নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছী বিধায়ক আফতাবুদ্দিনক আৰক্ষীৰ জিম্মালৈ প্রেৰণ

বিশেষ বাৰ্তা, ৮ নৱেম্বৰঃ হিন্দু ধর্মক লৈ কৰা আপত্তিজনক মন্তব্যৰ পিছতে জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্লাক গ্ৰেপ্তাৰ কৰা হৈছে। গ্রেপ্তাৰ হোৱা জলেশ্বৰৰ কংগ্রেছী বিধায়ক মোল্লাক আদালতে এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰিছে৷ কালি দিছপুৰৰ বিধায়ক আৱাসৰ এফ ব্লকত থকা দক্ষিণ শালমাৰাৰ কংগ্রেছী বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিধায়ক আৱাসৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছত বিধায়কগৰাকীক আজি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল৷ আৰক্ষীয়ে বিধায়কজনক পাঁচদিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ উল্লেখ্য যে জলেশ্বৰৰ এখন সভাত আফতাব উদ্দিন মোল্লাই ধর্মক লৈ চূড়ান্ত সাম্প্রদায়িক মন্তব্য কৰিছিল৷ হিন্দুসকলক ব্যভিচাৰী আখ্যা দি বিধায়কজনে মন্দিৰৰ সাধু–নামঘৰীয়াসকল্ ধর্ষণকাৰী বুলি উল্লেখ কৰিছিল৷ বিধায়কজনৰ এই বিতর্কিত তথা চৰম সাম্প্রদায়িক মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্র প্রতিক্রিয়াৰ৷ এনে প্রতিক্রিয়াৰ মাজতে দিছপুৰ থানাত বিধায়কজনৰ বিৰুদ্ধে ভেটাপাৰাৰ দীপক কুমাৰ দাস নামৰ এজন লোকে দাখিল কৰিছিল এক এজাহাৰ৷ উক্ত এজাহাৰৰ ভিত্তিতে দিছপুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি জলেশ্বৰৰ কংগ্রেছী বিধায়কজনক গ্রেপ্তাৰ কৰে৷ এগৰাকী বিধায়ক হোৱাৰ লগতে দিছপুৰৰ বিধায়ক আৱাসত থকা হেতুকে আৰক্ষীয়ে অসম বিধানসভাৰ অধ্যক্ষৰ অনুমতি বিচাৰে৷ সেইমর্মে কালি নিশাই আভতাব উদ্দিন মোল্লাক গ্রেপ্তাৰ কৰাৰ বাবে গ্রেপ্তাৰী পৰোৱানাত অনুমোদন দিয়ে বিধানসভাৰ অধ্যক্ষই৷ অধ্যক্ষৰ অনুমোদনৰ পাছতে মহানগৰ আৰক্ষী আয়ুক্তসকলক পূব আৰক্ষী জিলাৰ কার্যালয়ৰ ডিচিপি এজনৰ নেতৃত্বত যোৱা এটা দলে বিধায়ক আৱাসৰ পৰা গ্রেপ্তাৰ কৰি পোনে পোনে কাহিলিপাৰাস্থিত বিশেষ আৰক্ষী শাখালৈ নিয়া হয়৷ নিশাটো তাত ৰখাৰ পাছত আজি পুৱা আদালতত হাজিৰ কৰোৱা হয় কংগ্রেছী বিধায়কজনক৷ উল্লেখ্য যে সাম্প্রদায়িক মন্তব্য কৰা আফতাব উদ্দিনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৫ (এ)/১৫৩ এ (১) (বি)/৫০৫ (২) আৰু ১৫৩ (এ) ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷ ইফালে আফতাব উদ্দিনৰ গ্রেপ্তাৰক লৈ অব্যাহত আছে প্রতিক্রিয়া৷ কালি মুখ্যমন্ত্রীয়ে এনেধৰণৰ মন্তব্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰা হ’ব বুলি ঘোষণা কৰাৰ পাছত নিশাই বিধায়কগৰাকীক গ্রেপ্তাৰৰ পাছত আজি প্রতিক্রিয়া প্রকাশ কৰে বিজেপিৰ সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক উপদেষ্ট পৱিত্র মার্ঘেৰিটাই৷ সাংসদগৰাকীৰ কয় যে সাম্প্রদায়িক মন্তব্য দিয়াটো কংগ্রেছৰ এজেণ্ডাৰ অংশ৷ সনাতন ধর্মক আক্রমণ কৰাৰ বাবে কংগ্রেছৰ সর্বভাৰতীয় যি এজেণ্ডা সেই এজেণ্ডা অনুসৰিয়েই আফতাব উদ্দিনে এই কাম কৰিছে৷ ইয়াৰ পূর্বে শ্রীকৃষ্ণক জেহাদীৰ লগত তুলনা কৰি কংগ্রেছৰ সনাতনী ধর্মক আক্রমণ কৰাৰ ব্লুপ্রিণ্ট সেয়া ভূপেন বৰাই আৰম্ভ কৰিছিল৷ আনহাতে আজি শিলচৰত এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলেও বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে আফতাব উদ্দিন মোল্লাই ক্ষমা বিচৰাৰ পাছতো তেওঁক গ্রেপ্তাৰ কৰাটো সঠিক হোৱা নাই৷ আনহাতে বিধায়ক কৰিমুদ্দিন বৰভূঞাই আফতাব উদ্দিনে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ পাছতো তেওঁক গ্রেপ্তাৰ কৰাটো কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে বুলি উল্লেখ কৰে৷ ইয়াৰ পূর্বে ভূপেন বৰায়ো ভগৱান শ্রীকৃষ্ণক লৈ এনেধৰণৰ মন্তব্য কৰিছিল৷ তেওঁক কিয় গ্রেপ্তাৰ কৰা হোৱা নাই বুলিও প্রশ্ণ কৰে৷ কংগ্রেছৰ কার্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিষয়টোৰ ওপৰত মন্তব্য প্রকাশ কৰি কয় যে চৰকাৰে খেনোক দেখি ৰন্ধা–বঢ়া, খেনোক দেখি দুৱাৰ মৰা নীতি অৱলম্বন কৰিছে৷ নিশ্চিতভাৱে আফতাব উদ্দিনে উচিত মন্তব্য দিয়া নাই৷ কিন্তু এনেধৰণৰ মন্তব্য আন বহুকেইজন নেতাই দিছে৷ যাক লৈ চৰকাৰ নীৰৱে আছে৷

#বাৰ্তা ডেস্ক

You might also like