ইজৰাইল-হামাছ সংঘাত : প্রগতিবাদীৰ পক্ষপাতিত্ব
🔹 ড০ জয়ন্ত বিশ্ব শর্মা
ইজৰাইল আৰু গাজা পটি (Gaza Strip) ভূমিখণ্ড শাসন কৰা সন্ত্রাসবাদী সংগঠন হামাছৰ মাজত যুদ্ধৰ ভয়াৱহতাই আলোড়ন কৰিছে৷ সাত অক্টোবৰৰ দিনা প্রায় আঢ়ৈ হেজাৰ হামাছ সন্ত্রাসবাদীয়ে অতর্কিতে ইজৰাইল–গাজা নিৰাপত্তা সীমান্ত অতিক্রম কৰি চৈধ্যশৰো অধিক আবাল–বৃদ্ধ–বনিতাক সংহাৰ কৰে৷ দুশৰো অধিক সাধাৰণ লোকক বন্দী কৰি নিছে৷ শিশু হত্যাৰ দৃশ্যও পোহৰলৈ আহিছে৷ অমানুষিক হিংসাৰ ই সম্ভৱতঃ আটাহতকৈ কুখ্যাত নিদর্শন৷ প্রায় সমগ্র বিশ্বই এই কাণ্ডক একমুখে গৰিহণা দিছে, লগতে ইজৰাইলৰ প্রতিকাৰমূলক কার্য কৰাৰ অধিকাৰক মান্যতা দিছে৷ অনিবার্যভাৱে ইজৰাইলে প্রচণ্ড শক্তিৰে হামাছৰ দুর্গত আঘাত হানিছে৷ কিন্তু এইখিনিতেই পৰিস্থিতি ধূসৰ হৈছে, তৃতীয় পক্ষৰ বাবে এটা নৈতিক সংকটৰ সৃষ্টি হৈছে৷ কাৰণ হামাছৰ দুর্গ হৈছে সাধাৰণ মানুহৰ আৱাসস্থলীৰ মাজত৷ গাজা পটিৰ মাটিৰ তলত সুৰংগৰ এক জাল গঢ়ি তুলিছে৷ সামগ্রিকভাৱে অঞ্চলটো ইজৰাইলৰ অধীনত, কিন্তু পেলেষ্টাহনী লোকৰ সংখ্যাধিক্য থকা গাজা পটি ২০০৭ চনৰ পৰাই হামাছৰ দ্বাৰা স্বায়ত্তশাসিত৷ ঠিক তেনেদৰে ৱেষ্ট বেংক, আনটো পেলেষ্টাইনী সংখ্যাধিক্য থকা অঞ্চল, পেলেষ্টাইন নেচনেল অথ’ৰিটীৰ দ্বাৰা শাসিত৷ পেলেষ্টাইন নেচনেল অথ’ৰিটীও ইজৰাইলবিৰোধী, কিন্তু হামাছৰ দৰে সন্ত্রাসবাদী নহয়৷ ২০০৭ চনত নৰম পেলেষ্টাইনী সংগঠনক অপসাৰিত কৰি হামাছ শাসনলৈ আহে৷ তেতিয়াৰ পৰা তাত নির্বাচন হোৱা নাই৷ কিন্তু অধিকাংশ লোকেই সন্ত্রাসবাদী হামাছৰ সমর্থক বুলি ধাৰণা কৰা যায়৷ হামাছৰ ঘোষিত লক্ষ্য হৈছে ইজৰাইলৰ অস্তিত্ব বিনাশ কৰা৷
ইজৰাইলৰ প্রতিকাৰমূলক হামাছবিৰোধী আক্রমণাত্মক কার্যত হেজাৰ হেজাৰ গাজা পটিৰ সাধাৰণ অধিবাসীৰ মৃত্যু হৈছে৷ ইজৰাইলে নির্দিষ্ট লক্ষ্যত বোমাবর্ষণৰ পূর্বে সাৱধান কৰি সময় দিয়ে যাতে ধন–জনৰ পার্শ্বীয় ক্ষতি কম হয়৷ সাধাৰণ লোকক গাজা পটিৰ উত্তৰ অঞ্চলৰ পৰা দক্ষিণলৈ যাবলৈ ইজৰাইলে বাৰম্বাৰ সতর্ক কৰি দিছে৷ ঘনবসতিপূর্ণ উত্তৰ গাজাত থকা হামাছৰ ঘাটিত ইজৰাইলে সামৰিক অভিযান চলাব৷ ইজৰাইলৰ প্রতিকাৰমূলক সামৰিক কার্যকলাপে নিঃসন্দেহে গাজা পটিত মানৱীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ১৯৪৯ চনত গৃহীত যুদ্ধত অসামৰিক লোকৰ অধিকাৰ আৰু নিৰাপত্তা সম্পর্কীয় ‘জেনেভা কনভেনছন’ ভংগ হৈছে নেকি সেয়া বিশেষজ্ঞৰ বিচার্য৷ ধন–জনৰ পার্শ্বীয় ক্ষতি যুদ্ধৰ দুর্ভগীয়া অৱশ্যম্ভাৱী পৰিণতি৷
সাত অক্টোবৰৰ নৰসংহাৰ বিভীষিকাৰ পিছত ইজৰাইলৰ প্রচণ্ড প্রতিক্রিয়া হ’ব, হামাছৰ অৱগত আছিল৷ গাজা পটিত শাসনত থকা হামাছে অঞ্চলটোৰ উন্নয়নৰ বাবে একো কৰা নাছিল৷ আনকি খোৱাপানীৰ বাবেও ইজৰাইলৰ নির্ভৰশীল৷ উন্নয়নৰ বাবে অহা আন্তর্জাতিক সাহায্য ইজৰাইলবিৰোধী সন্ত্রাসবাদী প্রস্তুতিৰ বাবে ব্যয় কৰিছিল৷ কিন্তু সাধাৰণ গাজাবাসীৰ দুর্দশা নিঃসন্দেহে অসহনীয় আৰু উপশমৰ বাবে দেশসমূহৰ কৰণীয় আছে৷
যুদ্ধকালীন পৰিস্থিতিত সত্যৰ অপমৃত্যু হয়৷ অপপ্রচাৰ তুংগত উঠে৷ বিশ্বত আজি মতামত দুই মেৰুত বিভক্ত হৈছে৷ বিশেষকৈ ইজৰাইল–পেলেষ্টাইন বা বৃহত্তৰ ইজৰাইল–আৰব সংঘাত ঐতিহাসিক প্রেক্ষাপট সম্পর্কে অৱগত নোহোৱাকৈ এই সংঘাত বুজাটো কঠিন৷
প্রাক ঐতিহাসিক সময়ৰ পৰাই ই সেমিটিক লোসকলৰ বসতিস্থল আছিল– ইজৰাইল, জুডা আৰু জুডেয়া আদি একাধিক ৰাজশক্তিৰ অধীনস্থ আছিল৷ ঐতিহাসিক কালত এচিৰিয়ান, পার্চিয়ান, ৰোমান, বাইজেণ্টাহন, ক্রুছেদকাৰী আৰু অটোমান সাম্রাজ্যকে ধৰি মধ্যপ্রাচ্যৰ প্রায় প্রতিটো শক্তিৰ এই অঞ্চল গৰাহত পৰিছিল৷ গ্রীকসকলে দিয়া ফিলিষ্টিয়া নামৰ পৰা উদ্ভুত খ্রীষ্টপূর্ব বাৰশ শতিকাত ফিলিষ্টাইন বা পেলেষ্টাইন বর্তমানৰ টেলাভিব–জাফা আৰু গাজাৰ মাজৰ এটুকুৰা ক্ষুদ্র ভূমিখণ্ড আছিল৷ দ্বিতীয় খ্রীষ্টাব্দত ৰোমানসকলে চিৰিয়াৰ দক্ষিণাঞ্চলক চিৰিয়া–পেলেষ্টিনা বুলিছিল৷ অটোমান সম্রাজ্যৰ শেষৰ পৰা প্রথম বিশ্বযুদ্ধ (১৯১৪–১৮)ৰ অন্তলৈ পেলেষ্টাইন বুলি আনুষ্ঠানিকভাৱে স্বীকৃত কোনো ভূমিখণ্ড নাছিল৷ সেই সময়তে ব্রিটিছ সাম্রাজ্যলৈ হস্তান্তৰ কৰা ভূমিখণ্ডসমূহৰ মাজৰ এটুকুৰা আজিৰ ইজৰাইল আৰু ৱেষ্ট বেংক অঞ্চলৰ বাবে পেলেষ্টাইন নাম গ্রহণ কৰা হয়৷ প্রথম বিশ্বযুদ্ধৰ পিছত ই ব্রিটিছ সাম্রাজ্যৰ অধীন হৈছিল৷ ১৯২২ চনৰ পৰা League of Nationsৰ দ্বাৰা পৰিচালিত হৈ অৱশেষত ১৯৪৮ চনত এই পেলেষ্টাইন ইজৰাইল ৰাষ্ট্র ঘোষিত হৈছিল৷
অঞ্চলটোৰ প্রাচীন অধিবাসীসকল বিভিন্ন জাতি–জনগোষ্ঠীৰ সমাহাৰ আছিল৷ সপ্তম শতিকাত মুছলমানৰ বিজয় আৰু আধিপত্যৰ পিছতহে স্থানীয় অধিবাসীসকলৰ ধর্মান্তৰকৰণ আৰু আৰবীয় মুছলমান লোকৰ আগমনৰ ফলত অঞ্চলটো মূলতঃ ইছলামিক হৈ পৰে৷ বাইবেলত কানান(Canaan) নামে উল্লিখিত এই অঞ্চলটো ভূমধ্য সাগৰৰ পাৰৰ পূব দিশে অৱস্থিত বাবে এই অঞ্চলটো ইহুদীসকলৰ বাবে পৰম্পৰাগত গৃহস্থল৷ ইহুদীসকলৰ ধর্ম জুডাহজিম, খ্রীষ্টান আৰু ইছলাম, তিনিওটা ধর্মৰ বাবেই এই ভূমিখণ্ড পৱিত্র৷ বিশ আৰু একৈশ শতিকাত অঞ্চলটো বিবাদিত হৈ পৰে৷
একৈশ শতিকাৰ আদিভাগত এই জর্ডান নদীৰ পশ্চিমৰ এই অঞ্চলটোৰ আধা অধিবাসী ইহুদী৷ বাকীসকল পেলেষ্টেনীয়ান আৰব আৰু আন আন সৰু জনগোষ্ঠী৷ ১৯৪৮ চনত ইজৰাইল গঠন হোৱাৰ সময়ত কেইবা নিযুত ইহুদী বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা আহি ইজৰাইলৰ নাগৰিক হৈছিল৷ বর্তমান ইজৰাইলত জন্ম হোৱা ইহুদী প্রজন্মৰ সংখ্যা ক্রমে বাঢ়িবলৈ লৈছে৷ আৰবমূলীয়সকল ব্রিটিছ সাম্রাজ্য আৰু League of Nationsৰ দ্বাৰা পৰিচালিত হৈ থকা সময়ৰ, বহুক্ষেত্রত বহু শতিকা ধৰি বাস কৰা লোক৷ ইজৰাইল দেশখনৰ ১৮% লোক আৰব মুছলমান আৰু ২% খ্রীষ্টিয়ান আৰব নাগৰিক, কিন্তু তেওঁলোকে নিজকে প্রথমে আৰব হিচাপেহে চিনাকি দিয়ে৷ ৱেষ্ট বেংক আৰু গাজা পটিত সংখ্যাগৰিষ্ঠ হোৱাৰ উপৰি বহুসংখ্যক আৰব পেলেষ্টেনীয়ান এই অঞ্চলটোৰ বাহিৰত মূলতঃ জর্ডান আদি কাষৰীয়া দেশত বাস কৰে৷ তেওঁলোক ইজৰাইল ৰাষ্ট্র স্থাপনৰ ঘোৰ বিৰোধী৷ তেওঁলোকে ভয় কৰে যে ইজৰাইলে ৱেষ্ট বেংক আৰু গাজা পটিও সংলগ্ণ কৰি পেলাব৷ একাংশ মৌলবাদী ইজৰাইলীয়ে এনে হোৱাটো বিচাৰে৷ ২০০৫ চনত ইজৰাইলে গাজা পটিৰ নিয়ন্ত্রণ পৰিহাৰ কৰে৷ কিন্তু ২০০৫–২০২৯ৰ ভিতৰত ৱেষ্ট বেংকৰ আশে–পাশে ইজৰাইলী লোকৰ বসতি দুগুণ হয়৷ ইজৰাইলী জাতীয়তাবাদী আৰু পেলেষ্টেনীয়ান আৰবসকলৰ এই অঞ্চলটোৰ প্রকৃত উত্তৰাধিকাৰী সম্পর্কীয় বাদ–বিবাদেই বহু যুদ্ধ–বিগ্রহৰ কাৰণ৷
ইহুদীসকলক এই ভূমিখণ্ডৰ পৰা প্রথম ৫৮৬ খ্রীষ্টপূর্বতেহ বিতাড়িত কৰা হৈছিল, ই Babylonian Exile বুলি জনাজাত৷ বেবিলনে জুডা শাসনক পৰাজিত কৰি ইহুদী অধিবাসীসকলক ক্রীতদাসৰ ৰূপত স্থানান্তৰিত কৰিছিল৷ কালক্রমত ইহুদীসকলৰ নিজৰ বাসস্থানৰ সম্পূর্ণৰূপে স্থানান্তৰিত হৈ ইডৰোপকে ধৰি বিশ্বৰ বিভিন্ন দেশত প্রবাসী হৈ পৰিছিল৷ তেওঁলোক সততে নির্যাতিত হৈছিল৷ Jewish deicide এনে এটা ধাৰণা যে যীশুখ্রীষ্টৰ মৃত্যুদণ্ডৰ বাবে ইহুদীসকল সংঘবদ্ধভাৱে দায়ী৷ ই খ্রীষ্টান ধর্মৰ উদয় কালতেহ সৃষ্টি হৈছিল (মেথিড ২৭ঃ ২৪–১২৫, বাইবেল)৷ ইহুদী বা সেমিটিকবিৰোধী ভাবৰ (Anti-Semitism) ই এটা কাৰণ৷ ১৯৪১–৪৫ চনৰ ভিতৰত জার্মানীৰ নাজী শাসক হিটলাৰৰ নির্দেশত ছয় লক্ষ ইডৰোপিয়ান ইহুদীক প্রণালীবদ্ধভাৱে হত্যা কৰা হৈছিল(Holocaust)৷ দ্বিতীয় ভেটিকান অধিৱেশন (১৯৬২–৬৫)তহে পোপ প’ল ষষ্ঠৰ দ্বাৰা ঘোষিত পত্রত ইহুদীসকলক এই সামূহিক দায়ৰ পৰা মুক্ত ঘোষণা কৰা হয়৷ এনে এক প্রেক্ষাপটত মধ্য আৰু পূব ইউৰোপত ঊনৈশ শতিকাত ইহুদীসকলৰ মাজত এক জাতীয়তাবাদী ধাৰা আৰম্ভ হৈছিল৷ ইয়াক Zionism বুলি কোৱা হয়৷ ই ১৮৯৭–১৯৪৮ চনৰ ভিতৰত মূলতঃ সেই সময়ত অটোমান সাম্রাজ্যৰ দখলত থকা ‘পেলেষ্টাইন’ ভূমিখণ্ডত এক গৃহভূমিৰ বাসনাৰ ৰূপ লৈছিল৷ Zion হৈছে হিব্রু বাইবেলত উল্লিখিত এক স্থানৰ নাম– ই জেৰুজালেম বা সামগ্রিকভাৱে আজিৰ ইজৰাইল ভূমিখণ্ডক সূচিত কৰে৷ ইজৰাইল ৰাষ্ট্র স্থাপনৰ বহু পূর্বৰে পৰা ইহুদীসকলৰ ‘স্ব–গৃহ’লৈ ওভতনি আৰম্ভ হৈছিল৷ ১৮৮১ চনত প্রথমবাৰৰ বাবে বৃহৎ পৰিসৰত ওভতনি ঢৌ হৈছিল৷ ইজৰাইল গঠন হোৱাৰ সময়ত কেইবা নিযুত ইহুদী অহাৰ পূর্বেহ গৃহ–প্রত্যাৱর্তনৰ বহু ঢৌ অব্যাহত আছিল৷
১৯৪৮ চনত ঘোষিত ইজৰাইল ৰাষ্ট্রই পশ্চিমীয়া দেশসমূহকে ধৰি বহু দেশৰ স্বীকৃতি পাইছিল৷ কিন্তু ইজিপ্ত, জর্ডান, চিৰিয়া আৰু ইৰাকে পিছদিনাই আক্রমণ কৰিছিল৷ তেতিয়াৰ পৰা দুইপক্ষৰ মাজত আনুষ্ঠানিক শান্তি স্থাপন হোৱা নাই৷ ১৯৬৭, ১৯৭৩, ১৯৮২ আৰু ২০০৬ চনত ইজৰাইলৰ এই দেশসমূহৰ এখন বা একাধিকৰ সৈতে গুৰুতৰ সংঘাত হৈছিল৷ কিন্তু ২০০৫ চনত ইজৰাইলে ইজিপ্তৰ পৰা ১৯৬৭ চনত দখল কৰি লোৱা গাজা পটিত নিজা নিয়ন্ত্রণ পৰিহাৰ কৰে৷ ১৯৬৭ চনত দখল কৰা ৱেষ্ট বেংক অঞ্চলো ১৯৯৩ চনৰ অচলো চুক্তি (Oslo Accords) অনুযায়ী ১৯৯৪ চনৰ পৰা স্বায়ত্তশাসিত৷ ২০০৬, ২০০৮, ২০১২, ২০১৪ আৰু ২০২১ত হামাছে কৰা ৰকেট আক্রমণৰ প্রত্যুত্তৰত ইজৰাইলে ব্যাপক প্রতি বোমাবর্ষণ কৰিছিল৷ ১৯৮৭–১৯৯৩ আৰু ২০০০–২০০৫ৰ মাজত পেলেষ্টাইনীসকলে দুটা ব্যাপক ইজৰাইলবিৰোধী হিংসাত্মক আন্দোলন কৰিছিল৷ দ্বিতীয়টো আন্দোলনৰ সময়ত হামাছৰ হিংসাত্মক কার্যকলাপ আনকি আত্মঘাতী মানৱ বোমা সাধাৰণ উপকৰণ হৈ পৰিছিল৷ অচলো চুক্তি অনুযায়ী ইজৰাইল আৰু পেলেষ্টাইন দুখন স্বাধীন দেশৰ সমাধান মানি লোৱা হৈছিল৷ এই সমাধান কার্যকৰী কৰাত দুয়োপক্ষৰ গঠনমূলক ভাবৰ অভাৱ৷
এয়া অসামান্য এক জটিল প্রেক্ষাপটৰ আভাস৷ কিন্তু একাংশ ইউৰোপিয়ান–আমেৰিকান বাঁওপন্থী–প্রগতিবাদী শিক্ষাবিদ আৰু শান্তি সক্রিয়তাবাদীয়ে হামাছৰ সাত অক্টোবৰৰ ঘৃণনীয় নৰসংহাৰ পাকে–প্রকাৰেই নহয়, প্রায় মুকলিকৈ নজৰ আন্দাজ কৰিছে৷ হার্ভার্ডৰ ত্রিশটা ছাত্র সংগঠনে হামাছৰ নৰসংহাৰৰ পিছদিনাই প্রতিক্রিয়া দিছে– ‘the Israeli regime entirely responsible for all unfolding violence’৷ আন এটা সংগঠন Democratic Socialists of Americaই কৈছিল- ‘Today’s events are a direct result of Israel’s apartheid regime.’ বহু ব্যক্তি আৰু গোটৰ এনে মনোভাবে সতীর্থ বাঁওপন্থী–প্রগতিবাদীক হতচকিত কৰিছে৷
ইহুদী জাতীয়তাবাদ এক মতবাদী এটা সুষম ধাৰা নহয়৷ আন আন ধাৰাৰ দৰে ইহুদী জাতীয়তাবাদৰ মাজতো মতৰ মেৰুকৰণ আছে, লগতে বাস্তৱবাদী লোক আছে৷ ইহুদী গৃহভূমিক সমর্থন নকৰা ইহুদীও আছে৷ বর্তমানৰ প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৰ ৱেষ্ট বেংকৰ আশে–পাশে নতুন ইহুদী বসতি স্থাপন আদু কঠোৰ নীতিৰ সমালোচক আছে৷ নেতানিয়াহুৰ ন্যায়ালয়ৰ ক্ষমতা কর্তন আদিৰ লেখীয়া বহু ৰাজনৈতিক কার্যকলাপৰ এজন কঠোৰ সমালোচক হৈছে ইতিহাসবিদ Homo Sapiens আৰু Homo Deusকে ধৰি গভীৰ চিন্তাশীল ভৱিষ্যদর্শী গ্রন্থৰ লেখক যুভল নোৱা হাৰিৰি৷ হাৰিৰি জন্মগতভাৱে ইহুদী, কিন্তু নাস্তিক৷ পেলেষ্টাইনী আৰবসকলৰ দুখ–দুর্দশাৰ প্রতি সংবেদনশীল আৰু ইজৰাইল–পেলেষ্টাহন দুই ৰাষ্ট্র সমাধানৰ পোষকতাকাৰী৷ এই ইউৰোপিয়ান–আমেৰিকান শিক্ষাবিদ আৰু শান্তি সক্রিয়তাবাদীৰ হামাছৰ আতিশয্যৰ প্রতি উদাসীন মনোভাবৰ পৰিপ্রেক্ষিতত ইজৰাইলস্থিত ৯০জন সতীর্থ বাঁওপন্থী–প্রগতিবাদী লেখক–চিন্তাবিদে এখন মুকলি চিঠি লিখি খেদ ব্যক্ত কৰিছে– ‘We never imagined that individuals on the left, advocates of equality, freedom, justice, and welfare, would reveal such extreme moral insensitivity and political recklessness.’ চিঠিখনত বক্তব্যটো এইদৰে শেষ কৰিছে– ‘there is no contradiction between staunchly opposing the Israeli subjugation and occupation of Palestinians and unequivocally condemning brutal acts of violence against innocent civilians. In fact, every consistent leftist must hold both positions simultaneously.’ এই বক্তব্যটোৰ ৯০জন স্বাক্ষৰকাৰীৰ এজন হাৰিৰি ৷ তেওঁ কৈছে– ‘The job of intellectuals, artists and scholars is to try and go deeper. [It is] to try and see the complexity of reality, especially in today’s climate of post-truth. It feels intellectually and emotionally lazy to just pick a side.’ হাৰিৰিয়ে এই প্রসংগত আকৌ কৈছে– ‘[But] reality is complex,’ he said. ‘The same people can be victims and perpetrators at the same time. In most conflicts the blame for crimes and atrocities is not shared 100%/0% but somewhere in between. This is quite banal, but still people find it hard to accept this.’
এনে পক্ষপাতিত্ব এক অবুজ সাঁথৰ৷ এনে স্থিতিৰ এটা হাৰিৰিয়ে এই ধৰণে দিছে– ‘belief or fantasy that absolute justice is possible [where] one side is absolutely to blame for everything, including the crimes of the other side’.
আমাৰ ভাৰতীয় বহু বাঁওপন্থী–প্রগতিবাদীৰ পক্ষপাতিত্বৰ ধাৰাও প্রণিধানযোগ্য৷ এইবেলি ইউৰোপিয়ান–আমেৰিকান বাঁওপন্থী–প্রগতিবাদী সতীর্থৰ দ্বাৰাই সমালোচিত৷ কিন্তু ৰুগ্ণ মনোভাবৰ নিৰাময় নাই৷ ঋণাত্মকভাৱেৰেই মোখনি মাৰিছোঁ৷