নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামাৰহাটত আৰক্ষীৰ অভিযানত গুলীবিদ্ধ গোধন সৰবৰাহকাৰী, ধৃত দুই

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰ : যোৱানিশা ধুবুৰী জিলাৰ তামাৰহাট অঞ্চলত আৰক্ষীৰ অভিযানত এজন চোৰাং গোধন সৰবৰাহকাৰী গুলীবিদ্ধ হোৱাৰ বিপৰীতে আন দুজন সৰবৰাহকাৰী আটক হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, যোৱানিশা গৰু সৰবৰাহকাৰীৰ দল এটাক বাধা দিবলৈ যাওঁতে সেই দলটোৱে আৰক্ষীৰ বাধা নেওচি খুন্দিয়াই পলাবলৈ চেষ্টা কৰে। তেতিয়া আৰক্ষীয়ে উপায়হীন হৈ গুলী চলায় আৰু ফলত গৰু সৰৰাহকাৰী দলটোৰ এজন সদস্য গুলীবিদ্ধ হয়। গুৰুতৰভাৱে আহত অৱস্থাত গৰু সৰবৰাহকাৰীজনক ততাতৈয়াকৈ প্ৰথমে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকৰ পৰামৰ্শ অনুযায়ী পিছলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। গুলীবিদ্ধ গোধন সৰবৰাহকাৰীজন তামাৰহাট থানা এলেকাৰ পোকালাগী অঞ্চলৰ চৈয়দ আলী বুলি প্ৰকাশ। যোৱানিশাৰ সেই অভিযানত অসম-বংগ সীমান্তৰ কুকিলাডাঙ্গাৰ মিজানুৰ ৰহমান মিঞা আৰু গৌৰীপুৰ থানাৰ আলমগঞ্জ এলেকাৰ অষ্টমী চৰৰ চাহাবৰ প্ৰমাণিক নামৰ গো-সৰবৰাহকাৰী চক্ৰটোৰ আন দুজন লোকক আটক কৰাৰ বিপৰীতে বলেৰো পিকআপ বাহনখনেৰে বাংলাদেশলৈ গোপনে প্ৰেৰণ কৰিবলৈ ত্ৰিপালেৰে ঢাকি অনা ৮টাকৈ গৰু উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অভিযানটোত এএছ-১৭চি-২৫১৮ নম্বৰৰ বলেৰোখনৰ উপৰি এএছ-১৬কে-৬৭২৭ নম্বৰৰ এখন বিলাসী ৱাগানাৰ বাহনো জব্দ কৰিছে আৰক্ষীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like