নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৩ লাখ টকাৰ সামগ্ৰী বিক্ৰীৰে অভিলেখ

🔹 বজালীত ‘অসমী চৰচ মেলা’

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ : নামনি অসমৰ ভিতৰতে পাঠশালাত প্ৰথমবাৰৰ বাবে আয়োজিত “অসমী চৰচ মেলা”ত ৰাইজৰ ব্যাপক সঁহাৰিৰে অভিলেখসংখ্যক উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পৰিপ্ৰেক্ষিতত সন্তোষ প্ৰকাশ কৰিছে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ আজি পাঠশালাত সংবাদ মাধ্যমযোগে মন্ত্ৰীগৰকীয়ে জানিবলৈ দি কয় যে যোৱা ১৮ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈকে বজালী জিলা সদৰ পাঠশালাত অনুষ্ঠিত হৈছিল অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত “অসমী চৰচ মেলা, ২০২৩”৷ বজালীৰ দৰে গ্ৰাম্য অঞ্চলত এই মেলা কিমান দূৰ সফল হ’ব পাৰিব, তাৰ কোনো অনুমান নাছিল৷ বিভাগৰ বাবে আছিল এয়া এক প্ৰত্যাহ্বান৷ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি অসমী চৰচ মেলাই যোৱা ১৮ অক্টোবৰত যাত্ৰা আৰম্ভ কৰিলে৷ সহযোগী হিচাপে আছিল মুঠ ৫২খন বিপণী, যাৰ ভিতৰত অসমৰ আত্মসহায়ক গোটৰ সদস্যাসকলৰ আছিল ৪০খন বিপণী আৰু অসমৰ বাহিৰৰ আন আন ৰাজ্যৰ পৰা অহা বিপণী আছিল ১২খন৷ এই মেলাত উপলব্ধ আছিল আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত পৰম্পৰাগত সাজ-পোছাক, থলুৱা হস্তনিৰ্মিত সা-সামগ্ৰীৰ লগতে বিভিন্ন জনজাতীয় খাদ্য সম্ভাৰ আৰু আচবাব৷ তেওঁ অতি উল্লাসেৰে কয় যে বজালীবাসী ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে অসমী চৰচ মেলাক এক অনন্য গতি প্ৰদান কৰিলে৷ দহদিনীয়াকৈ অনুষ্ঠিত মেলাখনে সৰ্বমুঠ ৫২,৯৯,৩৮৩ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়৷ ইয়াৰ ভিতৰত অসমৰ বিপণীসমূহৰ মুঠ ৩৭,৪০,২৮৩ টকা উপাৰ্জন হোৱাৰ লগতে আন ৰাজ্যৰ বিপণীৰ উপাৰ্জন হৈছে মুঠ ১৫,৫৯,১০০ টকা ৷ মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগৰ লগতে আত্মসহায়ক গোটৰ সদস্যাসকলৰ বাবে এয়া নিশ্চিত ৰূপত এক সন্তোষজনক আৰু আশাৰ বতৰা ৷ গোটৰ মহিলাসকলৰ দ্বাৰা উৎপাদিত থলুৱা সামগ্ৰীয়ে ৰাইজৰ আদৰ-স্নেহ লাভ কৰাটোৱে তেওঁলোকক আনন্দিত আৰু উৎসাহিত কৰি তুলিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি বিভাগীয় মন্ত্ৰী হিচাপে গোটৰ মহিলাসকলক আন্তৰিক শুভেচ্ছা আৰু বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক ধন্যবাদ জনোৱাৰ লগতে তেওঁ এই মেলাখনক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে বজালীবাসীক শ্ৰদ্ধা নিবেদন কৰে৷ উল্লেখ্য যে অসমৰ মহিলাসকলৰ আত্মসহায়ক গোটসমূহৰ দ্বাৰা ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰাৰ উদ্দেশ্য আগত লৈ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ তৎপৰতাত অসম ৰাজ্যিক গ্ৰামীণ অভিযানে পাঠশালাত যোৱা ১৮ অক্টোবৰৰ পৰা দহদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ‘অসমী চৰচ মেলা ২০২৩’৷ নামনি অসমৰ ভিতৰতে পাঠশালাত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই চৰচ মেলাত ইতিমধ্যে ৰাজ্যৰ স্থানীয় আত্মসহায়ক গোটৰ বিপণীৰ লগতে ৰাজস্থান, উত্তৰ প্ৰদেশ, জম্মু কাশ্মীৰ আদি ৰাজ্যৰ ভালেসংখ্যক বিপণীয়ে অংশগ্ৰহণ কৰিছিল৷ পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই মেলাত অসমৰ প্ৰতিখন জিলাৰ লগতে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ পৰা অহা মুঠ ৫৫ খন বিপণীয়ে অংশগ্ৰহণ কৰিছিল৷ বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদিও অনুষ্ঠিত কৰা এই মেলাখনে প্ৰথম প্ৰচেষ্টাতে লাভ কৰা সফলতাত সন্তোষ প্ৰকাশ কৰি আজি বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত তেওঁৰ মনোভাব ব্যক্ত কৰি ৰাজ্যবাসীলৈ লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে৷

প্ৰেৰক কল্যাণ কলিতা৷

You might also like