ড্রাগ্ছ আসক্তৰ পুনর্বাসন কেন্দ্রত অগ্নিকাণ্ডত নিহত ৩২
🔹 আহত ১৬জন : কেইবাজনো কর্মীক গ্রেপ্তাৰ
বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : ইৰানৰ এটা পুনর্বাসন কেন্দ্রত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত কমপক্ষেও ৩২গৰাকী লোকৰ মৃত্যু হৈছে৷ উত্তৰ ইৰানৰ লানগাৰুদ চহৰত আজি পুৱাৰ ভাগতে সংঘটিত অগ্নিকাণ্ডত অন্য কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়৷ অগ্নিকাণ্ডৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই৷ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ উল্লেখনীয় যে ড্রাগ্ছ আসক্ত লোকৰ এই পুনর্বাসন কেন্দ্রত অগ্নিকাণ্ডৰ ফলত ১৬গৰাকী লোক আহত হোৱা বুলি সদৰী কৰিছে ডেপুটি গৱৰ্নৰ মহম্মদ জালাই৷ ইয়াৰে চাৰিজনৰ অৱস্থা সংকটজনক৷ গিলান প্রদেশৰ এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে এই ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰা বুলি সংবাদ মাধ্যমক জনাইছে৷ ইতিমধ্যে পুনর্বাসন কেন্দ্রটোৰ কেইবাগৰাকীও কর্মীক গ্রেপ্তাৰ কৰা হৈছে৷