নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধূপধৰাত ভয়াৱহ দুৰ্ঘটনাত তিনিজনৰ প্ৰাণহানি, আহত ১০

🔹 বাছ-বলেৰ’ৰ মুখামুখি সংঘৰ্ষ, মহটিয়ালে স্কুটী

🔹 অতিকে সংকটজনক ৫জনক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা-গুৱাহাটীলৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ : গোৱালপাৰাৰ ধূপধৰাৰ গুলিয়ানপাৰাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গোৱালপাৰা অভিমুখী এ এছ-০১ জে ছি-৪০৫১ নম্বৰৰ বাছ আৰু গুৱাহাটী অভিমুখী এ এছ-০১ বি ভি-৭৮৮৭ নম্বৰৰ বলেৰ’ৰ মাজত মুখামুখি সংঘৰ্ষ হয়। পিছত বলেৰ’ৰ পিছে পিছে গৈ থকা এ এছ-০১ ই এম-৩১৭৪ নম্বৰৰ স্কুটীখনক মহটিয়াই নিয়া বাছখন পথৰ কাষতে বাগৰি পৰে। দুৰ্ঘটনাটোত বলেৰ’খনৰ চালক তথা স্বত্বাধিকাৰী আছাদ আলী মণ্ডল থিতাতে নিহত হয়। আনহাতে, বলেৰ’খনৰ আন দুজন আৰোহী আছাদুল ইছলাম আৰু ছফিয়াল হক ৰংজুলি চিকিৎসালয়ত নিহত হয়। বলেৰ’খনত থকা আন কেইবাজনো গুৰুতৰভাৱে আহত হয়। ঘটনাত স্কুটীখনৰ চালক নিত্যানন্দ দাস আৰু আৰোহী মধুস্মিতা ৰাভাও গুৰুতৰভাৱে আহত হয়। ঘটনা সংঘটিত কৰি বাছখনৰ চালকে পলায়ন কৰে দুৰ্ঘটনাস্থলীৰ পৰা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত ১০গৰাকী লোক আহত হয়। ইয়াৰে ৫জনৰ অৱস্থা অতিকে সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা আৰু গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

প্ৰেৰক পংকজ মাহাতো

You might also like