নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰ : ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত তৃতীয়বাৰৰ বাবে দুদিনীয়াকৈ ‘নাক'(NAAC)ৰ পৰিদৰ্শন কাৰ্যক্ৰমণিকা আজি সম্পন্ন হয়। উল্লেখ্য যে কালিৰে পৰা দুদিনীয়াকৈ ‘নাক’ৰ দলে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ বিভিন্ন দিশৰ পৰিদৰ্শন কৰে। তিনিজনীয়া ‘নাক’ৰ দলৰ অধ্যক্ষ কেৰেলাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰো উপাচাৰ্য ড° জয়প্ৰসাদ কে, সদস্য পঞ্জাৱৰ লুধিয়ানাৰ জি এইচ জি এইচ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° অমনদ্বীপ কৌৰ আৰু আহ্বায়ক কৰ্ণাটকৰ তুমকুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰবীন্দ্ৰ কুমাৰ বিয়ে মহাবিদ্যালয়খনৰ ভিন্ন দিশ পৰিদৰ্শণ কৰে। আজি পৰিদৰ্শনৰ অন্তিম ক্ষণত অনুষ্ঠিত হয় সামৰণি সভা (Exit Meeting)। সভাখনত ‘নাক’ৰ দলৰ অধ্যক্ষ ড° জয়প্ৰসাদ কেয়ে বক্তৃতা প্ৰদান কৰি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ক বিভিন্ন ধৰণে প্ৰশংসা কৰে। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাই আত ধৰা আৰু আদৰণী ভাষণ দিয়া সভাখনত মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীবৃন্দ,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনী সমিতি,অভিভাৱক-অভিভাৱিকা সন্মিলনী সমিতি,বিভিন্ন কোষৰ বিষয়ববীয়া,স্থানীয় বিশিষ্ট নাগৰিক আদি উপস্থিত থাকে।ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ তৰফৰ পৰা গভৰ্ণিং ব’ডিৰ সভাপতি ধনীৰাম তালুকদাৰ,অধ্যক্ষ ড° মুকুন্দ শৰ্মা,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনী সমিতিৰ সভাপতি চম্পক বায়ন,অভিভাৱক-অভিভাৱিকা সন্মিলনী সমিতিৰ সভাপতি ৰবীন দাস,সদস্য টুতুন চন্দ্ৰ দাস,আই কিউ এ চিৰ সমন্বয়ক ড° সমীৰণ শৰ্মা,অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক দিলীপ কুমাৰ ডেকাই ‘নাক’ৰ পৰিদৰ্শনকাৰী দলটোক গামোছা,পাটৰ চেলেঙেৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।সভাত ‘নাক’ৰ পৰিদৰ্শনকাৰী দলটোৱে যুগুত কৰা ‘ৰিপোৰ্ট’ আনুষ্ঠানিকভাৱে মহাবিদ্যালয়খনৰ গভৰ্ণিং ব’ডিৰ সভাপতি,অধ্যক্ষ আৰু আই কিউ এ চিৰ সমন্বয়কৰ হাতত অৰ্পণ কৰে।উল্লেখ্য যে- ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত ‘নাক’ৰ দুদিনীয়া পৰিদৰ্শনৰ সময়ছোৱাত পৰিদৰ্শনকাৰী দলটোৱে মহাবিদ্যালয়খনৰ প্ৰতিটো বিভাগ,আই কিউ এ চিৰ লগতে বিভিন্ন কোষ,ডিজিটেল প্ৰেক্ষাগৃহ,ইণ্ডোৰ ষ্টেডিয়াম,খেল পথাৰ, পুথিভঁৰাল,কেণ্টিন আদিকে ধৰি ভিন্ন দিশ পৰিদৰ্শণ কৰে।তদুপৰি ‘নাক’ৰ পৰিদৰ্শনকাৰী দলটোৱে মহাবিদ্যালয়খনৰ গভৰ্ণিং ব’ডি,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনী সমিতি, অভিভাৱক-অভিভাৱিকা সন্মিলনী সমিতি, শিক্ষক-কৰ্মচাৰীৰ স’তে অনুষ্ঠিত বৈঠকত মত বিনিময় কৰে।উল্লেখ্য যে-কালি সন্ধিয়াৰ ভাগত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে ‘নাক’ৰ পৰিদৰ্শনকাৰী দলটোৱে। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ গভৰ্ণিং ব’ডিৰ সভাপতি ধনীৰাম তালুকদাৰ,অধ্যক্ষ ড° মুকুন্দ শৰ্মা,আই কিউ এ চিৰ সমন্বয়ক ড° সমীৰণ শৰ্মাই ‘নাক’ৰ পৰিদৰ্শনৰ সময়ছোৱাত সহযোগিতা কৰা সকলো পক্ষকেই ধন্যবাদ জ্ঞাপন কৰিছে সংবাদ মাধ্যমৰ আগত।
প্ৰেৰক ভূষণ তালুকদাৰ