নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপামণি হাজৰিকা বৰুৱাৰ কাব্য সংকলন উন্মোচন

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰ : মননশীল কবি, সুলেখিকা তথা ঘিলামৰাৰ কান্ত খনিকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপামণি হাজৰিকা বৰুৱাৰ প্ৰথমখন কাব্য সংকলন ‘কথা স্বৰলিপি’ কালি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হয়। মৰাণৰ উষাপুৰৰ শান্তিভৱনত আয়োজিত এক ঘৰুৱা পৰিৱেশত মঙ্গলবাৰে কাব্য গ্ৰন্থখন শুভ উন্মোচন কৰে কবি ,গল্পকাৰ তথা মৰাণ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা ড০ নন্দিতা গগৈ ৰাজমহনে। একমাত্ৰ পুত্ৰৰ জন্মদিন উপলক্ষত উন্মোচন কৰা গ্ৰন্থখন উন্মোচন কৰি গল্পকাৰ গৰাকীয়ে বৰ্তমানৰ জাকজমকতাৰ বিপৰীতে সন্তানৰ জন্মদিনত এনেকুৱা সদৰ্থক কামেৰে নতুন প্ৰজন্মক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰা এই পদক্ষেপৰ বাবে প্ৰথমেই কবি আৰু প্ৰকাশকৰ শলাগ লয়।কবিৰ কনমাণি পুত্ৰ অমন প্ৰয়াস বৰুৱাই আঁতধৰা অনুষ্ঠানত উন্মোচক ড০ গগৈয়ে কয় যে সন্তানৰ জন্মদিনত কিতাপ প্ৰকাশ কৰি উপহাৰ দিয়াৰ খবৰে এখন সুস্থ সমাজৰ ঐতিহ্য বহন কৰে।গ্ৰন্থৰ উন্মোচনে সমাজৰ মংগলময় দিনৰ বাট মুকলি কৰে। গ্ৰন্থই মানুহৰ মনৰ পৰিধি বিশাল কৰি তোলে।যি বিষয়ৰে গ্ৰন্থ নহওক কিয় মুঠৰ ওপৰত গ্ৰন্থৰ প্ৰকাশে একো একোটা জাতিৰ সভ্যতাৰ বাট মুকলি কৰে। অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী নক্সা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ১১১ পৃষ্ঠাৰ, মুঠ ৬২ টা কবিতা বিশিষ্ট কাব্য সংকলনখন উন্মোচন কৰি উন্মোচক ড০ গগৈয়ে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈও সৃষ্টিশীল সাহিত্য চর্চাৰে অনুভৱী পাঠকৰ মন জয় কৰিবলৈ সক্ষম হোৱা লেখিকা বৰুৱাৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰি তেওঁ আৰু কয় যে- সহজ ,সৰল চিনাকি শব্দেৰে ডাঙৰ ডাঙৰ বাস্তৱ সমস্যা বিলাকৰ কাব্যিক মাত্ৰা প্ৰদান কৰি কাব্যপুথিখনক কবিয়ে অনন্য সুন্দৰ কৰি তোলাৰ লগতে সকলো শ্ৰেণীৰ পাঠকৰ বাবে উপযুক্ত কৰি তুলিছে,যিটো কবি গৰাকীৰ পৰিপক্কতাৰ লক্ষণ।দীপামণি বৰুৱা হাজৰিকাৰ সৃষ্টিশীলতাৰ ধাৰা অক্ষুন্ন ৰখাৰ বাবেও আহ্বান জনাই উন্মোচক ড০ নন্দিতা গগৈ ৰাজমহনে।উন্মোচনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি ডুলিয়াজান অইল হায়াৰ চেকেন্দাৰীৰ বিষয় শিক্ষক ড০ প্ৰসেনজিৎ মহনে কবিৰ কেইবাটাও কবিতাৰ সুন্দৰ বিশ্লেষণ আগবঢ়ায় আৰু কবিতাসমূহে নিশ্চতভালে পাঠকৰ হৃদয় স্পৰ্শ কৰিব বুলি মত প্ৰকাশ কৰে ।অনুষ্ঠানত পৰিবেশবিদ,লেখক, নক্সা আলোচনীৰ সম্পাদক ড০ নৱকুমাৰ চমুৱাৰ লগতে কবিৰ মাতৃ পদ্মাৱতী সুত, মৰাণ কলেজৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ ৰিঞ্জুমণি হাজৰিকা, মৰাণ কলেজৰে অসমীয়া বিভাগৰ অংশকালীন অধ্যাপিকা ৰূপশ্ৰী দিহিঙীয়াউপস্থিত থাকি কাব্য গ্ৰন্থখনিৰ সম্পৰ্কত গাম্ভীৰ্যপূৰ্ণ বক্তব্য আগবঢ়াই কবি বৰুৱাৰ উত্তৰোওৰ কামনা কৰে।কণমানি শিল্পী কাব্যশ্ৰী মহন আৰু অমন প্ৰয়াস বৰুৱাৰ গীত আৰু কবিতাৰে অনুষ্ঠানটি মুখৰ হৈ উঠে।অনুষ্ঠানত কবিন্দ্ৰ বৰুৱাই কথাস্বৰলিপি সংকলনৰ ” কথা” নামৰ কবিতাটি পাঠ কৰি লেখিকাক অভিনন্দন জ্ঞাপন কৰে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like