বিশেষ বাৰ্তা, ৬ নৱেম্বৰঃ অসমৰ সংবাদ জগতৰ বাবে এটা ভাল খবৰ। জ্যেষ্ঠ সাংবাদিক তথা নিউজ লাইভৰ কাৰ্যবাহী সম্পাদক লুইত নীল ডনলৈ ওড়িশা চৰকাৰে আগবঢ়াইছে বিশেষ সন্মান। অহা ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত পুৰীত প্ৰদান কৰা হব এই বঁটা। ওড়িশাত বছৰ বছৰ ধৰি পথৰ কাষত আশ্ৰয় লৈ থকা এজন অসহায় অসমীয়াক পৰিয়ালৰ সৈতে মিলনত লোৱা পদক্ষেপৰ বাবেই দিয়া হব এই বঁটা। বাতৰি পৰিৱেশন কৰাৰ উপৰি ওড়িশাৰ বিভিন্ন সাংবাদিক আৰু আৰক্ষীৰ সৈতে যোগাযোগ স্থাপন কৰি সুৰেন কলিতা নামৰ অসহায় লোকজনক পৰিয়ালৰ সৈতে মহামিলন কৰোৱাত ভূমিকা লৈছিল লুইত নীল ডনে। সাংবাদিকতাৰ ঊর্ধ্বত গৈ মানৱীয় পদক্ষেপ লোৱাৰ বাবে প্ৰথমবাৰৰ বাবে ওড়িশাৰ চৰকাৰে ৰাজ্যৰ বাহিৰৰ সাংবাদিকক প্রদান কৰিব এই বঁটা। এই বঁটাত থাকিব প্রশস্তি পত্ৰ আৰু নগদ ধন। স্বাভাৱিকতে অসমৰ এগৰাকী সাংবাদিকৰ এনে সফলতাই অসমৰ সংবাদ জগতলৈ কঢ়িয়াই আনিছে সুনাম।
#বাৰ্তা ডেস্ক