নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুকাই মৰুময় হৈ পৰিছে চিৰযৌৱনা ৰঙানদীৰ বুকু

🔹 নীপকোৰ মুনাফালোভী মানসিকতাত আৰু এখন নৈৰ অপমৃত্যু

বিশেষ বার্তা, ২৯ অক্টোবৰ : ৰাষ্ট্রীয় জলবিদ্যুৎ শক্তি নিগম এনএইচপিচিৰ হঠকাৰী কার্যই চিৰযৌৱনা, ইতিহাসপ্রসিদ্ধ সোৱণশিৰিৰ অপমৃত্যু ঘটালে৷ পৰহিৰ পৰা গেৰুকামুখ প্রকল্পৰ নামনিৰ দিশে সোৱণশিৰি শুকাই বক্ষ উদং হৈ পৰে৷ পাহাৰ খহি প্রকল্পটোৰ টানেলৰ মুখ বন্ধ হৈ পৰা খবৰৰ বিপৰীতে লখিমপুৰ অথবা ধেমাজি জিলা প্রশাসনে এনএইচপিচিয়ে জলাধাৰ পৰিপূর্ণ কৰিবৰ বাবে নদীখনৰ পানী বন্ধ কৰা বুলি প্রকাশ কৰাৰ লগতে যিকোনো সময়ত পানী এৰি দিলে নামনিৰ ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ প্রতি লক্ষ্য ৰাখি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰি বিবৃতি দিছে৷ ইয়াৰ মাজতে কালি প্রকল্পটোৰ সন্মুখত প্রতিবাদৰ ধ্বনি উঠিছে৷ সোৱণশিৰি প্রকল্পক লৈ পৰহিৰে পৰা চলি থকা এনে চর্চাৰ মাজতে ৰঙানদীক লৈও ৰাইজে প্রতিক্রিয়া প্রকাশ কৰিছে৷ কিয়নো যোৱা কিছু দিনত ৰঙানদী শুকাই অপমৃত্যুৰ কবলত পৰিছে৷ নদীখনৰ বুকু এতিয়া মৰুভূমিসদৃশ৷ যিখন নদীৰ বুকু বাৰিষা দোকোল–টকা হৈ থাকে, সেইখন নদীৰ বুকু এতিয়া মৰুভূমিসদৃশ হৈ আছে৷ উত্তৰ–পূব শক্তি নিগম নীপকোৱে ৰঙানদী প্রকল্পৰ আটাইকেইখন গেট বন্ধ কৰি ৰখাৰ বাবে নদীখনত পানী নোহোৱা হৈ পৰে৷ শক্তি উৎপাদনৰ স্বার্থত প্রকল্পটোৰ জলাধাৰত জলৰাশি পৰিপূর্ণ কৰিবৰ বাবে গেটসমূহ বন্ধ কৰি ৰখাৰ বাবে নদীখনৰ স্বাভাৱিক প্রৱাহ বন্ধ কৰি দিয়া হয় আৰু ইয়াৰ বাবে নদীখনৰ বক্ষই মৰুভূমিৰ ৰূপ ধাৰণ কৰে৷ জীৱ–জন্তু, চৰাই–চিৰিকটিয়ে খাবলৈও এটোপাল পানী নাই নদীখনৰ সৰহভাগ অংশতে৷ নদীখন এনেদৰে মৰি শুকাই যোৱাৰ ফলত নৈপৰীয়া অঞ্চলসমূহৰ জৈৱ–বৈচিত্র্যৰ ক্ষতি হোৱাটো পৰিস্ফুট হৈ পৰিছে৷ এফালে এনএইচপিচিয়ে সোৱণশিৰি নদী আৰু আনফালে নীপকোৱে ৰঙানদীক অপমৃত্যুলৈ ঠেলি দিয়াত ৰাইজে তীব্র উৎকণ্ঠা প্রকাশ কৰিছে৷ চিৰ স্রোতস্বিনী ৰঙানদীত বাৰিষা প্রকল্পৰ অতিৰিক্ত জলৰাশি মোকলাই দি বলিয়া কৰি ৰাইজৰ জীৱন–সম্পত্তি বিনষ্ট কৰাৰ বিপৰীতে আকৌ খৰালি সম্পূর্ণ নদীখনৰ পানী বন্ধ কৰি দি শুকুৱাই পেলাই নৈপৰীয়া অঞ্চলৰ পাৰিপার্শ্বিকতাৰ ক্ষতি কৰা হৈছে৷ নীপকোৰ এনে কার্যত ৰাইজে তীব্র গৰিহণা দিছে৷ প্রকৃতিৰ ওপৰত এনেদৰে বহুজাতিক কোম্পানীয়ে অত্যাচাৰ কৰা কার্যক বিভিন্ন দল–সংগঠনে তীব্র সমালোচনা কৰি গৰিহণা দিছে৷ নীপকোৰ বা এনএইচপিচিৰ বাবেই ৰঙানদী আৰু সোৱণশিৰি অপমৃত্যুৰ কবলত পৰিবলগীয়া হৈছে৷ সোৱণশিৰি প্রকল্পৰ নির্মাণ আৰম্ভ কৰাৰ সময়ৰ পৰা এনএইচপিচিৰ বিৰুদ্ধে যিদৰে বিভিন্ন দল–সংগঠনে প্রতিবাদ সাব্যস্ত কৰি আহিছে, তেনেদৰে ৰঙানদী প্রকল্প নির্মাণৰ সময়তো প্রতিবাদ সাব্যস্ত কৰা হৈছিল৷ পিছে কেন্দ্রীয় চৰকাৰৰ পৃষ্ঠপোষকতাৰে বলীয়ান নীপকো বা এনএইচপিচিয়ে এইবোৰলৈ গুৰুত্ব নিদিলে৷ বৰং নির্মাণ সম্পূর্ণ কৰি শক্তি উৎপাদনতহে গুৰুত্ব আৰোপ কৰিলে৷ ৰঙানদী প্রকল্পৰ কুফল প্রত্যক্ষ কৰাৰ পিছতো সোৱণশিৰি প্রকল্পক চৰকাৰে আদৰি আনিলে৷ ৰাইজ তথা বিভিন্ন দল–সংগঠনে এই প্রকল্পৰ পৰা ভৱিষ্যতে যিবোৰ কুফলৰ আশংকা কৰি প্রতিবাদ সাব্যস্ত কৰি আছে, তেনে কুফলবোৰ ইতিমধ্যে প্রকাশ পাব ধৰিছে৷ যাৰ বাবে এতিয়া কেৱল লখিমপুৰ অথবা ধেমাজি জিলাই নহয়৷ সমগ্র উত্তৰ অসমে শিতানত এটা জলবোমা লৈ প্রতিনিয়ত সংশয় আৰু দুর্ভাবনাৰে সময় কটাব লাগিব৷ আনহাতে, নামনি সোৱণশিৰি বৃহৎ জলবিদ্যুৎ প্রকল্পৰ উৎপাদন আৰম্ভ নৌহওঁতেই নামনিৰ ৰাইজে কুফল ভুগিবলগীয়া হৈছে৷ পৰহিৰে পৰা সর্বাধিক চর্চাত আছে প্রকল্পটো৷ প্রকল্পটোত নদীখনৰ জলৰাশি আবদ্ধ হৈ পৰাৰ ফলত নদীখন প্রকল্পৰ নামনি দিশে শুকাই গৈছে৷ অৱশ্যে কালি প্রকল্পটোৰ পৰা কিছু পৰিমাণৰ পানী মুকলি হৈ আহিছে৷ পানী মুকলি হৈ আহিলেও পূর্বৰ অৱস্থা পাবলৈ এতিয়াও বহু বাকী৷ এই ঘটনাৰ পৰিপ্রেক্ষিতত ১৯৫০ৰ বৰভূঁইকঁপৰ পিছৰ বিভীষিকাৰ পুনৰাবৃত্তি ঘটিব পাৰে বুলি নৈপৰীয়া ৰাইজে বিনিদ্র ৰজনী কটাবলগীয়া হৈছে৷ প্রকল্পটো নির্মাণকাৰী প্রতিষ্ঠান ৰাষ্ট্রীয় জলবিদ্যুৎ শক্তি নিগমৰ হঠকাৰী কার্যক গৰিহণা দি ৰাইজে পুনৰবাৰ প্রকল্পটো বন্ধ কৰাৰ দাবী তুলিছে৷ এনেবোৰ ঘটনা–পৰিঘটনাই পৰিৱেশ উত্তাল কৰি ৰখা সময়তে আন কেতবোৰ আনুষংগিক প্রশ্ণও উত্থাপন হৈছে৷ কিয়নো সোৱণশিৰি নদীত আছিল দুষ্প্রাপ্য জলজ প্রাণী শিহু৷ গ্রীন হেৰিটেজকে ধৰি একাধিক সংস্থাই ২০০৮ চনত নদীখনৰ প্রকল্পৰ নামনিৰ দিশে চলোৱা অনুসন্ধানত ২২টা পর্যন্ত শিহুৰ উপস্থিতি প্রত্যক্ষ কৰিছিল৷ তেনেদৰে সম্ভৱতঃ ৰাজ্যখনৰ ভিতৰতে একমাত্র সোৱণশিৰি নদীত পোৱা গৈছিল বিৰল প্রজাতিৰ সোণালীপিঠীয়া মাছ৷ সম্প্রতি নদীখনৰ পানী শুকাই যোৱা সময়ত শিহু অথবা সোণালীপিঠীয়া মাছৰ সন্ধান পোৱা নাই৷ এই ক্ষেত্রত অভিজ্ঞসকলৰ মতে নদীখনত প্রকল্পটোৰ বাবে ক্রমে পানী কমি যাবলৈ ধৰাত শিহু অথবা সোণালীপিঠীয়া মাছ ভটিয়াই ব্রহ্মপুত্রলৈ গুচি যায়৷ সোৱণশিৰি ব্রহ্মপুত্রত পৰা বাবে শিহু অথবা সোণালীপিঠীয়া মাছ ব্রহ্মপুত্রলৈ ভটিয়াই যায় বুলি অভিজ্ঞসকলে মত প্রকাশ কৰিছে৷ লক্ষণীয় দিশটো হ’ল– প্রকল্পটোৰ ফলত নদীখনৰ স্বাভাৱিক জলস্রোত চিৰদিনৰ বাবে অগতানুগতিক হৈয়েই থাকিব৷ সেয়ে এনে এখন নদীত স্বাভাৱিকভাৱে শিহু অথবা সোণালীপিঠীয়া মাছ বিচৰণ কৰিবলৈ নাহে৷ যাৰ বাবে শিহু, সোণালীপিঠীয়া মাছ বিচৰণ কৰা গর্বৰ পৰা নাম হেৰুৱাই পেলাব সোৱণশিৰি নদীয়ে৷

প্ৰেৰক জীৱন গোস্বামী

You might also like