নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচাত বিশাল জনসভা সম্বোধন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

বিশেষ বাৰ্তা, ১০ নৱেম্বৰ : নাওবৈচা সমষ্টিৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি মন্ত্ৰী পীয়ূষ হাজৰিকাই বিজেপিৰ এখন বিশাল জনসভা সম্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে ৰূপায়ণ কৰা জনকল্যাণমূলক কামসমূহৰ বিষয়ে উল্লেখ কৰে। ভাষণৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে কয় যে আজি মই তেলাহলৈ প্ৰথমবাৰৰ কাৰণে অহা নাই বা পানীগাঁৱলৈ প্ৰথমবাৰৰ বাবে অহা নাই। লখিমপুৰলৈ কিমানবাৰ আহিছোঁ হিচাপ নাই, ধেমাজিলৈ কিমানবাৰ আহিছোঁ হিচাপ নাই। আগতে মানুহে ৰাস্তা-পথৰ কাৰণে জীয়াতু ভুগিব লগা হৈছিল, আজি সেই পৰিৱেশৰ পৰা আমাৰ লখিমপুৰৰ ৰাইজ মুক্ত হ’ল। সোৱণশিৰি নদীৰ ওপৰত কেইবাখনো দলং কেবাইশ কোটি টকা ব্যয়েৰে পূৰ্ণগতিত চলি আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত এই মুহূৰ্তত অসমত ৪খন দলঙৰ কাম চলি আছে। এখন ধুবুৰীৰ ফুলবাৰীত নিৰ্মাণৰ কাম চলি আছে, উত্তৰ গুৱাহাটী আৰু ফাঁচী বজাৰৰ মাজৰ দলংখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে, এখন দলং শুৱালকুছি আৰু পলাশবাৰীৰ মাজত চলি আছে আৰু এখন দলঙৰ নিৰ্মাণকাৰ্য মাজুলী আৰু নিমাতীঘাটৰ মাজত চলি আছে। এই মাজুলী আৰু নিমাতীঘাট সংযোগী দলংখন যেতিয়া সম্পূৰ্ণ হ’ব আৰু সোৱণশিৰি নদীৰ ওপৰত নিৰ্মীয়মাণ দলংকেইখন যেতিয়া সম্পূৰ্ণ হ’ব, তেতিয়া আপোনালোকক যোৰহাটলৈ যাবলৈ এঘণ্টা সময় লাগিব। কিন্তু আগতে যোৰহাটলৈ যাওঁতে সময় লাগিছিল ৫ ঘণ্টা। এই ৫ ঘণ্টাৰ পৰা ১ ঘণ্টাৰ এই দূৰত্ব হ্ৰাস কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী হাজৰিকাই আৰু কয় যে আমি সামগ্ৰিক উন্নয়ন বিচাৰোঁ। আমি উন্নয়ন সকলোৱে কামনা কৰোঁ। কিন্তু অসমৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিনে-নিশাই কাম কৰিছে। আজি অসমৰ ৰাস্তা-ঘাটৰ অৱস্থা আৰু আজিৰ পৰা ৭টা বছৰ আগৰ ৰাস্তা-ঘাটৰ অৱস্থাৰ মাজত বৃহৎ পাৰ্থক্য দেখিবলৈ পাব। আজিৰ পৰা ৭ বছৰ আগত অসমত কেৱল বেয়া ৰাস্তা, বেয়া ৰাস্তাই আছিল। এতিয়া মই বুকু ডাঠ কৰি দৃঢ়তাৰে ক’ব পাৰোঁ যে অসমত এতিয়া ৯০ শতাংশ ৰাস্তা ভাল হৈছে, বাকী যদি ক’ৰবাত ১০ শতাংশ ৰাস্তাৰ কাম কৰিব লগা আছে, সেই কামো পূৰ্ণগতিত চলি আছে নতুবা কামৰ টেণ্ডাৰ আৰম্ভ হৈছে নতুবা পুঁজিৰ আবণ্টন হৈছে। মন্ত্ৰীগৰাকীয়ে পথ যোগাযোগ, শিক্ষা, স্বাস্থ্যখণ্ডত অধিক গুৰুত্ব দিয়াৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে আমি সকলোতকৈ গুৰুত্ব দিছোঁ কমিউনিকেচনত, আমি সকলোতকৈ গুৰুত্ব দিছোঁ হাস্পতাল বনোৱাত, স্কুল-কলেজ বনোৱাত। স্বাস্থ্য, শিক্ষা আৰু পথ যোগাযোগ যদি ভালদৰে কৰা হয়, কোনো জাতি পিছুৱাই নাথাকে, জাতি আগুৱাব, আমাৰ অসম আগুৱাব বুলি বক্তব্য দাঙি ধৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিচৰাৰ দৰে অসম দেশৰ পাঁচখন ৰাজ্যৰ মাজলৈকে অহা সময়খিনিত সোমাই পৰিব বুলি কয়। ভাষণত মন্ত্ৰীগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে বিজেপি চৰকাৰলৈ আহিলে মুখ্যমন্ত্ৰীয়ে ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ প্ৰসংগ উত্থাপন কৰি কয় যে বিগত ২টা বছৰত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ১ লাখ নিবনুৱা যুৱক-যুৱতীৰ ৭৮ হাজাৰক চাকৰি দিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এতিয়াও ১ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ হোৱা নাই। এই সভাতে মন্ত্ৰীগৰাকীয়ে ১ লাখ নহয়, ১ লাখ ৩৫ হাজাৰ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ আৰু কয় যে আমি প্ৰতিশ্ৰুতি দি আখৰে আখৰে পালন কৰোঁ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰা এবাৰ যি ওলায়, তাক তেওঁ আখৰে আখৰে পালন কৰে। তেওঁ কোনো দিনে ফাঁকি দিয়া নাই। সেই কাৰণে অসমৰ ৰাইজে ড০ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিছে। আমি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিছোঁ যে অসমৰ ৰাইজ আমাৰ কাৰণে ভগৱান, ভগৱানক মিছা কথা ক’ব নালাগে। গতিকে আমিও মিছা কথা নকওঁ, আমি সেৱা কৰিম, আমি কাম কৰিম, জাতিটোৰ কাৰণে, অসমীয়াৰ কাৰণে, ভাৰতীয়ৰ কাৰণে। তদুপৰি মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি কয় যে ৰাইজ নিৰ্বাচন আহি আছে। নিৰ্বাচন আহি আছে কাৰণে সকলোবিলাক গাঁৱলৈ আহি আছে। আমি আহিয়ে থাকো। নিৰ্বাচন আহি আছে কাৰণে কংগ্ৰেছ দলে ক’ৰবাত চাঙে চাঙে গৈছে। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। ১০ বছৰে বিধায়ক হৈ থাকিও ভূপেন বৰাই বিহপুৰীয়াৰ পৰা লালুকৰ ৰাস্তাটো বনাব নোৱাৰিলে বুলি কয় মন্ত্ৰী পীয়ূষ হাজৰিকাই। আৰু সেই কাৰণে তেওঁ দুবাৰকৈ হাৰিব লগা হ’ল বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতা ভৰত নৰহকো চোকা সমালোচনা কৰে। এই গণ সমাৱেশত সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, দেউৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, জিলা প্ৰভাৰী তথা এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা সহিতে দলৰ আন আন বিষয়ববীয়া-কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

You might also like