পুতৌজনক ছবি | নগৰবেৰাৰ ৰাজপথত প্ৰায়ে প্ৰত্যক্ষ কৰা হয় এনেবোৰ কৰুণ ছবি | বিকশিত অসমৰ এক কৰুণ ছবি, য’ত এজন মুমূৰ্ষু ৰোগীক একমাত্ৰ চৰকাৰী এম্বুলেন্সৰ অভাৱত এনেদৰে সাঙী কৰি নিবলগীয়া হ’ল চিকিৎসালয়লৈ| একমাত্ৰ বিধ্বস্ত বাট-পথৰ বাবেই আদিম পন্থাৰে ৰোগীক নিব লাগে চিকিৎসালয়লৈ | নগৰবেৰাৰ পাহাৰপাৰা সংযোগী জলজলী নৈৰ ওপৰত আজিকোপতি নহ’ল এখন পকী দলং। ফলত বিধ্বস্ত কাঠৰ দলঙেৰে পাৰাপাৰ নহয় এম্বুলেন্স ,উপায়বিহীন গঞাই সাঙী অথবা ঠেলাৰে ৰোগীক নিব লাগে চিকিৎসালয়লৈ। শনিবাৰে পুৱাই প্ৰত্যক্ষ কৰা হয় এই পুতৌজনক কাণ্ড | স্বাধীনতাৰ ৭৫ বছৰ পাছতো এনে কৰুণ ছবিয়ে ভবাই তুলিছে ৰাইজক। শীঘ্ৰে অঞ্চলটোৰ ৰাস্তা-ঘাটৰ উন্নয়নৰ দ্বাৰা ৰাইজে পৰিৱৰ্তন ত্বৰান্বিত কৰাৰ আবেদন জনাইছে চৰকাৰক |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like