বিশেষ বাৰ্তা, ৭ নৱেম্বৰ : গোৱালপাৰাৰ আগিয়াৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিছিন্তাত আৰক্ষী আৰু ডকাইতৰ মাজত যোৱা নিশা সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী । আৰক্ষী-ডকাইতৰ মাজত প্ৰায় ১৫ মিনিট ধৰি চলা গুলীয়াগুলীত ডকাইতৰ দলটোৰ দুজন নিহত হোৱাৰ লগতে আগিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ দাস বাঁওভৰিত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় আৰু আন তিনি গৰাকী আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হয়। ঘটনাস্হলীৰ পৰা আৰক্ষীয়ে ডকাইতে ব্যৱহাৰ কৰা এম,এল ০৬ ৫৯৫৮ নম্বৰৰ বলেৰো বাহন খন জব্দ কৰাৰ লগতে ৭.৬৫ এম এম দুটা পিষ্টল সক্ৰিয় গুলী আৰু ৫টা খালী কাৰ্টুজ উদ্ধাৰ কৰে। নিহত ডকাইত দুজনৰ এজন অমৰ থাপা আৰু আনজন ফৰিদুল ইছলাম বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। সংঘৰ্ষত ডকাইতৰ গাড়ী খনে তীব্ৰ গতিত পিছুৱাই আহি গোৱালপাৰা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিতুৰাজ দলেৰ এ, এছ, ০১ এফ, পি ৭৮৪৮ নম্বৰৰ বলেৰো বাহন খনৰ সন্মুখ ভাগত প্ৰচণ্ড খুন্দা মৰাত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ গাড়ী খনৰ সন্মুখ ভাগ চূৰ্ণ বিচূৰ্ণ হৈ পৰে। অতিৰিক্ত আৰক্ষী অধীক্ষকৰ গাড়ী খনৰ চালকৰ দিশত ডকাইতৰ দুটাকৈ গুলী ফৰকী যায় যদিও ইতিমধ্যে আৰক্ষী লোকে গাড়ী খনৰ পৰা নামি যোৱাত আৰক্ষী লোকৰ কোনো ধৰনৰ হানি বিঘিনি হোৱাৰ পৰা সাৰি যাবলৈ সক্ষম হয়। উল্লেখ্য যে অমৰ থাপা নামৰ ডকাইতটোক কেইমাহ পূৰ্বে গোৱালপাৰা আৰক্ষীয়ে কৰায়ত্ব কৰিছিলে যদিও জেলৰ পৰা ওলাই আকৌ নামি পৰিছিল অপৰাধ কাৰ্য্যত ।ধন দাবী, অপহৰন, ডকাইতি কায্যৰে দীৰ্ঘদিনৰ পৰা গোৱালপাৰা আৰু মেঘালয় আৰক্ষীৰ নিদ্ৰা হৰন কৰা দূধৰ্ষ ডকাইত অমৰ থাপাক কৰায়ত্ব কৰিবলৈ গোৱালপাৰা আৰক্ষীয়ে চেষ্টা চলাই আছিল। জানিৱ পৰা মতে এক গপন সূত্ৰৰ পম খেদি যোৱা কালি দিনৰ ভাগৰ পৰাই ডকাইতৰ গতিবিধি লক্ষ্য কৰিছিল আৰক্ষীয়ে । অৱশেষত গোৱালপাৰা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিতুৰাজ দলেৰ নেতৃত্বত আৰু আগিয়া আৰক্ষী থানাৰ সহযোগত আগিয়া-গোৱালপাৰা ১৭ নং ৰাষ্ট্ৰীয় পথৰ নিচিন্তাত ডকাইতৰ দলটোক দুই ফালৰ পৰা ঘেৰি ধৰে আৰক্ষীয়ে। লগে লগে আৰক্ষীলৈ লক্ষ্য কৰি গুলী ফুটাই ডকাইতৰ দলটোয়ে পলাবলৈ চেষ্টা কৰে যদিও দুয়োপক্ষৰ মাজত তীব্ৰ গুলীয়াগুলী সংঘটিত হয়। আজি ৰাতিপুৱাৰ ভাগত আগিয়া আৰক্ষীয়ে ঘটনাস্হলী তদন্ত কৰি ঘটনাস্হলীৰ পৰা ৫ টাকৈ খালী কাৰ্টুজ উদ্ধাৰ কৰে। আহত আগিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ দাসক নিশাই চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে মৃতদেহ দুটা মৰোনত্তোৰ পৰীক্ষাৰ বাবে চিকিৎসালয় খনৰ মৰ্গত ৰখা হয়।
প্ৰেৰক লক্ষ্মণ কুমাৰ নাথ