নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনৰ সময়লৈকে নাথাকিব বিৰোধী ঐক্য : পীযুষ হাজৰীকা

বিশেষ বাৰ্তা, ৯ নৱেম্বৰঃ নিৰ্বাচনৰ সময়লৈকে নাথাকিব বিৰোধীৰ INDIA এলায়েঞ্চ। অসমতো নিৰ্বাচনলৈকে নাথাকিব বিৰোধী ঐক্য মঞ্চ। কংগ্ৰেছ দলে অন্য দলৰ কেতিয়াও প্ৰাধান্য নিদিয়ে। বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত আজি এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। বিৰোধী মঞ্চৰ অন্যতম কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে আগন্তুক লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছক আসন নিদিয়াৰ কথা প্ৰকাশ কৰিছে। ৰিপুণ গগৈ, সুস্মিতা দেক লেং মাৰিছেই কংগ্ৰেছে। সময়ত অখিল গগৈ, লুৰিণজ্যোতি গগৈকো কংগ্ৰেছে লেং মাৰিব। লগতে তেওঁ কয় যে, কংগ্ৰেছে নিজৰ সহযোগী দল বিলাকক লেং মৰাটো এটা ইতিহাস আছে। এইবাৰো তাৰ পুনৰাবৃত্তি হ’ব।

#বাৰ্তা ডেস্ক

You might also like