নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টংলাত বিশাল জনজাগৰণ সভা সম্বোধন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : নৱগঠিত ৪৮ নং টংলা বিধানসভা সমষ্টিত আজি এখন বিশাল জনজাগৰণ সভা সম্বোধন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। জনসভাত উপস্থিত হৈ আশিস দিয়াৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। আঢ়ৈ বছৰ আগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি, ১ লাখ চৰকাৰী নিযুক্তি, মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফকে ধৰি মূলতঃ যি তিনিটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সকলো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি কথা কয় ৰাইজৰ বাবে সকলো আখৰে আখৰে পালন কৰে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। দ্বিতীয়বাৰৰ কাৰণে বিজেপি শাসনলৈ অহাৰ পাছত অসমৰ ৮৭ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়- অসমত দুখীয়া মেধাৱী ল’ৰা-ছোৱালীয়ে চৰকাৰী চাকৰি লাভ কৰিব পৰা পৰিৱেশ নাইকিয়া হৈ গৈছিল। সেই অৱস্থাৰ ব্যাপক পৰিৱৰ্তন আনিছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে। দুৰ্নীতিমুক্তভাৱে এই চৰকাৰী চাকৰি অসমৰ যুৱক-যুৱতীসকলে লাভ কৰাৰ পৰিৱেশ সৃষ্টি হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আগন্তুক আঢ়ৈ বছৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অতিকমেও ৪০ হাজাৰ চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি ঘোষণা কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। ৰাইজৰ বাবে আৰু কাম কৰিবলৈ আশীৰ্বাদ বিচাৰে মন্ত্ৰীগৰাকীয়ে। অসমত প্ৰায় ২৭ লাখ পৰিয়ালক অৰুণোদয় আঁচনি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। যিসকল অৰুণোদয়ৰ পৰা এতিয়াও বঞ্চিত হৈ আছে, আগন্তুক দুটা বছৰত তেওঁলোককো চৰকাৰে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। বৰ্তমানলৈকে ২০০০ কোটি টকাৰ মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণৰ কথা উল্লেখ কৰিছিল, তাৰে আঁত ধৰি মন্ত্ৰী হাজৰিকাই কয় যে ৰিং ৰোডটোৰ ফলত আটাইতকৈ বেছি ওদালগুৰি তথা এই অঞ্চলৰ ৰাইজ উপকৃত হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিনতে বিটিআৰ অঞ্চলৰ বাট-পথ উন্নত হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অসমৰ প্ৰায় ৪ লাখ মহিলা আত্মসহায়ক গোটৰ প্ৰতিগৰাকীৰ বেংক একাউণ্টত চলিত বছৰত ১ হাজাৰকৈ টকা আৰু আগন্তুক বৰ্ষত প্ৰতিগৰাকীক ১০ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী হাজৰিকাই। আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ১ লাখ নিবনুৱা যুৱক-যুৱতীক ১ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাতেই অসমত এমএছপি ব্যৱস্থা প্ৰৱৰ্তন হৈছে। যাৰ ফলত ৰাজ্যৰ কৃষকসকলে ধানৰ উৎকৃষ্ট মূল্য লাভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ৰাইজৰ স্বাস্থ্যৰ প্ৰতি দায়বদ্ধ হৈ মুখ্যমন্ত্ৰী আয়ুষমান আঁচনিৰ জৰিয়তে ৫ লাখ টকাকৈ স্বাস্থ্য বীমা দিয়াৰ কথা উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই। কংগ্ৰেছ চৰকাৰৰ দিনত অসমত মাত্ৰ ৬খন মেডিকেল কলেজ আছিল। বিজেপি চৰকাৰৰ দিনত অসমত মেডিকেল কলেজ ১২খনলৈ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এয়াই হৈছে পৰিৱৰ্তন। বিটিআৰ অঞ্চলত যি মাটি-বাৰীৰ সমস্যা আছে, সেই সমস্যাৰো সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই। উপস্থিত ৰাইজক উদ্দেশ্যি এটা ভোটো যাতে নষ্ট নহয় তাৰ বাবে আগন্তুক লোকসভাত বিজেপিৰ পক্ষত ভোট প্ৰদান কৰিবলৈ অনুৰোধ কৰে মন্ত্ৰী হাজৰিকাই। ভাষণত জলসম্পদ মন্ত্ৰী হিচাপে বিটিআৰৰ বান নিয়ন্ত্ৰণৰ বাবে বিগত তিনি বছৰত ৩৫০ কোটি টকা প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। উক্ত অঞ্চলটো পৰ্যটনস্থলী হিচাপে গঢ় দিব লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই। ৰাইজক সহায় কৰাৰ মানসেৰে বিনামূলীয়াকৈ চাউল প্ৰদানৰ ব্যৱস্থা কৰিছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে। ভাষণৰ শেষত উপস্থিত  ৰাইজক দীপাৱলীৰ শুভেচ্ছা জনায় মন্ত্ৰী হাজৰিকাই। আজিৰ সভাত সাংসদ দিলীপ শইকীয়া, বিধায়ক দিগন্ত কলিতা, ওদাগুৰি জিলা সমিতিৰ সভাপতি মুনীন বসুমতাৰী, জিলা-মণ্ডল-বুথৰ বিষয়ববীয়া-কাৰ্যকৰ্তা তথা বিভিন্ন মৰ্চাৰ কাৰ্যকৰ্তা আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

You might also like