নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানুৱাৰীত ২.৫০ লাখ লোকক ভূমিপট্টা- মুখ্যমন্ত্রী ড০ শর্মা

🔹  বছৰি ৪ লাখ টকাপর্যন্ত উপার্জন কৰা পৰিয়াললৈও ৰেচন কার্ড

ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ নৱেম্বৰ : অহা বছৰৰ পৰা সুলভ মূল্যৰ দোকানৰ জৰিয়তে প্রতিটো পৰিয়ালক মাহে ৫০ শতাংশ দামত এক কিলোগ্রামকৈ চাহপাত যোগান ধৰিব চৰকাৰে৷ কালি গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰে নতুনকৈ ৪০ লাখ লোকক ৰেচন কার্ড যোগান ধৰিব৷ পৰিয়াল হিচাপত ৰেচন কার্ড লাভ কৰিবলগীয়া পৰিয়ালৰ সংখ্যা হ’ব ১০ লাখ৷ অহা ডিচেম্বৰ মাহত বিধানসভা সমষ্টি পর্যায়ত সভা অনুষ্ঠিত কৰি সেই ৰেচন কার্ড বিতৰণৰ ব্যৱস্থা কৰা হ’ব৷ ৰেচন কার্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ উপৰি ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্যসেৱাও লাভ কৰিব৷ তদুপৰি এক কিলোগ্রাম চাহপাত ৫০ শতাংশ দামত দিয়াৰ ব্যৱস্থা কৰিব৷ সুলভ মূল্যৰ দোকানৰ জৰিয়তে সেই চাহপাত দিয়া হ’ব৷ অৱশ্যে ইয়াৰ পূর্বে চৰকাৰে চাহ কোম্পানীসমূহৰ সৈতে আলোচনা কৰিব৷ তাৰ বাবে এই বিষয়টো অহা বছৰৰ পৰাহে কার্যকৰী কৰা হ’ব৷ অসমত নিম্ন মধ্যবিত্ত লোকো এতিয়া ৰেচন কার্ড লাভ কৰাৰ যোগ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যিবোৰ পৰিয়ালৰ বার্ষিক আয় ৪ লাখ টকা তেওঁলোকেও ৰেচন কার্ড লাভ কৰিব৷ ফলত নিম্ন মধ্যবিত্ত পৰিয়ালসমূহেও ৰেচন কার্ড লাভ কৰিব৷ আনহাতে, সুলভ মূল্যৰ দোকানীসকলে বছৰত দুমাহৰ ৰেচন হৰলুকী কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দোকানীসকলে প্রত্যেক মাহতে ৰেচন যোগানৰ সময় পিছুৱাই থাকে৷ পিছলৈ গৈ গৈ এনে পর্যায় পায় যে এটা মাহৰ ৰেচন গৈ পৰৱর্তী মাহৰ প্রথম সপ্তাহ পায়৷ ৰাইজেও বছৰটোত কেইমাহৰ ৰেচন পালে, সেয়া হিচাপ নাৰাখে৷ সেয়ে চৰকাৰে এতিয়া ৰেচনৰ সামগ্রী প্রত্যেক মাহৰ ১০ তাৰিখৰ পৰা ১৬ তাৰিখৰ ভিতৰত দিয়াটো সুনিশ্চিত কৰাৰ ব্যৱস্থা লৈছে৷ কোনো সুলভ মূল্যৰ দোকানীয়ে সেই সময়ৰ ভিতৰত মাহেকৰ ৰেচন প্রদান নকৰিলে ৰাইজে লগে লগে জিলা আয়ুক্তক অভিযোগ দিব পাৰিব৷ অহা জানুৱাৰী মাহৰ পৰা এই ব্যৱস্থা কঠোৰভাৱে বলৱৎ হ’ব৷ ইয়াৰ অংশ হিচাপে অহা ১০ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ জনসাধাৰণক এই দিশত সচেতন কৰাৰ বাবে অন্ন সেৱা সপ্তাহ পালন কৰা হ’ব৷

জানুৱাৰীত ২.৫০ লাখ লোকলৈ ভূমিপট্টা প্রদান

মিছন বসুন্ধৰা ২.০ৰ অধীনত অহা জানুৱাৰী মাহত ২.৫ লাখ পৰিয়ালক ভূমিপট্টা প্রদান কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি এই তথ্য সদৰী কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইতিমধ্যে ১ লাখ ৬০ হাজাৰ পৰিয়ালক ভূমিপট্টা প্রদানৰ প্রস্তাৱত অনুমোদন দিয়া হৈছে৷ আৰু ১ লাখ পৰিয়ালক ভূমিপট্টা প্রদানৰ অনুমোদনৰ কাম চলি আছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মিছন বসুন্ধৰা ২.০ৰ অধীনত তিনিটা প্রজন্ম বসবাস কৰা স্থানত ভূমিপট্টনৰ ব্যৱস্থা কৰা হৈছে৷ কিন্তু বহুতৰে তিনিটা প্রজন্ম সেই স্থানত থকাৰ নথি–পত্র নাই৷ মিছন বসুন্ধৰা ২.০ যিহেতু এতিয়া চলি আছে, সেয়ে চৰকাৰে এই মুহূর্তত গাইডলাইন সলনি কৰা নাই৷ ইয়াৰ পৰিৱর্তে মিছন বসুন্ধৰা ২.০ শেষ হোৱাৰ পাছত মিছন বসুন্ধৰা ৩.০ আৰম্ভ কৰা হ’ব৷ তেতিয়াই মিছন বসুন্ধৰা ২.০ত বাতিল হোৱাখিনিক মিছন বসুন্ধৰা ৩.০লৈ লৈ যোৱা হ’ব৷ স্থানীয় ৰাইজৰ মতামত আদি গ্রহণৰ জৰিয়তে এই বিষয়সমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷

You might also like