বাৰিষাৰ পূর্বে নির্মীয়মাণ মথাউৰিৰ কাম সম্পূর্ণ কৰাৰ নির্দেশ
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ আগন্তুক বাৰিষা যাতে জলসম্পদ বিভাগৰ মথাউৰিসমূহ নির্মাণ কৰি বানপানী প্রতিৰোধৰ ব্যৱস্থা কৰিব পৰা যায়, তাৰ বাবে নলবাৰী জিলা প্রশাসন তথা জলসম্পদ বিভাগটোৱে আগতীয়াকৈ সতর্কতামূলক ব্যৱস্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷
প্রতিবছৰে প্রলয়ংকৰী বানে নলবাৰী জিলাত সংহাৰী ৰূপ ধাৰণ কৰি অহাৰ লগতে বিগত এনে বানে কেইবাটাও মথাউৰি তচনচ কৰি পেলোৱাত ৰাইজৰ চৰম দুর্দশাৰ সৃষ্টি কৰিছে৷ এনে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে জলসম্পদ বিভাগৰ কার্যবাহী অভিযন্তা প্রতুল পাটোৱাৰী, সহকাৰী কার্যবাহী অভিযন্তা প্রণৱ চেতিয়া আৰু পশ্চিম নলবাৰী ৰাজহ চক্র বিষয়া সমীৰ চৌধুৰী, টিহু ৰাজহ চক্র বিষয়া ৰক্তিম বৰুৱাকে ধৰি কেইবাগৰাকী বিষয়াক লগত লৈ জিলাখনৰ কেইবাটাও নির্মীয়মাণ মথাউৰি বুধবাৰে পুৱা পৰিদর্শন কৰে৷ জিলাখনৰ গোৱৰাদল, নদলা, ভাগৱতীপাৰা আৰু পুর্ণিত মৰাপাগলাদিয়া নদী আৰু কানাইখুন্দা জানৰ নির্মীয়মাণ মথাউৰিসমূহ উপায়ুক্তগৰাকীয়ে পৰিদর্শন কৰে৷ কেন্দ্রীয় চৰকাৰৰ ‘বান ব্যৱস্থাপনা আঁচনি’ৰ অধীনৰ ২০১৫ বর্ষতে মঞ্জুৰীপ্রাপ্ত দ্বাদশ আঁচনিৰ জৰিয়তে মৰাপাগলাদিয়াৰ গোৱৰাদলৰ পৰা নদলালৈ মুঠ ১৪ কিঃমিঃ মথাউৰি ১৮ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰি থকা হৈছে আৰু ইয়াৰে অধিক অংশ নির্মাণ কৰা হৈছে৷ আনহাতে, ভাগৱতীপাৰা আৰু পুর্ণিলৈকে ৭.৫ কিঃমিঃ কানাইখুন্দা জানৰ মথাউৰিৰ নির্মাণৰ কাম চলি আছে৷