আইনী যুঁজলৈ নামঘৰ, গির্জা, মছজিদৰ পৰা সংগৃহীত ৮৮,২০০ টকা আছুক প্ৰদান
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ কংগ্ৰেছ, বিজেপি, অগপৰ ওপৰত ৰাইজৰ আস্থা নোহোৱা হ’ল । এতিয়া অসমৰ ৰাইজে বিকল্প ৰাজনীতি বিচাৰে । জনতাই নিবিচাৰে বগা ভাত ছটিয়াই ক’লা কাউৰী মতা ৰাজনীতি । অসমৰ ৰাইজে বিচাৰিলে বিকল্প ৰাজনৈতিক সংগঠন হ’ব পাৰে । অৰবিন্দ কেজৰিৱালৰ চৰকাৰ যেনেদৰে তিনি মাহত গঠন হৈছিল, গতিকে ২০২১ৰ প্রাকক্ষণত ৰাজনৈতিক দল গঠন হোৱাটো অসম্ভৱ নহয়৷’ –এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ৷
উল্লেখ্য যে টিংখাং আঞ্চলিক ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ টিংখাং আঞ্চলিকৰ উদ্যোগত ৩০ জনগোষ্ঠীয় সংগঠন, টিংখাঙৰ সকলো ধর্মীয় অনুষ্ঠানৰ সহযোগত নাগৰিকত্ব সংশোধনী আইন, ২০১৯ বাতিলৰ দাবীত ‘টিংখঙীয়াৰ গর্জন’ শীর্ষক বিশাল প্রতিবাদী কার্যসূচী আজি টিংখাঙৰ কচলুপথাৰত অনুষ্ঠিত হয়৷ সভাখন উদ্বোধন কৰে ডিব্রুগড় জিলা ছাত্র সন্থাৰ সভাপতি বুলবুল দত্তই৷
লুৰিণজ্যোতিয়ে কয় যে শ্বহীদৰ ত্যাগক যাতে কোনো কাৰণতে অথলে যাবলৈ দিয়া নহয়৷ শ্বহীদৰ কেঁচা তেজৰ মূল্য দিব লাগিব৷ শিশু হত্যাকাৰী চৰকাৰে পাপৰ ফল ভুগিব লাগিব বুলি উল্লেখ কৰি তেওঁ নৰেন্দ্র মোদী, অমিত শ্বাহ, সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মাক তীব্র গৰিহণা দিয়ে৷ সভাত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ যুটীয়া সম্পাদক সৌৰভজ্যোতি দাসে অংশগ্রহণ কৰি বিজেপি চৰকাৰক তীব্র সমালোচনা কৰাৰ লগতে প্রয়োজন হ’লে হিন্দু বাংলাদেশী আনিব বিচৰাসকলক জীৱন্তে অগ্ণিদগ্ধ কৰা হ’ব, কিন্তু অসমত বাংলাদেশী সংস্থাপন কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে৷ তেওঁ কয়– অসমখন নৰেন্দ্র মোদী, সর্বানন্দ–হিমন্তৰ পৈতৃক সম্পত্তি নহয় যে যি বিচাৰিব তাকে কৰিব৷ গতিকে অনাগত দিনত এই আন্দোলন অধিক ভয়ংকৰ হ’ব বুলি চৰকাৰক তেওঁ সকীয়নি দিয়ে৷ সভাত আটাছাৰ ডিব্রুগড় জিলা সহকাৰী সম্পাদক প্রণৱ এক্কাই ভাষণ প্রদান কৰি টিংখাঙৰ বিধায়ক বিমল বড়াক তীব্র সমালোচনা কৰি কয় যে বিধায়কগৰাকীয়ে বাগিচাৰ শ্রমিকসকলক ভিক্ষাৰী সজাই এনড্রইড ম’বাইল দিছে৷ শ্রমিকসকল ভিক্ষাৰী নহয়, তেওঁলোকে শ্রমৰ টকাৰে এনড্রইড ম’বাইল ক্রয় কৰিব৷ শ্রমিকক প্রলোভন দি ক্রয় কৰিব নোৱাৰে বুলি তেওঁ দাবী কৰে৷ টিংখাঙৰ ভিন্ন প্রান্তৰ কেইবাসহস্র লোকে অংশগ্রহণ কৰা সভাত টিংখাঙৰ প্রাক্তন বিধায়ক অনুপ ফুকন, টিংখাং জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপদেষ্টা প্রসন্ন কুমাৰ কাকতি, কবি অকণ দেউৰীয়া আদিয়ে ভাষণ প্রদান কৰে৷ সভাখনৰ আঁত ধৰে আছুৰ ডিব্রুগড় জিলা সমিতিৰ বিত্ত সম্পাদক পল্লৱ বৰাই৷
এই সভাতে নামঘৰ, গির্জা, মছজিদ আদি টিংখাঙৰ বিভিন্ন ধর্মীয় অনুষ্ঠানৰ পৰা ধন সংগ্রহ কৰি ‘কা’ আইন যুঁজৰ বাবে ৮৮,২০০ টকা, দবা, কাঁহ, উৰুলিৰ মাজেৰে আছুৰ সম্পাদকগৰাকীৰ হাতত অর্পণ কৰে৷