নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব ক্ৰিকেটৰ ইতিহাসৰ টাইম আউটৰ চিকাৰ মেথিউজ

বিশেষ বাৰ্তা, ৬ নৱেম্বৰঃ ক্ৰিকেটৰ ১৪৬ বছৰীয়া ইতিহাসত আজি ঘটিল এক অঘটন। বাংলাদেশ আৰু শ্ৰীলংকাৰ খেলৰ সময়ত এই নঘটা ঘটনাটো ঘটিল। আচলতে শ্ৰীলংকাৰ খেলুৱৈ এঞ্জেলো মেথিউজক টাইম আউট ঘোষণা কৰা হয়। আজিলৈকে কোনো বেটছমেনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এনেদৰে ওলাই আহি পেভিলিয়নলৈ ঘূৰি আহিবলগীয়া হোৱা নাছিল। ইয়াৰ পিছত এঞ্জেলো মেথিউজে কোনো বল নেখেলাকৈয়ে পেভিলিয়নলৈ উভতি যায়। আচলতে ছাদিৰা সমৰাৱিক্ৰামা আউট হোৱাৰ পিছত এঞ্জেলো মেথিউছে বেটিং কৰিবলৈ আহিছিল। কিন্তু এঞ্জেলো মেথিউছৰ হেলমেটটো সঠিক নাছিল, এঞ্জেলো মেথিউছৰ সেই হেলমেটটো পিন্ধিবলৈ অসুবিধা হৈছিল। তাৰ পাছত এঞ্জেলো মেথিউজে পেভিলিয়নৰ পৰা আন এটা হেমলেট আনিবলৈ ইংগিত দিলে। কিন্তু ইয়াৰ সময়ত বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছানে মেথিউজৰ বিৰুদ্ধে টাইম আউটৰ বাবে আবেদন জনায়। ছাকিব আল হাছানৰ আবেদনৰ পিছত আম্পায়াৰে মেথিউজৰ ওচৰলৈ গৈ তেওঁক উভতি যাবলৈ কয়। ইয়াৰ পিছত আম্পায়াৰ আৰু মেথিউজে তৰ্কত লিপ্ত হয় যদিও শেষত শ্ৰীলংকাৰ খেলুৱৈগৰাকীয়ে পেভিলিয়নলৈ উভতি যাবলগীয়া হ’ল। নিয়ম ৪০.১.১ অনুসৰি উইকেট পতনৰ পিছত বা বেটছমেনৰ অৱসৰৰ পিছত সোমাই অহা বেটছমেনে ৩ মিনিট বল খেলিবলৈ সাজু হ’ব লাগে। যদি এনে নহয় তেন্তে বিপক্ষ দলৰ খেলুৱৈয়ে টাইম আউটৰ বাবে আবেদন কৰিব পাৰে।

#বাৰ্তা ডেস্ক

You might also like