নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনতেৰাছত গহনা বিপণীত উবুৰি খাই পৰিল গ্রাহক

🔹 হিন্দী বলয়ৰ সংস্কৃতিত উটি গ’ল উৎসৱ-বলিয়া অসমীয়া

ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ নৱেম্বৰ : ৰাজ্যজুৰি উলহ–মালহেৰে উদযাপন কৰা হয় দেশৰ হিন্দী বলয়ৰ অগ্রণী তথা ঐশ্বর্য ধনপ্রাপ্তিৰ উৎসৱ ধনতেৰাছ৷ জনবিশ্বাস অনুসৰি দীপাৱলীৰ পূর্বে কৃষ্ণপক্ষৰ দিনা অনুষ্ঠিত এই উৎসৱত দেৱী লক্ষ্মীৰ লগতে আয়ুর্বেদ শাস্ত্রৰ উপাস্য দেৱতা ধনন্তৰীক পূজা কৰা হয়৷ দেৱলোকৰ চিকিৎসকখ্যাত ধনন্তৰী পূজা আগবঢ়ালে সুস্থ জীনৱৰ আশীর্বাদপ্রাপ্ত হোৱাৰ লগতে দেৱী লক্ষ্মীৰ আৰাধনা কৰিলে ধন–ঐশ্বর্যৰ অভাৱ নোহোৱা হয় বুলি সুদীর্ঘকাল জনবিশ্বাস ৰাইজৰ মাজত প্রচলিত হৈ আহিছে৷ উক্ত বিশ্বাসক সাৰোগত কৰিয়েই ধনতেৰাছৰ দিনাখন লোকাৰণ্য হৈ পৰিল মহানগৰীৰ গহনাৰ বিপণীসমূহ৷ উল্লেখ্য যে মূলতঃ হিন্দী বলয়ৰ প্রধান উৎসৱ ধনতেৰছ৷ এই উৎসৱৰ দিনাখন সামর্থ্য অনুসৰি সোণৰ গহনা ক্রয় কৰিলে দেৱী লক্ষ্মীৰ কৃপা আহে বুলি হিন্দী বলয়ৰ মাজত বিশ্বাস চলি আহিছে৷ কিন্তু পৰিৱর্তনৰ ধামখুমীয়াত নিজস্বতাক পাহৰি যোৱা উৎসৱ-বলিয়া অসমীয়াৰ বাবে কালি ধনতেৰাছ যেন হৈ পৰিল জাতীয় উৎসৱ৷ এফালে মূল্যবৃদ্ধিয়ে ৰাইজক কঁকাল পোনাব নোৱাৰা কৰিছে বুলি বিভিন্ন সময়ত সৰৱ চর্চা চলি আহিছে৷ কিন্তু ধনতেৰাছৰ দিনটোত মহানগৰীৰ বাটে–ঘাটে সোণৰ গহনা কিনিবলৈ অসমীয়াৰ বৃহৎ জনসমাগমে মূল্যবৃদ্ধিৰ চর্চা একপ্রকাৰ গুৰুত্বহীন কৰি পেলালে৷ অধিকাংশ গহনা বিপণীত কালি দিনৰ ভাগৰ পৰা বিৰদি বাট নোপোৱা অৱস্থা৷ নিশা প্রায় ১১ বজালৈকে এই অচলাৱস্থা অব্যাহত থাকিল৷ উল্লেখ্য যে কালিৰ দিনটোত বজাৰত ২৪ কেৰেট সোণৰ দাম প্রায় ৬৪ হাজাৰ টকা হোৱাৰ পৰিৱর্তে ২২ কেৰেট সোণৰ দাম প্রায় ৫৯,২০০ টকা চলিল ৷ গ্রাহকক আকর্ষিত কৰিবলৈ গহনা প্রতিষ্ঠানবোৰে নির্মাণ খৰচত ৰেহাইসহ বিভিন্ন আকর্ষণীয় অফাৰ আগবঢ়াইছে৷ কেইবাখনো বৃহৎ গহনাৰ প্রতিষ্ঠানৰ কর্মচাৰীৰ মতে, পূর্বৰ তুলনাত এইবাৰ গ্রাহকৰ সঁহাৰি অভূতপূর্ব৷ গ্রাহকৰ এনে ভিৰ প্রত্যক্ষ কৰি প্রতিষ্ঠানসমূহে অতি কমেও ধনতেৰাছৰ দিনটোত ২০ কোটি টকাৰ ব্যৱসায় কৰাৰ লক্ষ্য স্থিৰ কৰে ৷ একেদৰেই সোণ ক্রয় কৰিবলৈ অপাৰগ হোৱাসকলে ধনতেৰাছ উপলক্ষত যিকোনো বাচন অথবা ঝাড়ু এডাল হ’লেও ক্রয় কৰা দেখা গ’ল৷ মুঠৰ ওপৰত ধনতেৰাছ বুলি কোনো কাৰণত পিছ পৰি নাথাকিল উৎসৱ-বলিয়া অসমীয়া৷ ইপিনে, ধনতেৰাছত সোণ ক্রয়ৰ সুতীব্র বাসনা লৈ অহা জনতাৰ বৃহৎ সমাগমে সমগ্র গুৱাহাটী আবদ্ধ কৰি পেলালে৷ মহানগৰীৰ যিফালেই যোৱা যায়, সেইফালেই মাথোঁ তীব্র যান–জঁট৷ মহানগৰীৰ অন্যতম গুৰুত্বপূর্ণ পথ জি এছ ৰোড বিয়লিৰ পৰাই যান–জঁটত বিধ্বস্ত হৈ পৰিল৷ একেদৰেই বিৰদি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হ’ল ফাঁচীবজাৰত৷ যান–বাহন নিয়ন্ত্রণৰ দায়িত্বত ব্যস্ত যান–বাহন আৰক্ষীও যেন অসহায় হৈ পৰিল৷ নিশা বহু পৰলৈকে মহানগৰীৰ কেইবাটাও গুৰুত্বপূর্ণ বাট–পথ যান–জঁটত আবদ্ধ হৈ থকা দেখা গ’ল৷ হিন্দী বলয়ৰ গুৰুত্বপূর্ণ উৎসৱক অগ্রাধিকাৰ দিয়া উৎসৱ-বলিয়া অসমীয়াৰ সক্রিয় অংশগ্রহণে পুনৰ প্রতিফলিত কৰিলে নিজৰটো এৰি আনৰটোক বৰপীৰা পাৰি দিয়া অসমীয়াৰ উদাৰ মনোবৃত্তি৷

You might also like