নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰপূজীয়া চৰকাৰী মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান সম্পন্ন

🔹 স্মৃতিগ্ৰন্থ ‘শতস্মৃতি’ উন্মোচন

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰ : বাৰপূজীয়া চৰকাৰী মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ দ্বিতীয় দিনাৰ আজিৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। ১৯২৪তে স্থাপন হোৱা বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ পৌৰাণিক শিক্ষানুষ্ঠানখনৰ শতবৰ্ষ অনুষ্ঠানৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আজি পুৱা পৰিৱেশ নিকাকৰণৰ পিছত ন বজাত সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয় । বিধায়ক ৰমাকান্ত দেউৰীয়ে উদ্বোধন কৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাটিত  গায়ন-বায়ন, দিহানাম, বিহু, পাতি-ঢোল, লাংখন নৃত্য, দৰা-কইনা, জাকৈ-খালৈৰে মাছমৰীয়া দলেকে ধৰি বিভিন্ন অসমীয়া কৃষ্টি-সংস্কৃতিৰ নান্দনিক শোভাযাত্ৰাৰে সমগ্ৰ বাৰপূজীয়াৰ আকাশ-বতাহ মুখৰিত কৰি তোলে। প্ৰায় ৫ কিলোমিটাৰ পদব্ৰজে সাংস্কৃতিক শোভাযাত্ৰাটিয়ে পথচাৰীক আকৰ্ষিত কৰে । বিয়লি বিশিষ্ট সমাজকৰ্মী বলোৰাম ডেকা ৰজাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সাহিত্যিক-শিক্ষক বলীন্দ্ৰ ডেকাৰজাই আঁত ধৰা সভাত আদৰণী ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন্দ্ৰ ডেকা ৰজাই। সভাত শতবাৰ্ষিকী অনুষ্ঠান উপলক্ষে বলীন্দ্ৰ ডেকা ৰজাৰ সম্পাদনাত প্ৰকাশতি স্মৃতিগ্ৰন্থ “শতস্মৃতি” উন্মোচন কৰে বিশিষ্ট কবি-সাহিত্যিক তথা নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে । স্মৃতিগ্ৰন্থ উন্মোচন কৰি ড° বৰকটকীয়ে কয়- ” ইংৰাজী ভাষাৰ মাধ্যমৰ আগ্ৰাসনে অসমীয়া ভাষাৰ মাধ্যমৰ ওপৰত প্ৰভাৱ পেলাইছে । যাৰ ফলত বহু অভিভাৱক ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ প্ৰতি আগ্ৰহান্বিত হোৱাৰ বাবে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰতি ভাবুকি আহি পৰিছে ।” বিশিষ্ট কবি ড° বৰকটকীয়ে আৰু কয় যে অতিমাৰী কভিডৰ পিছৰ পৰা অধ্যয়নৰ প্ৰতি মানুহৰ আগ্ৰহ হ্ৰাস হৈ পৰিছে ।

গ্ৰন্থ-বাতৰি কাকত পঢ়াৰ আগ্ৰহ মানুহৰ নোহোৱা হ’ল । যাৰ ফলত উঠি অহা প্ৰজন্মৰ মাজত ম’বাইল সংস্কৃতিয়ে প্ৰভাৱ পেলাইছে । সভাত আন এজন বিশিষ্ট অতিথি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ভাষণত কয় যে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশত শিক্ষক আৰু অভিভাৱকৰ ভূমিকা অপৰিসীম । প্ৰতিজন ছাত্ৰক প্ৰকৃত মানৱ সম্পদ ৰূপে গঢ়ি তুলিলেহে সমাজ তথা দেশ এখনে প্ৰগতিৰ দিশত ধাৱমান হ’ব । বিধায়ক দাসে বিদ্যালয়খনৰ আন্ত:গাঁথনি উন্নয়নৰ বাবে পাঁচ লাখ টকা অনুদান আগবঢ়োৱাৰ কথা উল্লেখ কৰে । সভাত তিৱা সাহিত্য সভাৰ সম্পাদক ড° বিদ্যুত বিকাশ সেনাপতিয়ে বিশিষ্ট অতিথিৰ ভাষণত কয় যে ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থ অধ্যয়নৰ বাবে আগ্ৰহী কৰি তুলিবলৈ অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে । তেতিয়াহে কৃতকাৰ্যতা লভিব পাৰিব । সভাত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক ড° অসীম দাস, বাৰপূজীয়া জিলা পৰিষদৰ সদস্য যতীন দাস, প্ৰাক্তন অধ্যক্ষ কনক বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক অৱনী মোহন ডেকা, ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ পাটৰকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তিয়ে শতবৰ্ষ অনুষ্ঠানটিত ভাষণ প্ৰদান কৰে । সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । সাংস্কৃতিক অনুষ্ঠানটিত তিৱা লোকনৃত্যৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী সম্পন্ন হয়।

প্ৰেৰক মানস নাথ

You might also like