বিশেষ বাৰ্তা, ৮ নৱেম্বৰঃ মৃত্যুৰ উপত্যকালৈ পৰিণত ডিব্ৰুগড়ৰ বগীবিল দলং। বগীবিল দলঙত আজি আন এক শোকাৱহ তথা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। বগীবিল দলঙৰ মাজভাগত দুখন ডাম্পাৰৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত এজনৰ থিতাতে নিহত হোৱাৰ বিপৰীতে আন ৫ জন যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। জানিব পৰা মতে ধেমাজি অভিমুখে গৈ থকা এখন ডাম্পাৰৰ পিছে পিছে গৈ আছিল এ এছ ০৬ এ চি ৮৯৮৪ নম্বৰৰ মেক্সিম’ নামৰ যাত্ৰীবাহী চাৰিচকীয়া বাহনখন। কিন্তু ডিব্ৰুগড় আৰু ধেমাজি অভিমুখী দুখন ডাম্পাৰৰ মাজত ভয়াৱহ মুখামুখি সংঘৰ্ষ হয়। যাত্ৰীবাহী মেক্সিম’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰকেইখনত প্ৰচণ্ড জোৰেৰে খুণ্ডা মাৰে। চৌদিশে হাহাকাৰ লাগে। লগে লগেই দুয়োপাৰৰ যাতায়ত সম্পূৰ্ণৰূপে প্ৰায় তিনি ঘণ্টা বন্ধ হৈ পৰে। জানিব পৰা মতে এএচ০৬ চিচি ০১৪৬ নম্বৰৰ শিলভৰ্তি ডাম্পাৰখনে এএচ০৭ এচি ০৫৭৭ নম্বৰৰ ডাম্পাৰ খনক অভাৰটেক কৰাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এএচ০৬বিচি ৬৬৬৯ নম্বৰৰ ডাম্পাৰ খনৰ সৈতে মুখামুখিকৈ ভয়াবহভাবে খুন্দা মাৰে। ফলত উক্ত ডাম্পাৰখনৰ পিছে পিছে যোৱা এএচ০৬এচি ৮৯৮৪ নম্বৰৰ এখন টাটা মেক্সিম’ বাহনখনে প্ৰচণ্ড খুন্দা মৰাৰ ফলত বাহনখনৰ চালক বগীবিল চাউলখোৱাৰ তৰুণ কুলী ঠিতাতে নিহত হয়। দুৰ্ঘটনাৰ সময়ত উপস্থিত হোৱা এক সামৰিক বাহিনীৰ দলে মেক্সিম’ বাহনখনত থকা যাত্ৰীসকলক উদ্ধাৰ কৰি নিজৰ বাহনেৰে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। অন্যহাতে ঘটনাস্থলীত নিহত তৰুণ কুলী নামৰ ব্যক্তিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে এ এম চিলৈ প্ৰেৰণ কৰে। জানিব পৰা মতে, নিহত তৰুণ কুলী আৰু আহত পাপেন টায়ে, নিৰ্মল টায়ে, নীলিম টায়ে, অমিয় টায়ে আৰু দীলিপ টায়েৰ ঘৰ বগীবিল চাউলখোৱা মিচিং গাঁৱৰ বুলি জানিব পৰা গৈছে। আটাইকেইজন ব্যক্তিয়ে ধেমাজিৰ মাতমৰাৰ আত্মীয় ঘৰলৈ আদ্যশ্ৰাদ্ধ অনুষ্ঠানলৈ গৈ আছিল। কিন্তু বগীবিল দলঙা মাজভাগতে সংঘটিত হোৱা কৰুণ ঘটনাই সমগ্ৰ চাউলখোৱা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। ইফালে এই ভয়াৱহ পথ দুৰ্ঘটনাৰ পিছতে বগীবিলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। দুৰ্ঘটনাগ্ৰস্ত বাহনকেইখন দলঙৰ পথছোৱাত অৱৰোধ হৈ থকাত প্ৰায় তিনি ঘন্টা ধৰি আৱদ্ধ হৈ পৰে শ শ বাহন। পৰৱৰ্তী সময়ত যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনকেইখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰাই দিবলৈ সক্ষম হয়। ইফালে এই ভয়ংকৰ দুৰ্ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
প্ৰেৰক বিভাস দুৱৰা