নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীম ইণ্ডিয়াক পৃথক বল যোগান ধৰে বিচিচিআই–আইচিচিয়ে

🔹 প্রাক্তন পাক ক্রিকেটাৰ হাছান ৰাজাৰ বিস্ফোৰক অভিযোগ

বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : বিচিচিআই আৰু আইচিচিআইৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে পাকিস্তানৰ এগৰাকী প্রাক্তন ক্রিকেটাৰে৷ ভাৰতত চলি থকা এদিনীয়া বিশ্বকাপত টীম ইণ্ডিয়াৰ দুর্দান্ত প্রদর্শন অব্যাহত থকাৰ সময়তে বিচিচিআই আৰু আইচিচিৰ বিৰুদ্ধে পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰ হাছান ৰাজাই অভিযোগ তুলি কয় যে টীম ইণ্ডিয়াৰ বাবে বিচিচিআই আৰু আইচিচিয়ে পৃথক বল যোগান ধৰিছে৷ পাকিস্তানৰ বৈদ্যুতিন মাধ্যমৰ এক সাক্ষাতকাৰত এই অভিযোগ কৰিছে পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে৷ বৃহস্পতিবাৰে ৱাংখেড়েত ভাৰতীয় বলাৰৰ বিধ্বংসী বলিঙত শ্রীলংকাৰ ইনিংছ তচনচ হৈ যোৱাৰ পাছতে হাছান ৰাজাই বিচিচিআই আৰু আইচিচিৰ বিপক্ষে অভিযোগ তুলি কয় যে তেওঁলোকে চলিত বিশ্বকাপত টীম ইণ্ডিয়াক পৃথক বল যোগান ধৰিছে যাতে ভাৰতীয় দলটোৰ বলাৰসকলে অধিক ছুইং কৰিব পাৰে৷ ভাৰতীয় বলাৰসকলে ব্যৱহাৰ কৰা বলটো পৰীক্ষা কৰা উচিত বুলিও মন্তব্য কৰি হাছান ৰাজাই লগতে কয় যে হয়তো আইচিচিয়ে ভাৰতক সহায় কৰিছে নতুবা বিচিচিআয়ে নিজৰ বলাৰৰ পক্ষত আছে৷ তৃতীয় আম্পায়াৰৰো ভূমিকা সন্দেহৰ আৱর্তত৷ ইফালে, মেচখনত ডিআৰএছৰ সকলো সিদ্ধান্তও ভাৰতৰ সপক্ষে গৈছে৷ ভাৰতীয় দলটোৱে বেটিং কৰাৰ সময়ত বিপক্ষ দলৰ বলাৰে বিশেষ সফলতা লাভ কৰা নাছিল৷ কিন্তু ভাৰতীয় বলাৰে বলিং কৰাৰ সময়ত বলে অধিক ছুইং কৰাৰ ঘটনাই ৰহস্যৰ সৃষ্টি হৈছে৷

You might also like